DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভোটাৰক ভাবুকি : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

কংগ্ৰেছক ভোট দিলে চৰকাৰী কৰ্মচাৰীক বদলি কৰা হ’ব বুলি কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2018 8:59 pm
Chandra Mohan

পঞ্চায়ত নিৰ্বাচনী সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ফটো।

759
VIEWS
Share on FacebookShare on Twitter

৭ ডিচেম্বৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰৰোচনামূলক মন্তব্য আৰু ভীতি প্ৰদৰ্শন কৰা বুলি আজি বিজেপিৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগত অভিযোগ দিয়ে।

ৰিপুণ বৰাৰ নেতৃত্বত যোৱা অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়-ববীয়াৰ এটা দলে এই অভিযোগ দাখিল কৰে।

অভিযোগ পত্ৰখনত উল্লেখ কৰা মতে, ৭ ডিচেম্বৰত বিজেপিৰ মন্ত্ৰীজনৰ নিজৰ সমষ্টি ধৰ্মপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অতি প্ৰৰোচনামূলক মন্তব্য দিছিল।

“উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰৰ নামত ভোটাৰক ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে ব্লেকমেইলিং কৰি নিৰ্বাচনী আচৰণ বিধিৰ চূড়ান্ত উলংঘন আৰু অৱমাননা কৰিছে।” এইদৰে কোৱা হয় অভিযোগ পত্ৰখনত।

দলটোৱে মন্ত্ৰীজনৰ এই কাৰ্য্যক গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি চূড়ান্ত ভেঙুচালি আৰু অপমান বুলি অভিহিত কৰে।

APCC Complains
অসম প্ৰদেশ কংগ্ৰেছৰ অভিযোগপত্ৰখন।

অভিযোগ মতে, মন্ত্ৰী পাটোৱাৰীয়ে কংগ্ৰেছ দলক নিৰ্বাচনত সমৰ্থন জনালে নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতে সমৰ্থনকাৰীসকলক ভাড়াতীয়া গুণ্ডা লগাই হত্যা কৰা হ’ব। লগতে কংগ্ৰেছক ভোট দিলে চৰকাৰী চাকৰিয়ালসকলক বদলি কৰা হ’ব বুলিও মন্তব্য কৰে।

ইয়াৰোপৰি, মন্ত্ৰীজনে ‘আন দলৰ পৰা পঞ্চায়ত সভাপতি বা কাউন্সিলৰ জয়ী হ’লে কেনেকৈ কাম কৰে মই চাই ল’ম’ বুলিও ভাবুকি দিয়ে।

“মই যদি মুখ্য কাৰ্য্যবাহী বিষয়া, বি ডি অ’ক যদি কওঁ যে বেলেগ দলৰ সভাপতি, কাউন্সিলৰৰ কথা নুশুনিব, তেওঁলোকৰ কলিজা আছে নেকি মোৰ কথা অমান্য কৰিবলৈ।” এইদৰে কৈছিল মন্ত্ৰীজনে।

উল্লেখযোগ্য যে ৭ ডিচেম্বৰৰ সভাখনত উদ্যোগ মন্ত্ৰীজনে কৰা মন্তব্যবোৰক লৈ ছ’চিয়েল মিডিয়াতো সৰৱ চৰ্চা হৈ আছে। মন্ত্ৰীজনৰ এই ফেচিবাদী চৰিত্ৰক উত্তৰ ভাৰতৰ ৰাজনীতিকসকলৰ সৈতে মিল আছে বুলি আখ্যা দিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।

Recent News

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডেোৰৰ  সন্ত্ৰাস!

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডেোৰৰ সন্ত্ৰাস!

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd