• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধি – চৰকাৰৰ শুভ বুদ্ধি উদয়ৰ কামনাৰে বঙাইগাঁৱৰ মা বাঘেশ্বৰী মন্দিৰত পূজা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
October 13, 2021 1:54 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত দেশৰ যিটো পৰিস্থিতি মূল্যবৃদ্ধিয়ে ৰাইজক যেনে ধৰণে কোঙা কৰিছে, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যি আকাশলংঘী দাম এইবিলাকৰ পৰা ৰাইজে কেনেদৰে পৰিত্ৰাণ পায় তাৰ বাবে এতিয়া আমি দেৱীৰ চৰণত শৰণ লোৱাৰ বাহিৰে আৰু আন উপায় নাই ৷

এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে পুৱাৰ ভাগত বঙাইগাঁও চহৰৰ ইতিহাস প্ৰসিদ্ধ মা বাঘেশ্বৰী মন্দিৰত উপস্থিত হৈ অসমবাসীৰ মংগল কামনা কৰি পূজা – অৰ্চনা কৰি মা বাঘেশ্বৰীৰ আশীষ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

Apply Now

বৰাই কয় যে সাধাৰণতে আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে চৰকাৰক আহ্বান জনাব লাগে ,কিন্তু চৰকাৰে হাত দাঙি দিছে ৷ গতিকে দেৱীৰ চৰণত শৰণ ল’বলগীয়া হৈছে ৷

চৰকাৰে এতিয়া পৰামৰ্শ দিছে মটৰ চাইকেলত তিনিজন যাবৰ কাৰণে ৷ কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে তেলতকৈ বেছি দামী পানী খাই থাকে তেওঁলোকে ৷ গতিকে তেলতকৈ বেছি দামী পানী খাই থকা মানুহে ৰাইজৰ দুখৰ কথা কেনেকৈ বুজিব ? মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ লৈ নমিনেচন দিবলৈ ঘূৰি ফুৰিছে আৰু মানুহক তথা সাংবাদিকসকলক কৈছে যে আপোনালোকে খোজকাঢ়ি ঘূৰি ফুৰিব ৷

এতিয়া আজি আপোনালোকে বঙাইগাঁৱত কমেও এশ কিলোমিটাৰ দিনটোত খোজ কাঢ়িব লাগিব ৷ এনেকুৱা ধৰণৰ চিন্তা- চৰ্চাৰে তথা এনেকুৱা পৰামৰ্শৰে দেশ চলাব বিচৰা মানুহখিনিকো যাতে দেৱী মায়ে শুভ বুদ্ধি দি তেওঁলোকৰ মনত যাতে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি অলপমান হলেও চিন্তা , চেতনা আৰু অনুকম্পা আহে আৰু বৰ্তমান ৰাইজে যে পূজাৰ মাজত মূল্যবৃদ্ধিৰ ফলত চকুৰে সৰিহফুল দেখিছে তথা মূল্যবৃদ্ধিয়ে পূজাৰ গোটেই আনন্দটোকে হেঁচা মাৰি ধৰিছে তাৰ কাৰণে চৰকাৰৰ যাতে অলপ শুভবুদ্ধি আহে তাৰ কাৰণেও মা দূৰ্গাৰ ওচৰত আৰু মা বাঘেশ্বৰী মন্দিৰত প্ৰণিপাত জনোৱা বুলি কয় ৷

আমহাতে মটৰ চাইকেলত তিনিজনকৈ উঠিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতিৰ অদ্ভূত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে প্ৰথমে সাংবাদিকসকলকহে পৰামৰ্শ দিছে ৷ সাংবাদিকসকলেতো সদায় গাড়ীত ঘূৰি ফুৰে ৷ গতিকে এতিয়া আৰু আপোনালোকক লাইভ ভান নালাগে ৷

কেমেৰা এটা লৈ পুৱাই আপোনালোকে ঘৰৰ পৰা ওলাব ৷ বঙাইগাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰ পুৱাই আপোনালোকে পাব লাগিব ৷ তাৰ পিচত নিশা দুই বজাত আপোনালোকে ঘৰ পাবহি ৷ এনেকুৱা পৰামৰ্শ ,এনেকুৱা ধৃষ্টতা আৰু এনেকুৱা ধৰণৰ চিন্তা – চৰ্চা কেতিয়া আহে ?

কাৰণ এওঁলোকৰ এতিয়া মাটিত ভৰিয়েই নাই ৷ ক্ষমতাৰ ৰাগিত এনেকুৱা এটা পৰ্যায়লৈ গুচি গ’ল যে আমাক ভাৱিছে পৃথিৱীৰ মানুহ আৰু তেওঁলোক মানে স্বৰ্গৰ পৰা নামি অহা দেৱতা ৷ দেৱতাসকলৰ এতিয়া এয়াই বাণী ৷ এজন ৰামেশ্বৰ তেলীৰ দৰে মন্ত্ৰী যি শ্ৰমিকৰ ঘৰৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছে তেওঁকলৈ আমি গৌৰৱ কৰিছিলো ৷ এগৰাকী শ্ৰমিক নেতা শেষত কেন্দ্ৰীয় মন্ত্ৰী হৈছে ৷

তেওঁ এতিয়া মানুহক কয় যে আমিতো এতিয়া তেলতকৈ বেছি দামী পানী খাই আছো ৷ তেওঁ খাব পাৰে এশ টকাৰ ওপৰত পানী ৷ আমিতো খাই পোৱা নাই ৷ মইতো এতিয়ালৈকে অসমত এক লিটাৰ পানী এশ টকাৰে খাই পোৱা এজনকো লগ পোৱা নাই ৷ এজনেই পালো ৷ গতিকে এজনে যেতিয়া এশ টকাৰ ওপৰৰ পানী খাইছে তেওঁতো এইখন পৃথিৱীৰ মানুহ হ’বই নোৱাৰে৷ তেওঁতো স্বৰ্গৰ পৰা নামি অহা কোনোবা দেবাদি দেৱ দেৱতা হ’ব লাগিব ৷ সেইকাৰণে মই মা বাঘেশ্বৰীৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে এওঁলোকৰ মুখতো অলপ লেকাম দিয়ক ৷

হৃদয়ত অলপ ৰাইজৰ কাৰণে যদি অনুভূতি নাহে তেতিয়াহলে পুতৌ আহক ৷ লগতে সাংবাদিকসকলৰ প্ৰতিও অলপ সন্মান আহক ৷ কেনেকৈ সাংবাদিকসকলে পুৱাৰ পৰা গধুলিলৈকে দিনটো সমাজৰ স্বাৰ্থত ঘূৰি ফুৰে , কি পায় কি নাপায় একো অনুভৱেই নাই ৷ পোনচাতেই কৈ দিলে খোজ কাঢ়ি ঘূৰি ফুৰক ৷ এইধৰণৰ মানুহখিনিৰ বাবে এতিয়া আমি সকলোৱে ভাৱিছো যে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাব লাগিব যাতে এওঁলোকৰ সু বুদ্ধি উদয় হয় ৷

কাৰণ এওঁলোকৰ হাতত শাসনযন্ত্ৰ আছে ৷ গতিকে এওঁলোকৰ যদি বুদ্ধিৰ মতিভ্ৰম হ’বলগীয়া হয় , তেতিয়াহলে ৰাইজৰ আৰু বিপদ হ’ব ৷ এওঁলোকৰ মতিভ্ৰম হ’বলৈ আৰম্ভ হৈছে ৷ তেওঁলোকৰ সুস্থ মানসিকতাৰ কাৰণে এতিয়া আমি দেৱীৰ চৰণত প্ৰাৰ্থনা জনাব লাগে ৷

ইপিনে উপ নিৰ্বাচন সন্দৰ্ভত কি আশা কৰে বুলি সাংবাদিকে প্ৰশ্ন কৰাত সভাপতি বৰাই কয় যে এতিয়া আমি গোসাইগাঁওলৈ গৈ আছো আৰু গৈ থাকোতে বাঘেশ্বৰী মাৰ ওচৰত যি প্ৰাৰ্থনা জনাইছো আমাৰ বিশ্বাস অসমৰ ৰাউজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে ,অসমত বিৰোধী শক্তি শক্তিশালী কৰিবৰ কাৰণে অসম বিধান সভাত মূৰে ভৰি কৰা ক্ষমতাই মূৰত ধৰা এই চৰকাৰখনৰ বিৰুদ্ধে এক শক্তিশালী ৰাজহুৱা স্বাৰ্থত যুঁজ দিবৰ কাৰণে আহি থকা সময়ত আমাক মা বাঘেশ্বৰীয়ে আশীৰ্বাদ দিব আৰু সেই আশীৰ্বাদে আমাক বিজয়মালা পিন্ধাব বুলি আমি আশাবাদী ৷

গোসাইগাঁও সমষ্টিটো পূৰ্বে বিপিএফৰ দখলত থকাত এইবাৰ কি হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নত সভাপতি বৰাই কয় যে আমি এতিয়া মহাজোঁটত নাই ৷ কংগ্ৰেছ হিচাপে এতিয়া সেই অঞ্চলৰ এজন নিষ্ঠাবান সমাজকৰ্মী জুৱেল টুডুক প্ৰাৰ্থিত্ব দিয়া হৈছে ৷ বিপিএফ আৰু ইউপিপিএলৰ বৰ্তমান যিটো অৱস্থা সেইটো সকলো ৰাইজে দেখি আছে ৷ এটা সময়ত বড়োলেণ্ডৰ যি জাতীয়তাবাদ আৰু যি আঞ্চলিকতাবাদ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ নেতৃত্বত গঢ়ি উঠিছিল আজি সেই জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ আসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দবা খেলৰ পিলুৰ নিচিনা হ’ল ৷ দবা খেলত আমি যিদৰে খেলুৱৈসকলে কোনটো পিলু আগত দিম আৰু কোনটো পিচত দিম ভাৱি খেলি থাকো এতিয়া বিটিআৰ অঞ্চলৰ জাতীয়তাবাদ ,আঞ্চলিকতাবাদ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ওপৰত থকা দবা খেলৰ দুটা পিলু ৷

গতিকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে নিজৰ দলটোক এটা ৰাষ্ট্ৰীয়তাবাদী হিন্দুত্ববাদী দলৰ পকেটত ভৰাই দিব বিচৰা এই নেতাসকলক এতিয়া আৰু অসমৰ ৰাইজে বিশ্বাসত নলয় ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd