• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ তিনি জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ দিছে’, ৰিপুন বৰা

বিজেপিয়ে বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক : ৰিপুণ বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 6, 2020 8:56 pm
ৰিপুন বৰা

ৰিপুন বৰা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিজেপিয়ে বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক।” সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিযোগে এই দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইয়াৰোপৰি, যোৱা ৩ ছেপ্টেম্বৰত অসম বিধানসভাত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক গৃহীত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুণ বৰাই।

Apply Now

তেওঁ কয় “মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ সিদ্ধান্তক আদৰণি জনায়ো এই কথা স্বীকাৰ কৰিবই লাগিব যে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অংক কৰিয়েই বিজেপি চৰকাৰে এইদৰে মৰাণ, মটক আৰু কোচ ৰাজবংশীসকলৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে।”

“নাই মোমাইতকৈ কণা মোমাই ভাল বুলি ভাৱি স্বায়ত্তশাসিত পৰিষদ লাভ কৰাৰ বাবে উল্লিখিত জনগোষ্ঠী তিনিটাৰ একাংশ লোকে স্বাভাৱিকতে কিছু আনন্দ উল্লাস কৰিছে যদিও প্ৰকৃততে জনগোষ্ঠী তিনিটাৰ প্ৰতি বিজেপি চৰকাৰে চৰম অন্যায়হে কৰিছে।” বৰাই লগতে কয়।

কিয়নো, এই জনগোষ্ঠী তিনিটাই দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে আৰু সেয়া তেওঁলোকৰ প্ৰাপ্য বুলি বৰাই কয়।

তেওঁ লগতে কয় যে “বিজেপিয়ে বিগত দুটাকৈ লোকসভা নিৰ্বাচনত তথা বিগত বিধানসভা নিৰ্বাচনত মৰাণ, মটক আৰু কোচ ৰাজবংশীকে ধৰি চাহ জনগোষ্ঠী, টাই আহোম আৰু চুতীয়া-এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়ো পালন নকৰাৰ বাবে ইতিমধ্যে ব্যাপকভাৱে সমালোচিত হোৱা বিজেপিয়ে সমাগত বিধানসভা নিৰ্বাচনতো এই বিষয়টোক লৈ ৰাইজৰ প্ৰশ্নবাণৰ সন্মুখীন হ’ব সেইকথা উপলব্ধি কৰিয়েই এইদৰে খৰখেদাকৈ মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ উদ্যোগ লৈছে।”

“জনজাতিকৰণৰ বাবে দীঘলীয়া সংগ্ৰাম কৰা তিনিটা জনগোষ্ঠীক এইদৰে স্বায়ত্তশাসিত পৰিষদ দিয়ে সন্তুষ্ট কৰিব বিচৰা কাৰ্য এহাতেদি কণা হাঁহক পতান ধান দিয়াৰ দৰে হৈছে।” সভাপতি বৰাই উল্লেখ কৰে।

অন্যহাতেদি এই কাৰ্যৰ দ্বাৰা বিজেপিয়ে জনজাতিকৰণৰ দাবীত ইমানদিনে সন্মিলিতভাৱে যুঁজ দি অহা ছয় জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ কৰি এনে বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰিবলৈ বিজেপিক সকীয়াই দিয়াৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি মূল দাবী সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈয়ো দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

“ছয় জনগোষ্ঠীক কেতিয়া জনজাতিৰ মৰ্যাদা দিয়া হ’ব, সেই কথা বিজেপিয়ে স্পষ্টভাৱে ৰাইজক কোৱা উচিত। স্বায়ত্তশাসিত পৰিষদ দি বিজেপিয়ে মূল দাবীৰ পৰা ফালৰি কাটিলে নহ’ব।”

বৰাৰ প্ৰশ্ন “জনজাতিকৰণৰ দাবী তোলা চাহ জনগোষ্ঠী, চুতীয়া আৰু টাই আহোমসকলে এনে কি অপৰাধ কৰিলে যাৰ বাবে তেওঁলোকৰ নামত বিজেপি চৰকাৰে একো ঘোষণা কৰা নাই।”

“কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা অবিভক্ত গোৱালপাৰা অঞ্চলৰ কোচ ৰাজবংশীসকলক সামৰি লোৱা হৈছে যদিও সেই অঞ্চলটোৰ উপৰি সমগ্ৰ ৰাজ্যজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কোচ ৰাজবংশীক বঞ্চিত কৰা হ’ল কিয়?” বৰাই লগতে প্ৰশ্ন কৰি কয়।

বিজেপি চৰকাৰলৈ দাবী জনাই ৰিপুন বৰাই কয় “বিজেপিয়ে ললীপপৰ ৰাজনীতি বন্ধ কৰক। জনগোষ্ঠীসমূহৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰক।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd