• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ তিনি জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ দিছে’, ৰিপুন বৰা

বিজেপিয়ে বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক : ৰিপুণ বৰা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 6, 2020 8:58 pm

3 min read

বহিঃৰাজ্যত আৱদ্ধ ছাত্ৰ-ছাত্ৰীক নিজ ৰাজ্যলৈ ঘুৰাই অনাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান ৰিপুন বৰাৰ

ৰিপুন বৰা

340
VIEWS
Share on FacebookShare on Twitter

“বিজেপিয়ে বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক।” সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিযোগে এই দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইয়াৰোপৰি, যোৱা ৩ ছেপ্টেম্বৰত অসম বিধানসভাত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক গৃহীত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুণ বৰাই।

তেওঁ কয় “মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ সিদ্ধান্তক আদৰণি জনায়ো এই কথা স্বীকাৰ কৰিবই লাগিব যে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অংক কৰিয়েই বিজেপি চৰকাৰে এইদৰে মৰাণ, মটক আৰু কোচ ৰাজবংশীসকলৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে।”

“নাই মোমাইতকৈ কণা মোমাই ভাল বুলি ভাৱি স্বায়ত্তশাসিত পৰিষদ লাভ কৰাৰ বাবে উল্লিখিত জনগোষ্ঠী তিনিটাৰ একাংশ লোকে স্বাভাৱিকতে কিছু আনন্দ উল্লাস কৰিছে যদিও প্ৰকৃততে জনগোষ্ঠী তিনিটাৰ প্ৰতি বিজেপি চৰকাৰে চৰম অন্যায়হে কৰিছে।” বৰাই লগতে কয়।

কিয়নো, এই জনগোষ্ঠী তিনিটাই দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে আৰু সেয়া তেওঁলোকৰ প্ৰাপ্য বুলি বৰাই কয়।

তেওঁ লগতে কয় যে “বিজেপিয়ে বিগত দুটাকৈ লোকসভা নিৰ্বাচনত তথা বিগত বিধানসভা নিৰ্বাচনত মৰাণ, মটক আৰু কোচ ৰাজবংশীকে ধৰি চাহ জনগোষ্ঠী, টাই আহোম আৰু চুতীয়া-এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়ো পালন নকৰাৰ বাবে ইতিমধ্যে ব্যাপকভাৱে সমালোচিত হোৱা বিজেপিয়ে সমাগত বিধানসভা নিৰ্বাচনতো এই বিষয়টোক লৈ ৰাইজৰ প্ৰশ্নবাণৰ সন্মুখীন হ’ব সেইকথা উপলব্ধি কৰিয়েই এইদৰে খৰখেদাকৈ মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ উদ্যোগ লৈছে।”

“জনজাতিকৰণৰ বাবে দীঘলীয়া সংগ্ৰাম কৰা তিনিটা জনগোষ্ঠীক এইদৰে স্বায়ত্তশাসিত পৰিষদ দিয়ে সন্তুষ্ট কৰিব বিচৰা কাৰ্য এহাতেদি কণা হাঁহক পতান ধান দিয়াৰ দৰে হৈছে।” সভাপতি বৰাই উল্লেখ কৰে।

অন্যহাতেদি এই কাৰ্যৰ দ্বাৰা বিজেপিয়ে জনজাতিকৰণৰ দাবীত ইমানদিনে সন্মিলিতভাৱে যুঁজ দি অহা ছয় জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ কৰি এনে বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰিবলৈ বিজেপিক সকীয়াই দিয়াৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি মূল দাবী সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈয়ো দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

“ছয় জনগোষ্ঠীক কেতিয়া জনজাতিৰ মৰ্যাদা দিয়া হ’ব, সেই কথা বিজেপিয়ে স্পষ্টভাৱে ৰাইজক কোৱা উচিত। স্বায়ত্তশাসিত পৰিষদ দি বিজেপিয়ে মূল দাবীৰ পৰা ফালৰি কাটিলে নহ’ব।”

বৰাৰ প্ৰশ্ন “জনজাতিকৰণৰ দাবী তোলা চাহ জনগোষ্ঠী, চুতীয়া আৰু টাই আহোমসকলে এনে কি অপৰাধ কৰিলে যাৰ বাবে তেওঁলোকৰ নামত বিজেপি চৰকাৰে একো ঘোষণা কৰা নাই।”

“কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা অবিভক্ত গোৱালপাৰা অঞ্চলৰ কোচ ৰাজবংশীসকলক সামৰি লোৱা হৈছে যদিও সেই অঞ্চলটোৰ উপৰি সমগ্ৰ ৰাজ্যজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কোচ ৰাজবংশীক বঞ্চিত কৰা হ’ল কিয়?” বৰাই লগতে প্ৰশ্ন কৰি কয়।

বিজেপি চৰকাৰলৈ দাবী জনাই ৰিপুন বৰাই কয় “বিজেপিয়ে ললীপপৰ ৰাজনীতি বন্ধ কৰক। জনগোষ্ঠীসমূহৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰক।”

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd