• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক্ ক্ষণত বিজেপিলৈ প্ৰদেশ কংগ্রেছৰ ৬ টা চিধা প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 4:22 pm
APCC Question to BJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক ক্ষণত সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসমৰ ৰাইজৰ দুৰ্দশাৰ কথা ব্যক্ত কৰি প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰে।

প্ৰদেশ কংগ্রেছৰ কাৰ্যালয়ত আয়োজিত এই সংবাদমেলত বিজেপিৰ শাসনত হোৱা বিফলতাৰ ওপৰত ৰিপুন বৰাই প্ৰত্যক্ষভাৱে ৬ টা প্ৰশ্নৰ অৱতাৰণা কৰে।

Apply Now

“কা”-আইনৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰশ্ন-“আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰিব যে অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাক আওকাণ কৰি কিয় “কা” আইন বলবৎ কৰিবলৈ লৈছে? কেতিয়া তেখেতে জনসাধাৰণৰ কথা শুনিব আৰু “কা” প্ৰত্যাহাৰ কৰিব?”

ৰাজ্যখনত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ ওপৰত ৰিপুন বৰাৰ প্ৰশ্ন- “বিজেপিয়ে ২৫ লাখ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু যোৱা ৫ বছৰত মাত্ৰ ৮০ হাজাৰ লোকক সংস্থাপন দিবলৈহে সক্ষম হৈছে। যিটো প্ৰতিশ্ৰুতিৰ মাত্ৰ ৩শতাংশ। মোডী ডাঙৰীয়াই স্পষ্ট কৰিব নে কিয় তেখেত সকলৰ প্ৰতিশ্ৰুতি অনুসৰি ৯৭শতাংশ লোকক সংস্থাপন দিব নোৱাৰিলে?”

একেদৰে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত বৰাৰ প্ৰশ্ন-“চুতীয়া, কোচ-ৰাজবংশী, মৰাণ, মটক, টাই-আহোম আৰু চাহ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক বিজেপিয়ে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। বিজেপিয়ে এই প্ৰতিশ্ৰুতি পাহৰি গৈছে। এই জনগোষ্ঠী সমূহক প্ৰতাৰণা কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ ওচৰত ক্ষমা খুজিবনে?”

বিজেপিয়ে চাহ শ্ৰমিক সকলক কৰা ভুৱা প্ৰতিশ্ৰুতিৰ ওপৰত বৰাৰ প্ৰশ্ন- “বিজেপিয়ে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী ৩৫১ টকা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ৫ বছৰৰ অন্তত বিজেপিয়ে মাত্ৰ ২১৭ টকালৈ বৃদ্ধি কৰিলে। কেৰেলাত চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৮০ টকা।  কিয় অসমৰ চাহ শ্ৰমিকসকলক অৱহেলা কৰা হৈছে?”

সেইদৰে, সোণোৱাল চৰকাৰৰ দিনত অভাৱনীয় ভাৱে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত বৰাৰ প্ৰশ্ন- “অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য আজি সাধাৰণ জনতাৰ সামৰ্থৰ বাহিৰত। বিজেপি চৰকাৰৰ দিনত পুঁজিপতি সকল বেছি ধনী হোৱাৰ পৰিবৰ্তে সাধাৰণ জনতাই কিয় দাইল, শাক পাচলি কিনিবৰ বাবে অপাৰগ হৈছে? সাধাৰণ জনতাৰ উপাৰ্জন কমি যোৱাৰ ফলত দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী কিনিব গৈ তেওঁলোকে কেনেকৈ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰছ বহন কৰিব?”

আনহাতে, পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ অসমব্যাপি চলি থকা প্ৰতিবাদৰ ওপৰত বৰাৰ প্ৰশ্ন-” বিজেপি চৰকাৰে ৩০ টকাত পেট্ৰ’ল কিনি ৯০ টকাত বিক্ৰী কৰি আছে। এয়া বলপূৰ্বক সংগ্ৰহ নহয় জানো? এয়া দিন দুপৰতে ডকাইতি নহয় জানো?  সাধাৰণ জনতাই দুৰ্ভোগ ভুগি থকাৰ সময়তে পেট্ৰ’ল-ডিজেলৰ অত্যাধিক কৰৰ নামত বিজেপিয়ে তেওঁলোকৰ পুঁজিপতি বন্ধু সকলক ধনী কৰাৰ স্বাৰ্থত সাধাৰণ জনতাৰ পৰা বলপূৰ্বকভাৱে ধন কাঢ়ি লৈ আছে।”

অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্রেছৰ কেম্পেইন কমিটিৰ অধ্যক্ষ প্ৰদ্যুত বৰদলৈ, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈ, প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন, মিডিয়া সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ  আব্দুল খালেক, নিখিল ভাৰত মহিলা কংগ্রেছৰ অধ্যক্ষা সুস্মিতা দেৱকে ধৰি জেষ্ঠ কংগ্রেছ নেতা সকলে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই উত্থাপন কৰা এই ৬ টা প্ৰশ্ন সামাজিক মাধ্যমযোগে উপস্থাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd