• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিয়ে ধ্বংস কৰিলে অসম! তেল খৰছ কৰি বাছ যাত্ৰাৰে অসম বচাব কংগ্ৰেছে

NE NOW NEWS জাহ্নৱী বৰুৱা
গুৱাহাটী , February 10, 2021 5:16 pm

2 min read

IMG_20210210_123301
185
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে অসমখন ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছে।

সেয়েহে ডিজেলৰ বৰ্দ্ধিত মূল্য হোৱাৰ পাছতো সমগ্ৰ অসমত পর্যায়ক্ৰমে “অসম বচাওঁ আহক” শীৰ্ষক বাছ যাত্ৰা কৰিব প্ৰদেশ কংগ্ৰেছে।

ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

উক্ত সংবাদমেলত বৰদলৈয়ে কয় “এই যাত্ৰাসমূহৰ জৰিয়তে,দলৰ শীৰ্ষ নেতৃত্বই ৰাজ্যখনৰ আনকি একেবাৰে দূৰণিবটীয়া অঞ্চলসমূহলৈয়ো গৈ ৰাজ্যখনৰ জৰুৰী বিষয় তথা সমস্যাৰাজি লৈ ৰাইজৰ সৈতে আলোচনা কৰিব”।

“আজি অসম গভীৰ সংকটৰ মুখামুখি হৈছে।ৰাজ্যখনৰ শান্তি আৰু সমমৃদ্ধি এই দুয়োটাই আজি বিজেপিৰ পৰা অহা ভাবুকিৰ সন্মুখীন হৈছে। এই সংকটৰপৰা আমাৰ ৰাজ্যখনক ৰক্ষা কৰিবলৈ হ’লে আমি আমাৰ ভৱিষ্যতৰ এটা নতুন অভিকল্পনাৰ বাবে ৰাইজৰ ওচৰলৈ যাবই লাগিব।” বৰদলৈয়ে লগতে কয়

বৰদলৈয়ে জানিব দিয়া অনুসৰি এই যাত্ৰা আৰম্ভ হব ১২ ফেব্ৰুৱাৰীৰ পৰা।শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান তথা নগাওঁ জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদোৱা সত্ৰৰ পৰা শুভযাত্ৰা আৰম্ভ হব।

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উক্ত দিনাই শিৱসাগৰৰ পৰা এই বাছ যাত্ৰা আৰম্ভ কৰিব।

এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় যে “বিজেপিৰ অপশাসনত ৰাজ্যখনৰ অনিষ্ট হৈছে । মোৰ এই যাত্ৰাত মই মত বিনিময় কৰিম আমাৰ সমাজৰ বিবিধতা প্ৰতিফলিত কৰা বিভিন্ন শ্ৰেণীৰ লোকসকলৰ সৈতে, যাতে আমি বুজি ল’ব পাৰো অসমলৈ শান্তি ঘূৰাই আনিবলৈ হ’লে, অহা পাঁচ বছৰত কি কি কাম কৰাৰ প্ৰয়োজন আছে। “

আনহাতে একেখন সংবাদমেলত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ” কংগ্ৰেছ দল যাব ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ দুৱাৰদলিলৈ, যোৱা পাঁচ বছৰে বিজেপিৰ অপশাসনত তেওঁলোকে সন্মুখীন হোৱা দুখ-দুৰ্দশা আৰু অভাৱ-অভিযোগৰ বুজ ল’বলৈ।”

কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ যাত্ৰা আৰম্ভ কৰিব গুৱাহাটীৰ পৰা ।

গগৈয়ে কয় যে ” মৰিগাঁও জিলাৰ জাগীৰোড হৈ কৰিবলগীয়া মোৰ যাত্ৰাৰ সময়ছোৱাত মই লগ ধৰিম দলীয় কৰ্মীসকলক আৰু সাধাৰণ জনতাক আৰু তেওঁলোকৰ উদ্বেগসমূহৰ বুজ ল’ম।”

আনহাতে মহিলা  কংগ্ৰেছৰ মুৰব্বী সুস্মিতা দেৱে তেওঁৰ যাত্ৰা আৰম্ভ কৰিব তেওঁৰ গৃহ চহৰ শিলচৰৰ পৰা আৰু এই যাত্ৰা সামৰি ল’ব বৰাক উপত্যকা।

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd