• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে ধ্বংস কৰিলে অসম! তেল খৰছ কৰি বাছ যাত্ৰাৰে অসম বচাব কংগ্ৰেছে

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
February 10, 2021 5:10 pm
IMG_20210210_123301
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে অসমখন ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছে।

সেয়েহে ডিজেলৰ বৰ্দ্ধিত মূল্য হোৱাৰ পাছতো সমগ্ৰ অসমত পর্যায়ক্ৰমে “অসম বচাওঁ আহক” শীৰ্ষক বাছ যাত্ৰা কৰিব প্ৰদেশ কংগ্ৰেছে।

Apply Now

ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

উক্ত সংবাদমেলত বৰদলৈয়ে কয় “এই যাত্ৰাসমূহৰ জৰিয়তে,দলৰ শীৰ্ষ নেতৃত্বই ৰাজ্যখনৰ আনকি একেবাৰে দূৰণিবটীয়া অঞ্চলসমূহলৈয়ো গৈ ৰাজ্যখনৰ জৰুৰী বিষয় তথা সমস্যাৰাজি লৈ ৰাইজৰ সৈতে আলোচনা কৰিব”।

“আজি অসম গভীৰ সংকটৰ মুখামুখি হৈছে।ৰাজ্যখনৰ শান্তি আৰু সমমৃদ্ধি এই দুয়োটাই আজি বিজেপিৰ পৰা অহা ভাবুকিৰ সন্মুখীন হৈছে। এই সংকটৰপৰা আমাৰ ৰাজ্যখনক ৰক্ষা কৰিবলৈ হ’লে আমি আমাৰ ভৱিষ্যতৰ এটা নতুন অভিকল্পনাৰ বাবে ৰাইজৰ ওচৰলৈ যাবই লাগিব।” বৰদলৈয়ে লগতে কয়

বৰদলৈয়ে জানিব দিয়া অনুসৰি এই যাত্ৰা আৰম্ভ হব ১২ ফেব্ৰুৱাৰীৰ পৰা।শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান তথা নগাওঁ জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদোৱা সত্ৰৰ পৰা শুভযাত্ৰা আৰম্ভ হব।

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উক্ত দিনাই শিৱসাগৰৰ পৰা এই বাছ যাত্ৰা আৰম্ভ কৰিব।

এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় যে “বিজেপিৰ অপশাসনত ৰাজ্যখনৰ অনিষ্ট হৈছে । মোৰ এই যাত্ৰাত মই মত বিনিময় কৰিম আমাৰ সমাজৰ বিবিধতা প্ৰতিফলিত কৰা বিভিন্ন শ্ৰেণীৰ লোকসকলৰ সৈতে, যাতে আমি বুজি ল’ব পাৰো অসমলৈ শান্তি ঘূৰাই আনিবলৈ হ’লে, অহা পাঁচ বছৰত কি কি কাম কৰাৰ প্ৰয়োজন আছে। “

আনহাতে একেখন সংবাদমেলত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ” কংগ্ৰেছ দল যাব ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ দুৱাৰদলিলৈ, যোৱা পাঁচ বছৰে বিজেপিৰ অপশাসনত তেওঁলোকে সন্মুখীন হোৱা দুখ-দুৰ্দশা আৰু অভাৱ-অভিযোগৰ বুজ ল’বলৈ।”

কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ যাত্ৰা আৰম্ভ কৰিব গুৱাহাটীৰ পৰা ।

গগৈয়ে কয় যে ” মৰিগাঁও জিলাৰ জাগীৰোড হৈ কৰিবলগীয়া মোৰ যাত্ৰাৰ সময়ছোৱাত মই লগ ধৰিম দলীয় কৰ্মীসকলক আৰু সাধাৰণ জনতাক আৰু তেওঁলোকৰ উদ্বেগসমূহৰ বুজ ল’ম।”

আনহাতে মহিলা  কংগ্ৰেছৰ মুৰব্বী সুস্মিতা দেৱে তেওঁৰ যাত্ৰা আৰম্ভ কৰিব তেওঁৰ গৃহ চহৰ শিলচৰৰ পৰা আৰু এই যাত্ৰা সামৰি ল’ব বৰাক উপত্যকা।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd