• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ খচৰাত বিদেশীৰ নাম সোমোৱাৰ পাছতো নিমাত দেশৰ মহাপঞ্জীয়ক : অভিজিৎ শৰ্মা

এইবাৰ মহাপঞ্জীয়কক ধৰিলে আসাম পাব্লিক ৱৰ্কছে

by
September 8, 2018 7:16 pm
APW

৮ ছেপ্তেম্বৰত গুৱাহাটীৰ দিচপুৰ প্ৰেচ ক্লাবত সংবাদমেল অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া মানুহৰ বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত দেখা দিয়া বিসংগতি সন্দৰ্ভত দেশৰ মহাপঞ্জীয়কৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰিছে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে।

৮ ছেপ্তেম্বৰত গুৱাহাটীৰ দিচপুৰ প্ৰেচ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এন আৰ চিৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা অাসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই এন আৰ চি প্ৰক্ৰিয়াৰ বিভিন্ন খেলিমেলি মহাপঞ্জীয়কৰ ভুলৰ বাবেও হোৱা বুলি মন্তব্য কৰে।

Apply Now

শৰ্মাই কয়, “মৰিগাঁও জিলাত ৩৯টা বাংলাদেশীৰ পৰিয়ালৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত সোমোৱা বুলি মৰিগাঁৱৰ উপায়ুক্ত হেমেন দাসে তথ্য প্ৰকাশ কৰিছে। খাইৰুল ইছলাম নামৰ এজন বিদেশী হিচাপে চিনাক্ত হোৱা লোক মিকিৰভেটাৰ এন আৰ চি সেৱা কেন্দ্ৰত কাম কৰি আছে। ঢেকীয়াজুলিৰ বহুতো ডি ভোটাৰৰ নাম খচৰাত সোমাইছে। এই সমূহ বিসংগতিৰ পাছতো আজিলৈ দেশৰ মহাপঞ্জীয়ক নিমাত হৈ আছে। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দায়িত্ব আছিল মহাপঞ্জীয়কৰহে।”

তেওঁ লগতে কয় যে আসাম পাব্লিক ৱৰ্কছে ২০১৫ চনৰ ৮ ডিচেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এখন স্মাৰকপত্ৰৰ লগত সংলগ্ন কৰি বংশবৃক্ষ পৰীক্ষণৰ এক মডেলিটি প্ৰদান কৰিছিল। কিন্তু সেই মডেলিটি অনুসৰি ডি এম আই টি ফৰ্ম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ বাবেই বংশবৃক্ষ পৰীক্ষণ প্ৰক্ৰিয়াটোত সুৰুঙা থাকি গ’ল বুলি মন্তব্য কৰে।

“আমি প্ৰদান কৰা মডেলিটি অনুসৰি ১৯৬০ চনৰ পৰা ২০১৪ চনলৈ এজন লোক ক’ত ক’ত আছে সেইটো প্ৰকাশ পায়। দেশৰ মহাপঞ্জীয়কে এই মডেলিটি অনুসৰিয়েই ডি এম আই টি ফৰ্ম প্ৰস্তুত কৰিলে। কিন্তু সেই কামটো ভালকৈ নহ’ল। বিভাগে কামটো ঠিকেই কৰিছিল কিন্তু তলতীয়া কৰ্মচাৰীসকলে ভালকৈ কামটো কৰা নাই। যাৰ বাবে সন্দেহযুক্ত বিদেশীৰ নাম এন আৰ চিৰ খচৰাত সোমাই গ’ল”, অভিজিৎ শৰ্মাই কয়।

তেওঁ কয় যে অসমত এন আৰ চি উন্নীতকৰণৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ কাম চলি থকাৰ পাছতো ভাৰতৰ মহাপঞ্জীয়কক অসমত মাত্ৰ খচৰা দুখন প্ৰকাশ কৰা দুটা দিনতহে দেখা পোৱা গৈছে। মহাপঞ্জীয়কে অসমত এটা কাৰ্যালয় স্থাপন কৰি এন আৰ চি উন্নীতকৰণৰ কাম কাজ চোৱাচিতা কৰি থাকিব লাগিছিল বুলিও তেওঁ মন্তব্য কৰে।

আনকি, লিগেচিৰ কিনা-বেচা হোৱা বুলি প্ৰতীক হাজেলাই জনোৱাৰ পাছতো ইয়াৰ দায়িত্বত থকা মহাপঞ্জীয়কে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিজিৎ শৰ্মাই ক্ষোভ ব্যক্ত কৰে।

একেখন সংবাদমেলতে শৰ্মাই উচ্চতম ন্যায়ালয় আৰু সাধাৰণ ৰাইজৰ মাজত যোগসূত্ৰ স্থাপনৰ বাবে এখন Third Party Monitoring Committee গঠন কৰাৰ প্ৰয়োজনীয়তা আছে বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়লৈ আসাম পাব্লিক ৱৰ্কছে এক পৰামৰ্শও প্ৰেৰণ কৰা বুলি তেওঁ মন্তব্য কৰে।

“এখন Third Party Monitoring Committee থাকিলে অসমত বিভিন্ন অঞ্চলত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত কি ঘটি আছে সেয়া উচ্চতম ন্যায়ালয়ক তেওঁলোকৰ যোগেদি জনাব পাৰিব। অন্যথা সাধাৰণ ৰাইজৰ কোনো কথা জনাব লগীয়া থাকিলে সেয়া জনোৱাৰ কোনো উপায় নাই।”

উল্লেখ্য যে, এন আৰ চিৰ খচৰাত বিদেশীৰ নাম সোমোৱা আদিৰ দৰে কথা এন আৰ চি কৰ্তৃপক্ষ আৰু ভাৰতৰ মহাপঞ্জীয়কে উচ্চতম ন্যায়ালয়ক জনোৱা নাছিল বুলিও অভিজিৎ শৰ্মাই জানিবলৈ দিয়ে।

সংবাদমেলত আসাম পাব্লিক ৱৰ্কছৰ উপদেষ্টা বিতু তালুকদাৰে শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত খচৰাৰ ১০ শতাংশ পুনৰীক্ষণৰ বাবে দিয়া নিৰ্দেশক আদৰণি জনায়।

তেওঁ কয়, “এই দহ শতাংশৰ ভিতৰত যদি এজনো বিদেশীৰ নাম থকা বুলি ধৰা পৰে তেতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰীক্ষণ কৰিব লাগিব। আমি যিহেতু অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পৰা ৩৩ বছৰ অপেক্ষা কৰিব পাৰিছো গতিকে আৰু কিছু ধৈৰ্য্য ধৰিম তথাপিতো যাতে জাতিৰ এখন শুদ্ধ দলিল প্ৰকাশ পাব লাগে।”

ইয়াৰ উপৰি এন আৰ চিৰ চূড়ান্ত খচৰাত বিদেশীৰ নাম সোমোৱাৰ বিপৰীতে বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰা বিষয়টোত আক্ষেপ প্ৰকাশ কৰি অভিজিৎ শৰ্মাই কয়, “অসমীয়া বিষয়া কৰ্মচাৰীয়েই এন আৰ চিৰ কামত নিয়োজিত হৈ আছিল। তথাপিতো এনেবোৰ খেলিমেলিৰ সৃষ্টি হ’ল। একাংশ কৰ্মচাৰীৰ ভুলৰ বাবেই খচৰা পুনৰীক্ষণ কৰিব লগীয়া হ’ল। সেইসকল অসমীয়া কৰ্মচাৰীয়েই অসমীয়া জাতিক ঠগাইছে।”

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত শৰ্মাই প্ৰক্ৰিয়াটোক লৈ ৪০ শতাংশ সুখী বুলি মন্তব্য কৰিছিল যদিও এতিয়া ওলাই পৰা বিসংগতি সমূহ জানিব পাৰি মাত্ৰ ১০ শতাংশহে সুখী বুলি জানিবলৈ দিয়ে।

ইপিনে, উচ্চতম ন্যায়ালয়ে খচৰা পুনৰীক্ষণৰ নিৰ্দেশ দিয়াৰ পাছতেই হঠাৎ এন আৰ চি বিচাৰিব ধৰা আমছু, জমিয়তৰ দৰে সংগঠনসমূহৰ মুখৰ মাত হৰিছে বুলিও তেওঁ মন্তব্য কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd