আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ।
তেওঁৰ পত্নী আন্দ্ৰেয়া মিচেলে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। এক বিবৃতিত তেওঁ কয় যে পাৰ্কিনছন ৰোগৰ জটিলতাৰ বাবে এলান গ্ৰীণস্পেনৰ মৃত্যু হৈছে।
বিবৃতিটোত কোৱা হৈছে যে তেওঁ ‘এক অসাধাৰণ ব্যক্তিত্ব, দুয়োটা দলৰ একাধিক ৰাষ্ট্ৰপতিৰ অধীনত কেইবাদশক ধৰি আমেৰিকাৰ অৰ্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নিজৰ ভুল স্বীকাৰ কৰাৰ ক্ষেত্ৰতো তেওঁ সদায় সততা দেখুৱাইছিল।’
চিএনএনৰ বাতৰি অনুসৰি এলান গ্ৰীণস্পেনক আমেৰিকাৰ অৰ্থনীতিৰ ‘মেষ্ট্ৰো’’ বুলি অভিহিত কৰা হৈছিল। কাৰণ ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকালত আমেৰিকাৰ অৰ্থনীতিক অভূতপূৰ্ব সমৃদ্ধিৰ দিশত আগুৱাই নিয়াত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
১৯৮৭ চনৰ পৰা ২০০৬ চনলৈকে এলান গ্ৰীণস্পেন ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ আছিল।তেওঁৰ নেতৃত্বত আমেৰিকাই এটা প্ৰজন্মৰ ভিতৰত আটাইতকৈ দীঘলীয়া সময়ৰ অৰ্থনৈতিক বিকাশৰ অভিজ্ঞতা লাভ কৰিছিল।





