• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Arms and ammunition বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত জব্দ বৃহৎ পৰিমাণৰ গোলা-বাৰুদৰ অৱশিষ্ট

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
October 12, 2021 2:51 pm
152
VIEWS
Share on FacebookShare on Twitter

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত জব্দ বৃহৎ পৰিমাণৰ গোলা-বাৰুদৰ অৱশিষ্টৰ লগতে ৰকেট লান্সাৰৰ অৱশিষ্ট ।Iঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনক আটক কৰিছে।

বাক্সাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলাত আৰক্ষীৰ অভিযান। কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে সোমবাৰে আবেলি অভিযান চলাই শুকানজুলি ফায়াৰিং ৰেঞ্জৰ পৰা সংগৃহীত বৃহৎ পৰিমাণৰ গোলা বাৰুদৰ অৱশিষ্ট উদ্ধাৰ কৰে।

বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নিৰ্দেশ মৰ্মে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীয়ে দৰঙামেলাত চলাইছিল আকস্মিক অভিযান।

অভিযান কালত দৰঙামেলাৰ হানিফ স্ক্ৰেপ ডীলাৰত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে ১৫১ টা মৰ্টাৰৰ অৱশিষ্ট, ৮৪ টা ৰকেট লান্সাৰৰ অৱশিষ্ট, ৫ টা বৰটোপৰ অৱশিষ্টৰ লগতে প্ৰায় ২০০ কেজি গুলি আৰু বোমা বাৰুদৰ অৱশিষ্ট উদ্ধাৰ কৰে। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজন লোকক আটক।

আটকাধীন দুই ব্যৱসায়ী মহম্মদ আলি আৰু হানিফ আলি। ভাৰত ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ফায়াৰিং ৰেঞ্জ যত ভাৰতীয় সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকে গোলা বাৰুদ বিস্ফোৰণৰ প্ৰশিক্ষণ লয়।

ভূটান সীমান্তৰ শুকানজুলি অঞ্চলৰ এচাম দুখীয়া লোকে গোলা বাৰুদৰ প্ৰশিক্ষণ চলি থকাৰ সময়ত পাহাৰত বাংকাৰ সাজি লুকাই থাকি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি গোলা বাৰুদৰ অৱশিষ্ট সংগ্ৰহ কৰে। সংগৃহীত গোলা বাৰুদৰ অৱশিষ্ট সমূহ এচাম লোকক বিক্ৰী কৰি তাৰ পৰা পোৱা ধনেৰে চলাই গৈছে জীৱন জীৱিকা।

কিছুদিন পূৰ্বে শুকানজুলি ফায়াৰিং ৰেঞ্জত গুলিৰ অৱশিষ্ট বুটলিবলৈ গৈ অসম ৰাইফলছৰ প্ৰশিক্ষণৰ বোমাৰ আঘাতত মৃত্যু হৈছিল ১৪ বছৰীয়া এটি কিশোৰৰ।

আৰক্ষীৰ পৰা লুকুৱাই মাটিত পুতি থৈছিল মৃতদেহ। পিছত মাটি খান্দি উলিওৱা হৈছিল মৃতদেহ।

এতিয়ালৈকে গোলা বাৰুদৰ অৱশিষ্ট বুটুলিবলৈ গৈ কিমান লোকে প্ৰাণ হেৰুৱাইছে তাৰ সঠিক হিচাপ নাই।

গোলা বাৰুদৰ অৱশিষ্ট অবৈধ ভাবে ক্ৰয় কৰি জমা ৰখাৰ অপৰাধত আটক হোৱা দুয়োজন ব্যৱসায়িক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd