চীনৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধি পোৱাৰ সময়তে তিনিদিনীয়া ভ্ৰমণসূচীলৈ দক্ষিণি কোৰিয়ালৈ গ’ল ভাৰতৰ সেনা প্ৰধান মনোজ মুকন্দ নাৰাভানেই।
আজি ভাৰতৰ প্ৰতিৰক্ষা দপ্তৰে প্ৰকাশ কৰা মতে সোমবাৰে ছিউলত উপস্থিত হোৱা সেনা প্ৰধানগৰাকীয়ে দক্ষিণ কোৰিয়াৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হ’ব।
নাৰাভানেই দক্ষিণ কোৰিয়াৰ জাতীয় স্মাৰক পৰিদৰ্শন কৰাৰ লগতে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আলোচনা কৰিব।
এই আলোচনাত মূলতঃ দুয়োখন দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় সহযোগিতাৰ বিষয়ে স্থান পাব বুলি ভাৰতৰ প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।
দক্ষিণ কোৰিয়া আৰু ভাৰতৰ সেনাৰ মাজত যুটীয়া সামৰিক প্ৰশিক্ষণৰ বিষয়টোৱেও এই আলোচনাত ঠাই পাব বুলি ভবা হৈছে।
উল্লেখ্য চীন আৰু পাকিস্তানে শেহতীয়াকৈ বিশ্বৰ ইছলামিক দেশসমূহক হাত কৰি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ সময়তে ভাৰতৰ সেনা প্ৰধানগৰাকীৰ দক্ষিণ কোৰিয়া ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।
চীনৰ সৈতে ভাৰতৰ তিক্ত সম্পৰ্ক গঢ়লৈ উঠাৰ সময়তে ভাৰতৰ সেনা প্ৰধান নাৰাভানেই ইতিমধ্যে নেপাল চৌদি আৰৱ আদি দেশো ভ্ৰমণ কৰিছে।
সেনা প্ৰধানগৰাকীৰ এনে ভ্ৰমণে ভাৰতৰ সৈতে উক্ত দেশ কেইখনৰ সামৰিক সহযোগিতা বৃদ্ধি কৰিছে।