• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লেফটেনেণ্ট কৰ্ণেলৰ পত্নীৰ সৈতে কৰ্ণেলৰ সম্পৰ্কৰ অভিযোগ! কঠোৰ ব্যৱস্থা সেনা কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2023 10:50 am
ফটো সৌজন্য: দ্য ইণ্ডিয়ান এক্সপ্ৰেছ।

ফটো সৌজন্য: দ্য ইণ্ডিয়ান এক্সপ্ৰেছ।

725
VIEWS
Share on FacebookShare on Twitter

লেফটেনেন্ট কৰ্ণেলৰ পত্নীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কৰ্ণেলৰ বিৰুদ্ধে কোৰ্ট অফ ইনকুৱেৰিৰ নিৰ্দেশ দিছে সেনাই। নতুন দিল্লীৰ মিছন অলিম্পিক উইঙত নিযুক্ত কৰ্ণেলগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিত এইকথা প্ৰকাশ পাইছে।

মিলিটাৰী কলেজ অৱ টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং (এম চি টি ই)ত নিযুক্তিপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণেলৰ অভিযোগৰ ভিত্তিত লক্ষ্ণৌস্থিত মুখ্য কাৰ্যালয়ত থকা সেনাবাহিনীৰ কেন্দ্ৰীয় কমাণ্ডে এই তদন্তৰ নিৰ্দেশ দিয়ে।

সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ-ইন-চাৰ্জ-এডমিনিষ্ট্ৰেচনত দাখিল কৰা অভিযোগৰ ভিত্তিত ডেপুটি চীফ অফ আৰ্মি ষ্টাফ (আই এছ এণ্ড চি), লেফটেনেণ্ট জেনেৰেল মাইকেল ফাৰ্নাণ্ডেজে ব’ৰ্ড অৱ অফিচাৰ অভিযুক্তৰ ডিজিটেল প্ৰমাণ (ম’বাইল ফোন, লেপটপ) জব্দ আৰু ছীল কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক: শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য: পৃথক বৰাকলেণ্ডৰ বিৰোধিতা নকৰে চৰকাৰে!

সেই বাজেয়াপ্ত প্ৰক্ৰিয়াত বাৰে বাৰে বাধা দিয়াৰ বাবে অভিযুক্ত কৰ্ণেলজনক এজন বিষয়া আৰু দুজন জোৱানৰ চোৱাচিতাত ‘ঘনিষ্ঠ জিম্মাত’ ৰখা হৈছে।

যাৰ বিৰুদ্ধে অভিযোগ দাখিল হৈছে, সেই বিষয়াজনে দাবী কৰে যে তেওঁক নিজৰ ডিজিটেল সম্পত্তি গতাই দিবলৈ ভাবুকি দিয়া হৈছিল। তেওঁ লগতে অভিযোগ কৰে যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ডিজিটেল সম্পদৰাজি জব্দ কৰাৰ বাবে প্ৰথমে তেওঁক মিছা কাৰণ দৰ্শোৱা হৈছিল।

তেওঁ অভিযোগ কৰে যে তেওঁৰ ম’বাইলৰ পৰা কিছু গোপনীয় তথ্য ফাদিল হোৱা বুলি কোৱা হৈছিল আৰু বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত হোৱাৰ বাবে সেই তথ্য জব্দ কৰা হৈছে।

অভিযুক্ত কৰ্ণেলে তেওঁৰ উচ্চ ৰক্তচাপ ধৰা পৰা বুলিও সেনা কৰ্তৃপক্ষৰ আগত দাবী কৰে। দিল্লী কেণ্টনমেণ্টৰ বেছ হস্পিতালৰ চাইকিয়াট্ৰিক ৱাৰ্ডত ভৰ্তি হোৱাৰ পিছতো তেওঁক ভাবুকি দিয়া হৈছিল।

লগতে পঢ়ক: গ্ৰেণ্ড শ্লেমৰ ফাইনেল পোৱা আটাইতকৈ বয়স্ক খেলুৱৈ; ইউ এছ অ’পেনত বিশ্ব অভিলেখ ৰোহন বোপান্নাৰ

কৰ্ণেলে লগতে অভিযোগ কৰে যে তেওঁৰ চৰকাৰী বাসগৃহ বিষয়া ব’ৰ্ডে ছীল কৰি দিছে। এই সন্দৰ্ভত সেনাৰ নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে যিহেতু বিষয়াজনে নিজৰ মোবাইল ফোন আৰু লেপটপ শ্বেয়াৰ কৰা নাছিল, সেয়ে তেওঁৰ ঘৰলৈ এটা ব’ৰ্ড অৱ অফিচাৰ আহি সেই সকলোবোৰ সামগ্ৰী জব্দ কৰিব লাগে। আৰু যদি ঘৰটোত তলা লগোৱা দেখা যায়, তেনেহ’লে সেইটো ছীল কৰি দিব লাগে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd