• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেণ্ড শ্লেমৰ ফাইনেল পোৱা আটাইতকৈ বয়স্ক খেলুৱৈ; ইউ এছ অ’পেনত বিশ্ব অভিলেখ ৰোহন বোপান্নাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2023 8:14 am
ফটো সৌজন্য: টুইটাৰ।

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰোহন বোপান্নাই ইউ এছ অ’পেন টেনিছৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ডাবলছত বোপান্নাই অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনক লগত লৈ ফ্ৰান্সৰ নিকোলাছ মাহুট আৰু পিয়েৰ হিউজ হাৰ্বাৰ্টক ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে। ছেমিফাইনেলত বোপান্না যুটীয়ে ৭-৬, ৬-২ ব্যৱধানত জয়লাভ কৰে।

৪৩ বছৰ ৬ মাহ বয়সত ইউ এছ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বোপান্নাই। বোপান্না টেনিছৰ গ্ৰেণ্ড শ্লেম ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়া খেলুৱৈ। তেওঁ কানাডাৰ ডেনিয়েল নেষ্টৰৰ অভিলেখ ভংগ কৰে। নেষ্টৰে ৪৩ বছৰ ৪ মাহ বয়সত গ্ৰেণ্ড শ্লেমৰ ফাইনেল খেলিছিল।

লগতে পঢ়ক: যাত্ৰাপথত চেলফি ল’লে ভাৰতৰ সৌৰযান আদিত্য এল-১য়ে; কেমেৰাত বন্দী চন্দ্ৰ আৰু পৃথিৱীৰ ছবি

Apply Now

প্ৰথম ছেটৰ আৰম্ভণিতে পিছ পৰি ৰৈছিল ষষ্ঠ বাছনিৰ বোপান্না আৰু এবডেন। পঞ্চম গেমত মাহুত-হাৰ্বাৰ্ট যুটিয়ে নিজৰ চাৰ্ভিছ ভংগ কৰে। অষ্টম গেমত বোপান্না যুটীয়ে মাহুতৰ চাৰ্ভিছ ভংগ কৰি মেচলৈ উভতি আহে। শেষত টাই ব্ৰেকাৰত ৭-৩ ব্যৱধানত জয়লাভ কৰি প্ৰথম ছেটটোত বিজয় সাৱ্যস্ত কৰে।

দ্বিতীয় ছেটৰ তৃতীয় গেমতে বোপান্না-এবডেনে মাহুত-হাৰ্বাৰ্ট যুটীৰ চাৰ্ভিছ ভংগ কৰে। এই গেমত কিছুমান দুৰ্দান্ত  ৰিটাৰ্ণ দেখা যায়। মাহুত যুটীয়ে দুটা ডাবল ফল্ট কৰে। পঞ্চম গেমত পুনৰ মাহুত যুটীৰ চাৰ্ভিছ ভংগ কৰে বোপান্না যুটীয়ে।

তেওঁলোকে খেলৰ আৰম্ভণিৰে পৰাই মাহুত যুটীৰ চাৰ্ভিছ গেমত আক্রমণ কৰাৰ পৰিকল্পনা কৰে৷ তাত তেওঁলোক সফল হয়। এই গেমত বোপান্না-এবডেনে ৪০-০ ব্যৱধানত আগবাঢ়ি যায়। তেতিয়াই বুজা গ’ল যে এই ছেমি ফাইনেল মেচখনত জয়ী হোৱাটো তেওঁলোকৰ বাবে মাথোঁ সময়ৰ অপেক্ষা ৷ মাহুত-হাৰ্বাৰ্ট যুটীয়ে একেৰাহে দুটা পইণ্ট লাভ কৰিছিল যদিও দ্বিতীয় ছেটত ৪-১ ব্যৱধানত আগবাঢ়ি যোৱাত কোনো অসুবিধা নহ’ল বোপান্না যুটীৰ।

লগতে পঢ়ক: অভূতপূৰ্ব গৱেষণা! শুক্ৰাণু ,কণী বা গৰ্ভ নোহোৱাকৈ মানৱ ভ্ৰূণৰ সম্পূৰ্ণ আৰ্হি গঢ়ি তুলিলে বিজ্ঞানীয়ে

২০১০ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে গ্ৰেণ্ড শ্লেম ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰে বোপান্নাই। সেইবাৰ তেওঁ পাকিস্তানৰ আইছাম-উল হক কুৰেশ্বীৰ সৈতে ইউ এছ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল। চেম্পিয়নো হৈছিল। ২০১৭ চনত বোপান্নাৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম ট্ৰফী। সেইবাৰ তেওঁ ফ্ৰেন্স অ’পেনত মিক্সড ডাবলছত চেম্পিয়ন হৈছিল। এইবাৰ যদি তেওঁ জয়ী হয় তেন্তে সেয়া হ’ব তেওঁৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ।

বোপান্না আৰু এবডেনে এইবাৰ উইম্বলডনৰ ছেমি ফাইনেলতো প্ৰৱেশ কৰিছিল। ইয়াৰ পূৰ্বে বোপান্নাই এইবাৰ ছানিয়া মিৰ্জাৰ সৈতে অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত তেওঁলোক পৰাস্ত হয়। সেইখন আছিল ছানিয়াৰ শেষ গ্ৰেণ্ড শ্লেম মেচ।

ফাইনেলত কোনে বোপান্নাহঁতৰ মুখামুখি হ’ব সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই। দ্বিতীয়খন ছেমি ফাইনেলত আমেৰিকাৰ যুটী ৰাজীৱ ৰাম-জো চেলিছবেৰী আৰু ক্ৰ’ৱেচিয়ান-আমেৰিকান যুটী ইভান ডডিগ-অষ্টিন ক্ৰাইচেকৰ মাজত হ’ব।

লগতে পঢ়ক: কাকো প্ৰয়োজনতকৈ অধিক সময় আৰু সন্মান নিদিব; লঘু হ’ব নিজেই- কৈছে চাণক্যই

এইবাৰ ইণ্ডিয়ান ওৱেলছত বোপান্না আৰু এবডেন চেম্পিয়ন হয়। বোপান্নাই আটাইতকৈ বেছি বয়সত এ টি পি মাষ্টাৰছ ১০০০ খিতাপ দখল কৰাৰ অভিলেখ গঢ়িছিল। যদি তেওঁ ইউ এছ অ’পেনত জয়ী হয় তেন্তে তেওঁ হ’ব অ’পেন ইৰাৰ গ্ৰেণ্ড শ্লেম জয় কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd