দেশৰ বহু পৰিয়ালৰ পাঁচ-ছয় হাজাৰ টকাৰে এটা স্মাৰ্টফোন কিনাৰ সম্বল নাই। তদুপৰি, ৩০০-৪০০টকা খৰচ কৰি ইন্টাৰনেট সংযোগৰ কথাও আছে।
বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ প্ৰায় ২কোটি ৯০ লাখ স্কুলীয়া শিক্ষাৰ্থীৰ নিজৰ বা পৰিয়ালত স্মাৰ্টফোন কিম্বা কম্পিউটাৰ নাই।
যোৱা জুন মাহলৈকে দেশৰ ১৯খন ৰাজ্য আৰু ৫খন কেন্দ্ৰীয় শাসিত অঞ্চলক ধৰি পোৱা গৈছে এই পৰিসংখ্যা। এতিয়ালৈকে মুঠ ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল তথা ৰাজ্যই তেওঁলোকৰ এই তথ্য দাখিল কৰা নাই।
তথ্য দাখিল নকৰা ৰাজ্যৰ ভিতৰত আছে জনবহুল ৰাজ্য উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰও। ইয়াৰ তথ্য পালে এই পৰিসংখ্যা আৰু বহুখিনি বৃদ্ধি পোৱাটো নিশ্চিত।
কৰ’না পৰিস্থিতিত বিগত প্ৰায় ডেৰ বছৰ ধৰি বিদ্যালয়সমূহ বন্ধ থাকে। তাৰ বাবে আৰম্ভ কৰা হয় অনলাইন ক্লাছ। কিন্তু বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ হাতত নাই স্মাৰ্টফোন তথা ইন্টাৰনেটৰ সুবিধা।
এইক্ষেত্ৰত বিহাৰৰ পৰিস্থিতি আটাইতকৈ শোচনীয়। ৰাজ্যখনৰ ১.৪কোটি শিক্ষাৰ্থীয়ে তেওঁলোকৰ স্মাৰ্টপোন নথকাৰ জানিবৈ দিছে। বিহাৰৰ ৫৮শতাংশ শিক্ষাৰ্থীৰ হাততে নাই স্মাৰ্টফোন।
বিহাৰৰ পাছতে ঝাৰখণ্ডত ৩২লাখ শিক্ষাৰ্থীয়ে স্মাৰ্টপোন নোহোৱাৰ সমস্যাৰ কথা জানিবলৈ দিয়ে। তাৰপাছতে কৰ্ণাটকৰ ৩১লাখ শিক্ষাৰ্থীৰ স্মাৰ্টফোন নথকাৰ কথা জানিব পৰা গৈছে।
উল্লেখ্য যে কৰ’নাৰ সংক্ৰমণৰ আশংকাৰ বাবেই অফলাইন ক্লাছ বন্ধ ৰাখি অনলাইন ক্লাছ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।