দুসপ্তাহ পূৰ্বে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে ভাৰতীয় সেনাৰ হাতত বন্দী হোৱা পাকিস্তানৰ সাহায্যপ্ৰাপ্ত সন্ত্ৰাসবাদীগৰাকীৰ শনিবাৰে চিকিৎসাধীন অৱস্থাতে হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু হয়।
তাব্ৰক হুচাইন নামৰ সন্ত্ৰাসবাদীগৰাকী যোৱা মাহত ৰাজৌৰী জিলাৰ নওচেৰা চেক্টৰত এলঅ’চিত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ সময়তে সেনাৰ গুলীত আহত হৈছিল।
তাৰ পাছতেই ৰাজৌৰীৰ এখন সামৰিক চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল সন্ত্ৰাসবাদী গৰাকীক।
পাকিস্তান অধিকৃত কাশ্মীৰৰ চাবজকোট গাঁৱৰ বাসিন্দা হুছাইনে ভাৰতীয় সেনা পোষ্টত আক্ৰমণ কৰাৰ পৰিকল্পনাৰ কথা স্বীকাৰ কৰাৰ লগতে পাকিস্তান সেনাই এই আক্ৰমণৰ বাবে তেওঁক পঠিয়াইছিল বুলি উল্লেখ কৰিছিল।
তাব্ৰাক হুছাইনে জানিবলৈ দিয়া মতে কৰ্ণেল ইউনুছ চৌধুৰী নামৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ এজন কৰ্ণেলে তেওঁক ভাৰতত আক্ৰমণৰ উদ্দেশ্যে পঠাইছিল আৰু এই উদ্দেশ্যে তেওঁক ৩০,০০০ পাকিস্তানী টকা পৰিশোধ কৰিছিল।
লক্ষ্যণীয়ভাৱে ২০১৬ চনতো ভাৰতীয় সেনাই তাব্ৰাকক তেওঁৰ ভাতৃ হাৰুণ আলীৰ সৈতে বন্দী কৰিছিল। অৱশ্যে ২০১৭ চনৰ নৱেম্বৰত মানৱীয়তাৰ ভিত্তিত তেওঁক পাকিস্তানৰ হাতত অৰ্পণ কৰিছিল।