অসম বৰ্তমান এক গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক সন্ধিক্ষণত উপনীত হৈছে। উন্নয়নৰ নামত ভূমিৰ ব্যৱহাৰ পৰিৱৰ্তন, শিল্পায়নৰ অসম বিকাশ, নিবনুৱা সমস্যা আৰু ক্ৰমবৰ্ধমান ৰাজহুৱা ঋণ—এই সকলোবোৰ বিষয় একেলগে ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতক প্ৰশ্নৰ সন্মুখীন কৰিছে।
এফালে হাজাৰ হাজাৰ হেক্টৰ সাৰুৱা কৃষিভূমি বিভিন্ন শিল্প, আন্তঃগাঁথনি আৰু আবাসন প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হৈছে; আনফালে সংস্থাপনৰ অভাৱত অসমৰ যুৱসমাজ বহিঃৰাজ্যলৈ ব্যাপক হাৰত প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। এই দুয়োটা সমস্যাৰ মাজত এক গভীৰ অৰ্থনৈতিক সম্পৰ্ক আছে—ভূমি হেৰুৱা কৃষক আৰু নিবনুৱা যুৱক মিলি সৃষ্টি কৰিছে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এক নতুন সংকট।
কৃষিভূমিৰ দ্ৰুত ৰূপান্তৰ আৰু তাৰ প্ৰভাৱ-
অসম ঐতিহাসিকভাৱে এখন কৃষিভিত্তিক সমাজ। পৰিসংখ্যা অনুসৰি ৰাজ্যখনৰ প্ৰায় অর্ধেকতকৈ অধিক জনসংখ্যা পোনপটীয়াকৈ বা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু শেহতীয়া দশকত শিল্পায়ন, নগৰায়ন আৰু আন্তঃগাঁথনি প্ৰকল্পৰ বাবে কৃষিভূমিৰ ব্যাপক ৰূপান্তৰ লক্ষ্য কৰা গৈছে।
বিশেষকৈ কামৰূপ জিলাত এই প্ৰৱণতা স্পষ্ট। বৰঝাৰ বিমানবন্দৰৰ পৰা পলাশবাৰী আৰু মিৰ্জালৈকে বিস্তৃত বহু কৃষিভূমি শেহতীয়া বছৰবোৰত ব্যক্তিগত উদ্যোগ, চিমেন্ট কাৰখানা আৰু আবাসন প্ৰকল্পৰ হাতলৈ গৈছে। এই অঞ্চলত কেইবাখনো গাঁৱৰ কৃষক পৰিয়াল নিজৰ পৰম্পৰাগত জীৱিকা হেৰুৱাইছে। বহু ক্ষেত্ৰত ক্ষতিপূৰণ লাভ কৰিলেও সেই ধন দীৰ্ঘম্যাদী জীৱিকা সৃষ্টিৰ বাবে যথেষ্ট নহয়।
একেধৰণৰ পৰিস্থিতি মৰিগাঁও আৰু নগাঁও জিলাৰ জাগীৰোড অঞ্চলতো দেখা যায়। শেহতীয়াকৈ ঘোষিত বৃহৎ ছেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে প্ৰায় হাজাৰ একৰৰো অধিক ভূমি ব্যৱহাৰৰ আলোচনা হৈছে। প্ৰযুক্তিগত উন্নয়নৰ দিশত এনে উদ্যোগ নিশ্চয় প্ৰয়োজনীয়, কিন্তু প্ৰশ্নটো হৈছে—যিসকল থলুৱা কৃষকে ভূমি হেৰুৱাব, তেওঁলোকৰ বাবে সংস্থাপনৰ নিশ্চয়তা কেনেদৰে নিশ্চিত কৰা হ’ব?
গোৱালপাৰা আৰু বঙাইগাঁও জিলাত সৌৰ শক্তি প্ৰকল্প আৰু ঔদ্যোগিক পাৰ্কৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ভূমি লীজত দিয়াৰ সিদ্ধান্ত লৈছে। এই প্ৰকল্পসমূহ দীৰ্ঘম্যাদী উন্নয়নৰ বাবে সহায়ক হ’ব পাৰে, কিন্তু কৃষিভিত্তিক সমাজত ইয়াৰ সামাজিক প্ৰভাৱ গভীৰ হোৱাৰ সম্ভাৱনা আছে।
এই প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ নীতি-প্ৰশ্ন উত্থাপন হয়—অসমত উন্নয়নৰ নামত কিমান কৃষিভূমি শিল্প বা অন্য ব্যৱহাৰলৈ ৰূপান্তৰিত হৈছে? আগন্তুক পাঁচ বছৰত কিমান ভূমি এনে প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা আছে? এই বিষয়ে চৰকাৰে এখন স্পষ্ট শ্বেতপত্ৰ প্ৰকাশ কৰা উচিত যাতে ৰাইজে সঠিক তথ্য লাভ কৰিব পাৰে।
নিবনুৱা সমস্যা: এক নীৰৱ সংকট-
অসমৰ নিবনুৱা সমস্যা এতিয়া এক নীৰৱ সামাজিক সংকটলৈ ৰূপান্তৰিত হৈছে। চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ২০ লাখতকৈ অধিক। বাস্তৱত এই সংখ্যা ইয়াতকৈও অধিক হোৱাৰ সম্ভাৱনা আছে।
বিশেষকৈ উচ্চ শিক্ষিত যুৱসমাজৰ মাজত নিবনুৱাৰ সমস্যা অধিক তীব্ৰ। স্নাতক, স্নাতকোত্তৰ বা কাৰিকৰী শিক্ষিত বহু যুৱকে উপযুক্ত সংস্থাপনৰ অভাৱত অস্থায়ী বা নিম্ন দক্ষতাৰ কাম কৰিবলৈ বাধ্য হৈছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সীমিত পদৰ বাবে লাখ লাখ আবেদন জমা পৰাটো এই সমস্যাৰ স্পষ্ট প্ৰতিফলন।
অসমত শিল্পায়নৰ গতি তুলনামূলকভাৱে ধীৰ। ঐতিহাসিকভাৱে ৰাজ্যখনৰ অৰ্থনীতি চাহ উদ্যোগ, তেল শিল্প আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল। নতুন শিল্প ক্লাষ্টাৰ বা বৃহৎ উৎপাদন খণ্ডৰ বিকাশ সীমিত। ফলত শিক্ষিত যুৱসমাজৰ বাবে সংস্থাপনৰ সুযোগ সীমাবদ্ধ হৈ আছে।
বহিঃৰাজ্যলৈ প্ৰব্ৰজন: জীৱনধাৰণৰ কঠোৰ যাত্ৰা-
সংস্থাপনৰ অভাৱত অসমৰ বহু যুৱক জীৱিকা সন্ধানত বহিঃৰাজ্যলৈ প্ৰব্ৰজন কৰে। বিশেষকৈ কেৰালা, তামিলনাডু, কৰ্ণাটক, হাৰিয়ানা আৰু গুজৰাট এই প্ৰব্ৰজনৰ প্ৰধান গন্তব্যস্থান।
এই যুৱকসকল সাধাৰণতে নিৰ্মাণ খণ্ড, কাৰখানা, ৰেষ্টুৰেন্ট বা গুদাম ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰত কাম কৰে। বহু ক্ষেত্ৰত তেওঁলোকে দিনে ১২ৰ পৰা ১৪ ঘণ্টালৈকে কঠোৰ শ্ৰম কৰিবলগীয়া হয়।
তেওঁলোকৰ বাসস্থানো অত্যন্ত সীমিত। বহু ক্ষেত্ৰত ১০ বা ১৫ জনকৈ শ্ৰমিক একেটা সৰু কোঠাত থাকিবলৈ বাধ্য হয়। নিম্ন মজুৰিৰ বাবে পুষ্টিকৰ খাদ্য আৰু যথাযথ চিকিৎসাৰ সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত থাকে।
শেহতীয়া বছৰবোৰত বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ মৃত্যুৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। কৰ্মস্থলীৰ দুৰ্ঘটনা, অসুখ বা চিকিৎসাৰ অভাৱত হোৱা মৃত্যু প্ৰায়ে সংবাদ শিৰোনাম হয়। কেতিয়াবা স্থানীয় সংঘাত বা হিংসাৰ ঘটনাও দেখা যায়।
বহিঃৰাজ্যৰ পৰা মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্সবোৰে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ কঠোৰ বাস্তৱতা স্পষ্ট কৰি তোলে।
নিবনুৱা সমস্যা আৰু মাদক দ্ৰব্যৰ বিস্তাৰ-
অসমত দ্ৰাগছ সমস্যাৰ দ্রুত বিস্তাৰ এক গুৰুত্বপূৰ্ণ সামাজিক সংকট। এই সমস্যাটো কেৱল আৰক্ষী বা আইন-শৃঙ্খলাৰ বিষয় নহয়; ই এক গভীৰ অৰ্থনৈতিক আৰু সামাজিক সমস্যাও।
যেতিয়া এজন শিক্ষিত যুৱকে নিজৰ ভৱিষ্যতৰ কোনো নিশ্চিততা নেদেখে, তেতিয়া তেওঁ সহজেই মাদক দ্ৰব্যৰ দৰে বিপজ্জনক জালত আবদ্ধ হ’ব পাৰে। বহু ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মাদক চক্ৰসমূহে নিবনুৱা যুৱকক ব্যৱহাৰ কৰি ড্ৰাগছ পেডলিং নেটৱৰ্ক গঢ়ি তোলে।
ইয়াৰ ফলত সমাজত অপৰাধ বৃদ্ধি, স্বাস্থ্য সংকট আৰু সামাজিক ভাঙনৰ সৃষ্টি হয়।
অসমৰ ঋণগ্ৰস্ত অৰ্থনীতি-
অসমৰ ৰাজহুৱা ঋণ শেহতীয়া বছৰবোৰত উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে মূলতঃ বজাৰৰ পৰা লোৱা ঋণ, কেন্দ্ৰীয় চৰকাৰৰ ঋণ, আৰু বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধাৰ কৰা পুঁজিৰ ওপৰত নিৰ্ভৰ কৰে।
এই ঋণৰ বৃহৎ অংশ বজাৰৰ পৰা লোৱা State Development Loans (SDL)ৰ মাধ্যমে সংগৃহীত হয়। আনুমানিক হিচাপ অনুসৰি অসমৰ জনমূৰি ঋণ প্ৰায় ৩৪ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকাৰ মাজত আছে।
ঋণ আৰু ৰাজ্যিক ঘৰুৱা উৎপাদনৰ (GSDP) অনুপাতো বৃদ্ধি পাইছে। ২০১৮–১৯ বৰ্ষত এই অনুপাত প্ৰায় ১৯ শতাংশ আছিল যদিও শেহতীয়া বছৰবোৰত ই ২৫ৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি পোৱাৰ ইঙ্গিত পোৱা যায়।
২০২৩–২৪ বৰ্ষত কেৱল সূত পৰিশোধৰ বাবেই ৰাজ্য চৰকাৰক প্ৰায় ৯ হাজাৰ কোটি টকাৰ অধিক ব্যয় কৰিবলগীয়া হৈছে।
চৰকাৰী ব্যয়ৰ গাঁথনি-
অসম চৰকাৰৰ মুঠ ব্যয়ৰ ভিতৰত ৰাজহ ব্যয়ৰ অংশ সৰ্বাধিক। দৰমহা, পেঞ্চন, ৰাজসাহায্য আৰু কল্যাণমূলক আঁচনিত ব্যয় হোৱা ধন মুঠ ব্যয়ৰ বৃহৎ অংশ দখল কৰে।
উন্নয়নমূলক মূলধনী ব্যয় তুলনামূলকভাৱে কম। যদিও নতুন মেডিকেল কলেজ, পথ, দলং আৰু বান নিয়ন্ত্ৰণ প্ৰকল্পত বিনিয়োগ কৰা হৈছে, তথাপিও মুঠ ব্যয়ৰ অনুপাতে এই অংশ সীমিত।
অফ-বাজেট ঋণ আৰু বিত্তীয় স্বচ্ছতাৰ প্ৰশ্ন-
অসমত অফ-বাজেট ঋণৰ বিষয়টোও ক্ৰমশ গুৰুত্ব লাভ কৰিছে। চৰকাৰে কেতিয়াবা বিভিন্ন ৰাজহুৱা খণ্ডৰ সংস্থা বা বিশেষ উদ্দেশ্য সংস্থাৰ জৰিয়তে ঋণ গ্ৰহণ কৰে, যিবোৰ মূল বাজেটত পোনপটীয়াকৈ দেখা নাযায়।
এই ধৰণৰ ঋণে আন্তঃগাঁথনি উন্নয়নত সহায় কৰিব পাৰে যদিও বিত্তীয় স্বচ্ছতাৰ প্ৰশ্ন উত্থাপন কৰে। শেষত এই ঋণৰ মূলধন আৰু সূত পৰিশোধৰ দায়িত্ব চৰকাৰৰ ওপৰতেই পৰে।
সম্ভাব্য সমাধানৰ পথ-
অসমৰ এই বহুমুখী সংকটৰ সমাধানৰ বাবে কিছুমান মৌলিক নীতি-সংস্কাৰৰ প্ৰয়োজন।
প্ৰথমতে, কৃষিভূমিৰ অযৌক্তিক হস্তান্তৰ বন্ধ কৰি কৃষিভিত্তিক ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ বিকাশত গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’ব।
দ্বিতীয়তে, ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহত স্থানীয় যুৱকৰ বাবে সংৰক্ষিত নিযুক্তিৰ নীতি বিবেচনা কৰিব পাৰি।
তৃতীয়তে, বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকসকলৰ বাবে এক সুনিয়ন্ত্রিত পঞ্জীয়ন ব্যৱস্থা আৰু সুৰক্ষা তন্ত্ৰ গঠন কৰা উচিত।
অসমৰ কৃষিভূমিৰ পৰা উচ্ছেদ হোৱা কৃষক আৰু বহিঃৰাজ্যত জীৱনৰ সৈতে সংগ্ৰাম কৰি থকা নিবনুৱা যুৱক—এই দুয়োটা ছবি একে অৰ্থনৈতিক সমস্যাৰ দুটা দিশ।
যদি সময় থাকোঁতেই ভূমি সুৰক্ষা, উৎপাদনশীল শিল্পায়ন আৰু স্থানীয় সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী নীতি গ্ৰহণ কৰা নহয়, তেন্তে অসমৰ সামাজিক আৰু অৰ্থনৈতিক গাঁথনি অদূৰ ভৱিষ্যতে অধিক সংকটত পৰিব পাৰে।
অসমৰ উন্নয়নৰ প্ৰশ্নটো সেয়ে কেৱল পৰিসংখ্যাৰ বিষয় নহয়; ই অসমৰ ভূমি, যুৱশক্তি আৰু ভবিষ্যতৰ প্ৰশ্ন।





