পকচো আইনৰ অধীনত অপৰাধৰ ধাৰণা চূড়ান্ত নহয় বুলি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এগৰাকী ব্যক্তিক দোষমুক্ত কৰে। ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এন ভি আঞ্জাৰিয়াৰ বিচাৰপীঠে আগবঢ়োৱা এই ৰায়দানত দিল্লী উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতৰ পূৰ্বৰ ৰায় খাৰিজ কৰা হয়। উল্লেখযোগ্য যে, ২০১৫ চনত দক্ষিণ দিল্লীৰ কালকাজীৰ এটা বস্তি এলেকাত পানীৰ বিবাদক লৈ এগৰাকী মহিলাই উক্ত ব্যক্তিজনৰ বিৰুদ্ধে নিজৰ নাবালিকা কন্যাক যৌন নিৰ্যাতন চলোৱাৰ এক মিছা অভিযোগ উত্থাপন কৰিছিল। উচ্চতম ন্যায়ালয়ে এই অভিযোগটো ভিত্তিহীন বুলি প্ৰমাণিত কৰি ব্যক্তিজনক ২০১২ চনৰ পকচো আইনৰ ৬ নং ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩৬৩ নং ধাৰাৰ পৰা অব্যাহতি দিয়ে।
ইয়াৰ পূৰ্বে নিম্ন আদালতে ব্যক্তিজনক পকচো আইনৰ অধীনত দহ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু জৰিমনা বিহিছিল। ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ নং ধাৰাৰ অধীনত তেওঁক এবছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰা হৈছিল। অৱশ্যে ভাৰতীয় দণ্ডবিধিৰ ৫০৬ নং ধাৰাৰ অধীনত উত্থাপিত অভিযোগৰ পৰা তেওঁক পূৰ্বেই মুক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়েও নিম্ন আদালতৰ এই ৰায় বাহাল ৰাখিছিল। লাইভ ল’ৰ প্ৰতিবেদন অনুসৰি, উচ্চতম ন্যায়ালয়ে সমগ্ৰ গোচৰটোৰ পুংখানুপুংখ পৰ্যবেক্ষণ কৰি পূৰ্বৰ ৰায়সমূহ বাতিল কৰে।
ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে পকচো আইনৰ ২৯ আৰু ৩০ নং ধাৰাই অভিযুক্তৰ বিৰুদ্ধে এক আইনী ধাৰণা সৃষ্টি কৰে যদিও, ইয়াৰ অৰ্থ এইটো নহয় যে অভিযোগকাৰী পক্ষৰ প্ৰমাণসমূহ স্বয়ংক্ৰিয়ভাৱে সঁচা বুলি ধৰি ল’ব লাগিব। বিচাৰপীঠৰ মতে, যদি অভিযুক্তই অভিযোগকাৰীৰ ভাষ্যত থকা গুৰুত্বপূৰ্ণ বিসংগতি আৰু প্ৰমাণৰ অভাৱ আঙুলিয়াই দিবলৈ সক্ষম হয়, তেন্তে অপৰাধৰ সেই পূৰ্বনিৰ্ধাৰিত ধাৰণা অকাৰ্যকৰী হৈ পৰে। ৰায়টো লিখা ন্যায়াধীশ এন ভি আঞ্জাৰিয়াই উল্লেখ কৰে যে এই আইনী ধাৰণাক ব্যৱহাৰ কৰি অভিযুক্তৰ সপক্ষে থকা প্ৰমাণসমূহক কেতিয়াও আওকাণ কৰিব নোৱাৰি।
ন্যায়াধীশ আঞ্জাৰিয়াই লগতে কয় যে অভিযোগকাৰীৰ ভাষ্যক প্ৰতিটো গোচৰতে অকাট্য সত্য বুলি মানি লোৱাটো এই আইনৰ উদ্দেশ্য হ’ব নোৱাৰে। উচ্চতম ন্যায়ালয়ে আক্ষেপ প্ৰকাশ কৰে যে নিম্ন আদালত আৰু দিল্লী উচ্চ ন্যায়ালয় পকচো আইনৰ এই পূৰ্বনিৰ্ধাৰিত ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু ভুক্তভোগীৰ মাতৃৰ ভাষ্যত থকা গুৰুত্বপূৰ্ণ বিসংগতিসমূহ আওকাণ কৰিছিল। বিচাৰপীঠে স্পষ্ট কৰে যে এনে আইনী ধাৰণাই আদালতসমূহক প্ৰমাণসমূহ নিৰপেক্ষভাৱে বিশ্লেষণ কৰাৰ মূল দায়িত্বৰ পৰা কেতিয়াও ৰেহাই নিদিয়ে। যিকোনো অযৌক্তিক আৰু অসম্ভৱ কাহিনীক কেৱল আইনী ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি আদালতে ছীলমোহৰ মাৰিব নালাগে বুলিও উচ্চতম ন্যায়ালয়ে সকীয়াই দিয়ে।
ফৌজাৰী গোচৰৰ মূল প্ৰমাণৰ মানদণ্ড সন্দৰ্ভতো বিচাৰপীঠখনে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। আদালতে প্ৰকাশ কৰে যে অভিযুক্তৰ ওপৰত থকা এই ওলোটা বোজাৰ ব্যৱস্থাই ফৌজাৰী গোচৰত সাধাৰণতে প্ৰযোজ্য হোৱা প্ৰমাণৰ মানদণ্ড কেতিয়াও সলনি নকৰে। এই ঐতিহাসিক ৰায়দানৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে পকচো আইনৰ অধীনত বিচাৰ প্ৰক্ৰিয়াত নিৰপেক্ষতা আৰু প্ৰমাণৰ পুংখানুপুংখ বিশ্লেষণৰ ওপৰত পুনৰবাৰ বিশেষ গুৰুত্ব আৰোপ কৰিলে, যিয়ে আগন্তুক সময়ত এনে গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত এক স্পষ্ট দিশ নিৰ্ধাৰণ কৰিব।





