শনিবাৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই উচ্চতম ন্যায়ালয়ক “পৰিৱেশ ন্যায়ৰ বৰগছ” বুলি অভিহিত কৰে। পৰিৱেশ সম্পৰ্কীয় সমস্যাৱলীৰ কোনো “ভৌগোলিক সীমা নাই” বুলি উল্লেখ কৰি তেওঁ পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ মাজত সমতা স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় ন্যায়ালয়সমূহৰ সন্মুখত এতিয়া কেৱল সংৰক্ষণ আৰু উন্নয়নৰ মাজত যিকোনো এটা বাছি লোৱাৰ প্ৰশ্ন নাই, বৰঞ্চ দুয়োটাৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰি বহনক্ষম কৰিব পাৰি, সেয়াহে মূল লক্ষ্য।
“পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত” শীৰ্ষক এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত ভাষণ প্ৰদান কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পৰিৱেশ আৰু জলবায়ুৰ সমস্যা কেৱল এখন দেশৰ সীমাৰ মাজত আৱদ্ধ নাথাকে, সেয়েহে ইয়াৰ সমাধানৰ বাবে সমন্বিত গোলকীয় আলোচনাৰ প্ৰয়োজন। তেওঁ লগতে কয় যে ভাৰতীয় সভ্যতাৰ মূল্যবোধ আৰু সংবিধানত পৰিৱেশ সুৰক্ষাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। সংবিধানৰ ৪৮(ক) আৰু ৫১(ক)(ছ) অনুচ্ছেদৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে পৰিৱেশ ৰক্ষা কৰাটো ৰাষ্ট্ৰ আৰু নাগৰিক উভয়ৰে দায়িত্ব। তদুপৰি, উচ্চতম ন্যায়ালয়ে বিগত সময়ছোৱাত সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত জীৱন ধাৰণৰ অধিকাৰৰ অংশ হিচাপে এক সুস্থ পৰিৱেশৰ অধিকাৰক স্বীকৃতি দিছে বুলিও তেওঁ উল্লেখ কৰে।
উচ্চতম ন্যায়ালয়ৰ বিগত চাৰি দশকৰ পৰিৱেশ সম্পৰ্কীয় ন্যায়িক ইতিহাসৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰদূষণকাৰীয়ে ক্ষতিপূৰণ দিয়াৰ নীতি (polluter pays principle), সাৱধানতামূলক নীতি আৰু ৰাজহুৱা ন্যাস নীতিৰ (public trust doctrine) দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰেই বিকশিত হৈছে। পৰিৱেশ সংৰক্ষণক উন্নয়নৰ হেঙাৰ হিচাপে চাব নালাগে বুলি মন্তব্য কৰি তেওঁ কয়, “এখন নদীয়ে প্ৰশাসনিক সীমা অনুসৰি প্ৰদূষণৰ সন্মুখীন নহয় আৰু বায়ুমণ্ডলে ৰাষ্ট্ৰীয় সীমা নামানে।” সেয়েহে জলবায়ু সম্পৰ্কীয় বিচাৰ প্ৰক্ৰিয়াত কেৱল এটা নিৰ্দিষ্ট প্ৰকল্পৰ মাজত আৱদ্ধ নাথাকি সমগ্ৰ পাৰিপাৰ্শ্বিক ব্যৱস্থাটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত কেইবাখনো দেশৰ ন্যায়াধীশ, ন্যায়িক সদস্য, নীতিনিৰ্ধাৰক, বিজ্ঞানী, পৰিৱেশ বিশেষজ্ঞ আৰু অধিবক্তাসকলে অংশগ্ৰহণ কৰে। সন্মিলনখনত মূলতঃ জলবায়ু পৰিৱৰ্তন, পৰিৱেশ আইন, প্ৰশাসন আৰু পৰিৱেশ ন্যায় আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃত আলোচনা আৰু মত বিনিময় কৰা হয়।





