• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নিৰ্বাচনৰ আগমুহূৰ্তত অৰুণাচলত জৰজৰকৈ খহিছে বিজেপিৰ দুৰ্গ; ১৪জন মন্ত্ৰী-বিধায়কৰ দলত্যাগ

তচনচ হোৱাৰ পথত গেৰুৱা দল বিজেপিৰ উত্তৰ-পূব দখলৰ স্বপ্ন!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 19, 2019 9:26 pm
Arunachal MLAs

কুমাৰ ৱাই, জাৰকাৰ গামলিন আৰু জাৰপুম গামলিন। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তচনচ হোৱাৰ পথত গেৰুৱা দল বিজেপিৰ উত্তৰ-পূব দখলৰ স্বপ্ন। মঙলবাৰে সন্ধিয়া বিজেপি এৰি নেশ্যনেল পীপলছ পাৰ্টিত সমূহীয়াভাৱে যোগদান কৰিলে অৰুণাচল প্ৰদেশৰ দুজন মন্ত্ৰী আৰু ১২জনকৈ বিধায়কে। একেলগে এন পি পিত যোগ দিছে কালি টিকট নাপাই অসন্তুষ্ট হৈ দলটো ত্যাগ কৰা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপুম গামলিনে।

ইটানগৰত আজি সন্ধিয়া এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাছ চাংমাৰ উপস্থিতিত দলটোত যোগ দিয়ে ৰাজ্যখনৰ জাৰপাম গামলিন আৰু মন্ত্ৰী-বিধায়ককেইজনে। এওঁলোকৰ ভিতৰত আছে ৰাজ্যখনৰ গৃহ মন্ত্ৰী কুমাৰ ৱাই আৰু পৰ্য্যটন মন্ত্ৰী জাৰকাৰ গামলিন।

Apply Now

এই প্ৰতিবেদকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কালি গেৰুৱা দলটো ত্যাগ কৰা জাৰপাম গামলিনে এই কথা প্ৰকাশ কৰিছে।

১৪জনকৈ মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাৰ পিছত ৬০জনীয়া বিধানসভাত বিজেপিৰ শক্তি থাকিলগৈ (৪৮-১৪) ৩৪জন। ১৮জন বিধায়কেৰে এন পি পি হ’লগৈ দ্বিতীয় বৃহৎ দল। কংগ্ৰেছৰ ৬জন আৰু নিৰ্দলীয়ৰ আছে ২জন বিধায়ক।

ৰাজ্যখনৰ আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত এইদৰে বৃহৎ সংখ্যক বিজেপি নেতা তথা মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাটো বিজেপিৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে।

উল্লেখযোগ্য যে কালি নিশাই জাৰপুম গামলিনৰ লগত বিজেপিৰ এটা ৭জনীয়া মন্ত্ৰী-বিধায়কৰ দল আহি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত বাহৰ পাতিছিল। নিশাই হোটেলখনত আহি উপস্থিত হৈছিল মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এন পি পিৰ মুৰব্বী কনৰাড চাংমা। চাংমাৰ সৈতে হোটেল তাজ ভিভাণ্টাত দলটোৰ কেইবাঘণ্টাজোৰা এক বৈঠকো অনুষ্ঠিত হৈছিল। কালিয়েই এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নৰ্থ-ইষ্ট নাওত এই বাতৰি প্ৰকাশ পাইছিল।

কালি নিশাৰ বৈঠকৰ পাছত আজি জাৰপুম গামলিন আৰু মন্ত্ৰী-বিধায়কৰ দলটো ইটানগৰলৈ উভতি যায়। পাছত তাত উপস্থিত হোৱা এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাচ চাংমাৰ উপস্থিতিত আজি এই বৃহৎ সংখ্যক বিজেপি মন্ত্ৰী-বিধায়কে এন পি পিত যোগ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd