যোৱা ২৯ এপ্ৰিল, বুধবাৰে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত অৰুণাচল খ্ৰীষ্টান ফ’ৰামৰ নেতৃত্বত ১৯৭৮ চনৰ ‘অৰুণাচল প্ৰদেশ ধৰ্মীয় স্বাধীনতা আইন’ (APFRA) সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই আইনখনে ধৰ্মীয় স্বাধীনতা খৰ্ব কৰাৰ লগতে সাংবিধানিক অধিকাৰ উলংঘা কৰিছে বুলি অভিযোগ তুলি ৰাজধানী ইটানগৰকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাত খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হৈ ধৰ্ণা আৰু সমদল বাহিৰ কৰে।
ৰাজধানী ইটানগৰৰ লগতে নামনি দিবাং উপত্যকা, পশ্চিম ছিয়াং, পূব কামেং আৰু কামলে আদিকে ধৰি কেইবাখনো জিলাত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইটানগৰৰ সভাত অংশগ্ৰহণ কৰি অৰুণাচল খ্ৰীষ্টান ফ‘ৰামৰ সভাপতি জেমছ টেচি তাৰাই এই আইনখনক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে। তেওঁ জনোৱা মতে, যোৱা ৫০ বছৰ ধৰি এই আইনখন বাতিল কৰাৰ দাবী উত্থাপন হৈ আহিছে আৰু তেওঁলোকৰ স্থিতি আজিও একেই আছে। গণতান্ত্ৰিক দেশ এখনত যিকোনো ধৰ্ম পালন কৰাৰ স্বাধীনতাত ই বাধা প্ৰদান কৰিছে আৰু এই আইনে বিশেষকৈ খ্ৰীষ্টানসকলক লক্ষ্য কৰি লৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। ৰাজ্য চৰকাৰৰ লগত হোৱা কেইবাখনো বৈঠকৰ পিছতো কোনো ফলপ্ৰসূ সিদ্ধান্ত বা যোগাত্মক সঁহাৰি নোপোৱাত তেওঁ চৰকাৰৰ ভূমিকাক লৈ উদ্বেগ প্ৰকাশ কৰে। প্ৰতিবাদস্থলীত উপস্থিত থকা অন্যান্য বক্তাসকলেও একেই মত পোষণ কৰি আইনখন বাতিল নোহোৱা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিয়ে।
উল্লেখ্য যে, ১৯৭৮ চনত প্ৰণয়ন কৰা এই অৰুণাচল প্ৰদেশ ধৰ্মীয় স্বাধীনতা আইনখনৰ মূল উদ্দেশ্য আছিল প্ৰলোভন বা বলপূৰ্বকভাৱে কৰা ধৰ্মান্তৰকৰণ ৰোধ কৰা। বিগত বহু বছৰ ধৰি এই আইনখনৰ নিয়মসমূহ প্ৰণয়ন আৰু কাৰ্যকৰী কৰা হোৱা নাছিল যদিও, শেহতীয়াকৈ ইয়াক বলৱৎ কৰাক লৈ পুনৰ আৰম্ভ হোৱা চৰ্চাই ৰাজ্যখনৰ খ্ৰীষ্টান সমাজৰ লগতে অসামৰিক সমাজৰ বিভিন্ন গোটৰ মাজত গভীৰ শংকাৰ সৃষ্টি কৰিছে। ইয়াৰ বিপৰীতে, ৰাজ্যখনৰ থলুৱা বিশ্বাস আৰু পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এই আইনখন ৰূপায়ণ কৰিবলৈ একাংশ সংগঠনে চৰকাৰক দাবী জনাই আহিছে।
বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰে এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত সকলো পক্ষৰ লগত আলোচনা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো সৰ্বসন্মত সিদ্ধান্তত উপনীত হ‘ব পৰা নাই। আনহাতে, দাবী পূৰণ নহ’লে আগন্তুক দিনত গণতান্ত্ৰিক উপায়েৰে এই আন্দোলন অধিক ব্যাপক কৰা হ’ব বুলি প্ৰতিবাদকাৰীয়ে সতৰ্ক কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ পৰৱৰ্তী পদক্ষেপলৈ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে।





