NORTHEAST NOW (Assamese)

অৰূপ দাসে গঢ়িলে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰীৰ ৰেকৰ্ড

January 22, 2020 4:37 pm · এন ই নাও নিউজ
বেগী বলাৰ অৰূপ দাস

মহাৰাষ্ট্ৰৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ৰঞ্জি ট্ৰফীৰ এখন মেচত অসম পৰাস্ত হ’লেও বেগী বলাৰ অৰূপ দাসে গঢ়িবলৈ সক্ষম হৈছে এক ৰেকৰ্ড।

প্ৰথম ইনিংছত চাৰিটা উইকেট লাভ কৰা অৰূপে দ্বিতীয় ইনিংছত লাভ কৰে দুটা উইকেট। ইয়াৰ লগে লগে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অসমৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী বলাৰত পৰিণত হয়।

বৰপেটাত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীয়ে মেচখনৰ তৃতীয় দিনা অৰ্থাৎ মঙলবাৰে এক বিশেষ কৃতিত্বৰ অধিকাৰী হয়।

ইয়াৰ পূৰ্বে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰীৰ ৰেকৰ্ড আছিল স্পীনাৰ অৰ্লেন কোঁৱৰৰ নামত। তেওঁ অসমৰ হৈ ৬৯ খন খেলত অংশ লৈ ২১২ টা উইকেট দখল কৰিছিল।

ঝাৰখণ্ডৰ বিৰুদ্ধে ২০১১ চনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰা অৰূপে এই পৰ্যন্ত ৬০ খন মেচত অংশ লৈ ২১৩ টা উইকেট দখল কৰিছে।

উল্লেখ্য যে মেচৰ অন্তিম দিন অৰ্থাৎ আজি অসমে বেটিঙত চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি মাত্ৰ ৭৮ ৰানতে দ্বিতীয় ইনিংছ সামৰি ২১৮ ৰানৰ বিশাল পৰাজয় স্বীকাৰ কৰে।

Related News