প্ৰস্তুতকাৰী কোম্পানীসমূহৰ পৰা ক’ভিড-১৯ ভেকচিনসমূহ ৰাজ্যসমূহে পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিয়াৰ পাছতে কেৰেলাৰ জনসাধাৰণে এক অনন্য ভূমিকা পালন কৰিছে।
হাজাৰ হাজাৰ লোকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দুৰ্যোগ প্ৰশমন পুঁজি (Distress Relief Fund), চমুকৈ CMDRFলৈ বৰঙণি আগবঢ়াইছে।
ইয়াৰ জৰিয়তে ভাৰতৰ আটাইতকৈ শিক্ষিত দেশখনৰ লোকসকলে ৰাজ্য চৰকাৰে ভেকচিন ক্ৰয় কৰাৰ ক্ষেত্ৰত সহযোগ কৰিছে, যাতে ৰাজ্যখনত ভেকচিনসমূহ বিনামূলীয়াকৈ জনসাধাৰণে লাভ কৰিব পাৰে।
বৰঙনি সংগ্ৰহৰ এই অভিযান বুধবাৰৰ পৰা আৰম্ভণি হৈছে।
সামাজিক মাধ্যমযোগে কেইজনমান লোকে আগভাগ লোৱা এই অভিযানটোত কোৱা হৈছিল যে যিসকলে কেৰেলা বা অন্যান্য ৰাজ্যত ভেকচিন লাভ কৰিছে, তেওঁলোকে CMDRFলৈ বৰঙণি আগবঢ়াওক।
ৰাৱনন কান্নুৰ নামৰ এজন লোকে সামাজিক মাধ্যমত কৈছে যে ভেকচিনটো ব্যৱসায়ৰ সামগ্ৰী নহয়।
লোকজন বৰ্তমান কুৱেইট বাস কৰি আছে।
তেওঁ কয় যে কুৱেইটৰ চৰকাৰে তেওঁক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিব, সেয়ে তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে CMDRFলৈ বৰঙনি আগবঢ়াব।
ফেচবুকত তেওঁ এনেদৰে প’ষ্ট কৰাৰ পাছতে হাজাৰ হাজাৰ লোকে সমৰ্থন আগবঢ়ায়।
“স্বাস্থসেৱা প্ৰত্যেক নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ।”- তেওঁ কয়।
তেওঁৰ পাছতে হাজাৰ হাজাৰ লোকে CMDRFলৈ বৰঙনি আগবঢ়াইছে।
বৰঙনিৰ পৰিমাণ বৃহস্পতিবাৰলৈকে ৫০ লাখ টকা বুলি জানিব পৰা গৈছে।
ৰাজ্যখনৰ জনসাধাৰণৰ এই উদাৰতাক লৈ গৰ্বিত হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ন।
এই লৈ বৃহস্পতিবাৰে আবেলি তেওঁ এখন সংবাদমেল সম্বোধন কৰে।
“এয়াই কেৰেলাৰ বিশেষত্ব। আমি আমাৰ একতাৰ শক্তি পূৰ্বেও প্ৰত্যক্ষ কৰিছো।”- সংবাদমেলত মুখ্যমন্ত্ৰীজনে কয়- “”যিকোনো সমস্যাক অতিক্ৰম কৰিবলৈ আমাৰ শক্তি হৈছে জনতাৰ এই সহযোগ।”
“চৰকাৰে স্পষ্ট কৰি দিছে যে আমি জনসাধাৰণক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিম আৰু তাৰ প্ৰতিক্ৰিয়াস্বৰূপে জনতাই চৰকাৰক সহায় কৰিব বিচাৰিছে।”- তেওঁ কয়।