এইবাৰ ৰামায়ণৰ ‘দশৰথ’ৰ চৰিত্ৰত অভিনয় কৰিব অমিতাভ বচ্চনে!

ফটোঃ সংগ্ৰহীত।

নীতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিত এইবাৰ নতুন সংযোজন। নতুন খবৰ অনুসৰি চিনেমাখনত অমিতাভ বচ্চনক ‘দশৰথ’ৰ চৰিত্ৰত দেখা যাব। ছবিখনত ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ থকাৰ বিপৰীতে সীতাৰ চৰিত্ৰত কেইবাগৰাকীও অভিনেত্ৰী সলনি কৰা হৈছে। ইফালে অমিতাভ বচ্চনে ‘ৰামায়ণ’ত যোগদান কৰাৰ খবৰ এইবাৰ শুনা গৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিৰ শ্বুটিং। এই ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী ছাই পল্লৱীয়ে। ৰাৱণৰ ৰূপত যশ। হনুমানৰ চৰিত্ৰত অভিনয় কৰিব ছানী দেওলে। ইয়াৰ বাহিৰেও কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিব লাৰা দত্তই। সেইদৰে, শূৰ্পনখাৰ চৰিত্ৰত অভিনয় কৰিব ৰাকুল প্ৰীত সিঙে।

লগতে পঢ়কঃ খেল চলি থকাৰ সময়তে খেলপথাৰত বজ্ৰ পৰি মৃত্যু ফুটবলাৰৰ; চাওক শিহৰণকাৰী ভিডিঅ’

নীতেশ তিৱাৰীৰ ৰামায়ণৰ শেহতীয়া উল্লেখযোগ্য সংযোজন হৈছে অমিতাভ বচ্চন। দশৰথৰ চৰিত্ৰৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছে। জানিব পৰা মতে, ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱীৰ সৈতে শ্বুটিং আৰম্ভ হ’ব। মে’ মাহৰ পৰা অভিনয় আৰম্ভ কৰিব ছানী দেওলে। ৰাৱণৰ অভিনেতা যশে জুলাইৰ পৰা আৰম্ভ কৰিব নিজৰ ভাগৰ শ্বুটিং।

২০২৫ চনৰ দীপাৱলীত মুক্তি পোৱাৰ কথা ছবিখন। শুনা গৈছে যে নীতেশ তিৱাৰীয়ে এই ছবিখন তিনিটা ভাগত নিৰ্মাণ কৰিব। ছবিখনত ভিএফএক্সৰ ব্যাপক ব্যৱহাৰ হ’ব। মুম্বাইত ৰামায়ণৰ মূল শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বে লণ্ডনলৈ গৈ আছে ৰাম চৰিত্ৰৰ অভিনেতা ৰণবীৰ কাপুৰ। লণ্ডনৰ এটা বিখ্যাত কোম্পানীয়ে ছবিখনৰ বাবে ভিএফএক্সৰ দায়িত্ব লাভ কৰিছে। মূল শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বে ভিএফএক্স কোম্পানীটোৱে ৰণবীৰ কাপুৰৰ সৈতে কেইবাটাও দৃশ্যৰ আখৰা কৰিব।

লগতে পঢ়কঃ কি কাণ্ড! ৬৪৩ বাৰ ট্ৰেফিক আইন ভংগ; স্কুটি চালকক বিচাৰি চলাথ কৰিছে আৰক্ষীয়ে

কেইবাবছৰ পূৰ্বে অভিনেতা সঞ্জয় খানে ৰামায়ণৰ আধাৰত এখন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। ছবিখনৰ নাম তেওঁ ভাবিছিল ‘দ্য লিজেণ্ড অফ ৰাম’। এই ছবিখনত তেওঁ ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ হৃতিক ৰোশনক নিৰ্বাচিত কৰিছিল। লক্ষ্মণৰ চৰিত্ৰৰ বাবে তেওঁ নিজৰ পুত্ৰ জায়েদ খানক বিবেচনা কৰিছিল। আৰু তেতিয়াই তেওঁ দশৰথৰ চৰিত্ৰত অভিনয় কৰিবলৈ অমিতাভ বচ্চনৰ কাষ চাপিছিল। কিন্তু সঞ্জয় খানৰ ৰামায়ণ নিৰ্মাণ হৈ নুঠিল।