পশ্চিমবংগৰ আছানছোলৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বৃহস্পতিবাৰে এক শোকাবহ অঘটন সংঘটিত হয়। বিদ্যালয়খনত চলি থকা গ্ৰীষ্মকালীন শিবিৰত সাঁতোৰ শিকিবলৈ গৈ চুইমিং পুলত ডুবি ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু ঘটে। মৃত ছাত্ৰগৰাকী আছানছোলৰ ল’ৱাৰ চেলিডাঙাৰ হুচুক পাৰাৰ নিবাসী এনচেল হিলাৰিয়ানৰ পুত্ৰ অদ্বিক হিলাৰিয়ান বুলি চিনাক্ত কৰা হৈছে। এই অনাকাংক্ষিত ঘটনাত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বিদ্যালয়খনত আয়োজিত গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰিছিল ছাত্ৰগৰাকীয়ে। বৃহস্পতিবাৰে আন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অদ্বিকো চুইমিং পুলত সাঁতোৰৰ প্ৰশিক্ষণৰ বাবে নামিছিল। কিন্তু প্ৰশিক্ষণ চলি থকাৰ সময়তে হঠাতে তেওঁ পানীত ডুব যাবলৈ ধৰে। ঘটনাটো তাত উপস্থিত থকা শিক্ষক আৰু কৰ্মচাৰীসকলৰ চকুত পৰাৰ লগে লগে তেওঁলোকে অদ্বিকক ততাতৈয়াকৈ পানীৰ পৰা উদ্ধাৰ কৰি আছানছোল জিলা চিকিৎসালয়লৈ লৈ যায়। অৱশ্যে চিকিৎসালয় পোৱাৰ পিছতেই উপস্থিত চিকিৎসকে ছাত্ৰগৰাকীক মৃত বুলি ঘোষণা কৰে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ছাত্ৰগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা আছানছোল জিলা চিকিৎসালয়তে সম্পন্ন কৰা হ’ব। এই শোকাবহ ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰবি ভিক্টৰ, মৃত ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোক আৰু স্থানীয় বাসিন্দাসকল চিকিৎসালয়ত উপস্থিত হয়হি। এই অঘটনৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষৰ সুৰক্ষা ব্যৱস্থাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে আৰু অভিভাৱকসকলৰ মাজত গভীৰ উদ্বেগ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে, কেইবছৰমান পূৰ্বেও আছানছোল ক্লাবৰ চুইমিং পুলত সাঁতুৰিবলৈ গৈ এগৰাকী ব্যৱসায়ীৰ একেদৰেই মৃত্যু হৈছিল।





