কাৰ্বিভূমিৰ পৰা বিকল্প ৰাজনীতিৰ স্বপ্ন : ৰিজনেল ডেমক্ৰেটিক এলায়েন্সত যোগ দিলে এ এছ ডি চি-এ
কংগ্ৰেছৰ দীৰ্ঘ সময়ৰ শাসন আৰু বিজেপিৰ বিগত দিনবোৰৰ অভিজ্ঞতাৰ পাছত অসমত এটা বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তিৰ পোষকতা কৰি দুটা ক্ষুদ্ৰ দলেৰে গঠন হৈছিল ৰিজিঅ’নেল ডেমক্ৰেটিক এলায়েন্স (আৰ ডি এ)।
আজি এই মৰ্চাত যোগ দি অসমত আঞ্চলিকতাবাদৰ নতুন ভেটি শক্তিশালী কৰাৰ বাবে আগ বাঢ়ি আহিল কাৰ্বি আংলং আৰু ডিমা হাচাওৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অট’ন’মাছ ষ্টেট ডিমাণ্ড কমিটী চমুকৈ এ এছ ডি চি।
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এটা কাৰ্যসূচীত আনুষ্ঠানিকভাৱে আৰ ডি এ’ৰ অংশীদাৰ হয় পাহাৰীয়া দলটো। ইয়াৰ পাছত এখন সংবাদমেলত অসমৰ থলুৱা ৰাইজৰ ভাষা, সাহিত্য, সংস্কৃতিৰ সুৰক্ষা আৰু সৰ্বাংগীণ উন্নয়নৰ বাবে আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি অসমেই নহয় সমগ্ৰ ভাৰততেই এটা বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে এ এছ ডি চিৰ সভাপতি হলিৰাম টেৰাঙে।
“সমগ্ৰ ভাৰততেই এটা বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে। ১৯৪৭-অত স্বাধীনতাৰ পাছৰ পৰাই দেশখনত ৰাইজৰ বিৰোধী আৰু গণতন্ত্ৰৰ বিৰোধী শক্তিসমূহে শাসন কৰি আহিছে”, হলিৰাম টেৰাঙে কয়।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভাষিক, জাতিগত, সাংস্কৃতিক, ধৰ্মীয় বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি এটা প্ৰকৃত যুক্তৰাষ্টীয় ব্যৱস্থাৰ পক্ষত নিজৰ মন্তব্য প্ৰকাশ কৰে হলিৰাম টেৰাঙে। তেওঁ লগতে ‘ভাৰত যুক্তৰাষ্ট্ৰতো নহ’লেই, প্ৰকৃত অৰ্থত গণতন্ত্ৰ তথা গণৰাজ্যও হোৱা নাই’ বুলিও আক্ষেপ প্ৰকাশ কৰে।
ইয়াৰ উপৰি অসম গণ পৰিষদৰ কথা উল্লেখ কৰি দলটোৰ পৰা অসমৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি আশা কৰি লাভ নাই বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে।
সংবাদমেলত আৰ ডি এৰ অধ্যক্ষ প্ৰদ্যুৎ বৰাই হলিৰাম টেৰাঙক কেৱল কাৰ্বি আংলঙৰ নেতা হৈ নাথাকি অসমৰো নেতৃত্ব ল’বলৈ আহ্বান জনায়।
“ছেনচন ইংতিয়ে অসমত শৈক্ষিক সাক্ষৰতাৰ সংগ্ৰাম কৰিছিল, এতিয়া হলিৰাম টেৰাঙে ৰাজনৈতিক সাক্ষৰতাৰ বাবে সংগ্ৰাম কৰক”, টেৰাঙলৈ প্ৰদ্যুৎ বৰাৰ আহ্বান।
বৰাই কংগ্ৰেছৰ গান্ধী পৰিয়াল-প্ৰীতি আৰু বিজেপিৰ হিন্দুত্ব-প্ৰীতিয়ে নতুন প্ৰজন্মক বৰ অসমৰ স্বপ্নদ্ৰষ্টাক পাহৰাই পেলাইছে বুলি মন্তব্য কৰে। একেদৰে ভাৰতত সঠিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় দলে কেতিয়াও যুঁজ নিদিয়ে, এই যুঁজ আঞ্চলিক ৰাজনৈতিক দলেহে কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।
ভৱিষ্যতে অসমত য়ু পি এ, এন ডি এ আৰু আৰ ডি এৰ মাজত যুঁজ হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় আৰ ডি এৰ অধ্যক্ষগৰাকীয়ে।
সংবাদমেলত ৰাজনৈতিক বিকল্পৰ অবিহনে কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই ক্ষমতাৰ ভাগ-বাটোৱাৰা হ’ব বুলি মন্তব্য কৰে আৰ ডি এৰ অংশীদাৰী দল অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰে।
উল্লেখযোগ্য যে ২০১৮-অৰ ২১ ছেপ্টম্বৰত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি আৰু অসম সংগ্ৰামী মঞ্চই ৰাজনৈতিক মতাদৰ্শগত ঐক্যৰে এটা নতুন আঞ্চলিক প্ৰগতিশীল ধাৰা সৃষ্টিৰ লক্ষ্যৰে আৰ ডি এ মৰ্চাটো গঠন কৰিছিল। আজি এ এছ ডি চিৰ মিলন হোৱাত মৰ্চাটোত তিনিটা আঞ্চলিক দল হ’লগৈ।
আজিৰ
অংশীদাৰ দল তিনিটাই আগন্তুক লোকসভা নিৰ্বাচনত আসন বুজাবুজিৰে অৱতীৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সভাপতি গুণ গগৈয়ে।