• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2023 6:17 pm
Asian Games 2023
4.1k
VIEWS
Share on FacebookShare on Twitter

চীনৰ হাংঝ’ত চলি থকা এছিয়ান গেমছত আজি বিয়লি ভাৰতে লাভ কৰিছে দুটাকৈ স্বৰ্ণ পদক। নতুন অভিলেখ স্থাপনেৰে অবিনাশ ছেবলে ৩০০০ মিটাৰ ষ্টীপলচেজত স্বৰ্ণ জয় কৰাৰ বিপৰীতে তাজিন্দৰপাল সিং টুৰে শ্বটপুটত অৰ্জন কৰে স্বৰ্ণ।

৮:১৯.৫০ মিনিটত দৌৰ সম্পূৰ্ণ কৰি অবিনাশে চলিত এছিয়ান গেমছৰ এথলেটিকছত প্ৰথমটো স্বৰ্ণ ভাৰতক উপহাৰ দিয়াৰ লগতে এছিয়ান গেমছৰ ইতিহাসত ৩০০০ মিটাৰ ষ্টীপলচেজত স্বৰ্ণ লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।

তদুপৰি তেওঁ এই ইভেণ্টত নতুন এছিয়ান গেমছ অভিলেখো স্থাপন কৰে। ২০১৮ চনৰ জাকাৰ্টাত ইৰাণৰ হোছেইন কেয়েহানীয়ে গঢ়া এছিয়ান গেমছৰ পূৰ্বৰ ৮:২২.৭৯ মিনিটৰ ৰেকৰ্ড ভংগ কৰি নিজৰ নামত ন অভিলেখ লিপিবদ্ধ কৰে।

ইফালে শ্বটপুটত স্বৰ্ণ পদক অৰ্জন কৰিছে দেশৰ কিংবদন্তি শ্বটপুট তাৰকা তাজিন্দৰপাল সিং টুৰে। ২০.৩৬ মিটাৰৰ শ্ৰেষ্ঠ থ্ৰ’ৰে তাজিন্দৰপালে হাংঝ’ত ভাৰতক দ্বাদশটো স্বৰ্ণ পদক উপহাৰ দিয়ে।

তদুপৰি বেডমিণ্টনৰ পুৰুষৰ শাখাত ভাৰতীয় পুৰুষ দলেও স্বৰ্ণ জয়ৰ সম্ভাৱনা উজ্জল কৰি ৰাখিছে। চলি থকা ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰতীয় দলটো এইপৰ্যন্ত ২-০ ব্যৱধানত আগবাঢ়ি আছে।

অৱশ্যে এই সফলতাৰ বিপৰীতে ভাৰতীয় অনুৰাগীক নিৰাশ কৰিছে দেশৰ তাৰকা বক্সাৰ নিখাত জাৰিনে। ৫০ কেজি শাখাৰ ছেমি ফাইনেলত পৰাস্ত হৈ জাৰিন ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd