মাৰ্ঘেৰিটাৰ উদ্যোগী মহিলা ববি হাজৰিকালৈ অসম চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ বঁটা । এই খবৰ বিয়পি পৰাৰ লগে লগে মাৰ্ঘেৰিটাত আনন্দৰ পৰিবেশৰ সৃষ্টি হৈছে।
সমাজ সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তি সকললৈ এই স্বীকৃতি অসম চৰকাৰে প্ৰদান কৰিছে ।মাৰ্ঘেৰিটাত এই বঁটা লাভ কৰে ববি হাজৰিকাই ।মাৰ্ঘেৰিটা মাকুম বাগানৰ নিবাসী ববি হাজৰিকাই বৰ্তমান এই বঁটা লাভ কৰি যথেষ্ট আনন্দিত৷
মিলিজুলি আত্মসহায়ক গোটৰ সদস্যা ববি হাজৰিকাই লাভ কৰিছে এই বঁটা।
লকডাউনৰ সময়ত দুখীয়া ৰাইজৰ মাজত মাক্স বিতৰণ, খাদ্য আদি দিয়াৰ লগতে বিভিন্ন কাৰ্যসূচী চলাই গৈছিল তেওঁ ।
তেওঁ পিঠাৰ লগতে আচাৰো প্ৰস্তত কৰি বিভিন্ন স্থানত বিক্ৰী কৰি আহিছে আৰু এনেদৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহু মহিলা-যুৱতীকো স্বাৱলম্বী কৰি তোলাত সহায় কৰি আহিছে।