• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নামঘৰীয়া’ৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 27, 2022 6:17 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথিতযশা সাহিত্যিক তথা অনুবাদক অতুলানন্দ গোস্বামীৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। আজি পুৱা প্ৰায় ৪.৪০ বজাত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ‘নামঘৰীয়া’ৰ স্ৰষ্টাগৰাকীয়ে।বিগত দহদিন ধৰি বাৰ্দ্ধক্যজনিত ৰোগৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল বৰেণ্য সাহিত্যিকগৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ।

অসমীয়া সাহিত্য জগতৰ এগৰাকী স্বনামধন্য গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক অতুলানন্দ গোস্বামীৰ জন্ম হৈছিল ১৯৩৫ চনত। বৃত্তিগতভাৱে অসম চৰকাৰৰ এগৰাকী কৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অতুলানন্দ গোস্বামীয়ে।‘চেনেহ জৰীৰ গাঁথি’ নামৰ উপন্যাসৰ বাবে ২০০৬ বৰ্ষত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অৱশ্যে জনপ্ৰিয় উপন্যাস ‘নামঘৰীয়া’ক তেখেতৰ শ্ৰেষ্ঠ সাহিত্য কৃতিৰ অভিধা দিয়া হয়।

Apply Now

নামঘৰীয়াৰ বাবে তেখেতক অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ আৰু ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ প্ৰদান কৰা হৈছিল। উপন্যাসখন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপে প্ৰচাৰ কৰিছিল।২০১৩ চনত বিশিষ্ট সাহিত্যিক গৰাকীক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল।অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বঙালী, ওড়িয়া আৰু সেই ভাষাসমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল।বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। কথাশিল্পী গৰাকীক মৃত্যুত শোক প্ৰকাশ কৰি শেষ শ্ৰদ্ধাঞ্জলি জনাইছে তেওঁৰ অযুত গুণমুগ্ধই।

প্ৰথিতযশা সাহিত্যিক, অসম প্ৰকাশন পৰিষদৰ ‘জীৱনজোৰা সাধনা বঁটা প্ৰাপক’ অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে৷ ২৭ জুলাই ২০২২, বুধবাৰে পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পৌৰোহিত্যত সকলো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এখন শোক সভাত গোস্বামীৰ মৃত্যুত অসমে এগৰাকী যশস্বী সাহিত্যিকক হেৰুৱালে বুলি অভিহিত কৰে৷সভাত মৃতকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

আজি গুৱাহাটী মহানগৰীৰ নৱগ্ৰহ শ্মশানত বিশিষ্ট সাহিত্যিকগৰাকীৰ নশ্বৰ দেহৰ অন্তিম সংস্কাৰ কৰা হয়। সাহিত্যিকগৰাকীক ৰাজ্য চৰকাৰে যেনে ধৰণে মৃত্যুৰ পিছত সন্মান যাঁচিব লাগিছিল তেনে সন্মান নযঁচা বুলি বহুতে অভিযোগ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd