ভাষাক লৈ শেনৰ এজাত সাহিত্য সভা, কাষ চাপিল আৰক্ষী সঞ্চালকপ্ৰধানৰ

Asom Sahitya Sabha meets DGP Kuladhar Saikia

শুকুৰবাৰে আৰক্ষী সঞ্চালকপ্ৰধানক সাহিত্য সভাৰ সাক্ষাতৰ ছবি।

ৰাজ্য ভাষা আইন অনুসৰি অসমত অসমীয়াকে ধৰি সংশ্লিষ্ট ভাষাসমূহৰ উপযুক্ত প্ৰয়োগৰ দাবীত সৰৱ হৈ অহা সাহিত্য সভা এইবাৰ কাষ চাপিছে আৰক্ষী সঞ্চালকপ্ৰধানৰ।

শুকুৰবাৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াক সাক্ষাৎ কৰি সভাৰ এটা প্ৰতিনিধি দলে বিভাগটোত ভাষাৰ উপযুক্ত প্ৰয়োগৰ দাবী জনাইছে।

“অসমৰ সকলো আৰক্ষী কাৰ্য্যালয়ত অসমৰ ভাষা নীতিমতে ব্ৰহ্মপুত্ৰ উপত্যকাত সংযোগী অসমীয়া ভাষা, বড়ো স্বায়ত্ত শাসিত এলেকাত বড়ো-অসমীয়া ভাষা, পাৰ্বত্য এলেকাত ইংৰাজী-অসমীয়া আৰু বৰাক উপত্যকাত বাংলা-অসমীয়া ভাষা যথাযথভাৱে ব্যৱহাৰ কৰাৰ আহ্বান জনায়,” সভাৰ বিবৃতি।

সভাই লগতে কয়, “আৰক্ষীৰ সকলো প্ৰকাৰৰ নিয়োগৰ লিখিত সাক্ষাৎকাৰত ৫০ শতাংশ অসমৰ মাতৃভাষা আৰু ৫০ শতাংশ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰা, অসম আৰক্ষীৰ অভ্যন্তৰীণ সকলোপ্ৰকাৰৰ কাম-কাজত বিশেষকৈ গোচৰ লিপিবদ্ধ কৰাত, জৱানবন্দী লিখাত, পোছাকত আৰু নিজৰ নামফলকত তথা যিকোনো ধৰণৰ আৰক্ষীৰ কাম-কাজত চৰকাৰী ভাষাৰ যথোপযুক্ত প্ৰয়োগ কৰাৰ দাবী জনোৱা হয়।”

আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই মাতৃভাষা প্ৰয়োগৰ বিষয়টো গুৰুত্বসহকাৰে লৈ ৰাজ্যখনৰ আৰক্ষী বিভাগত বলবৎ কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে, সভাৰ মন্তব্য।

লগতে পঢ়ক– অসমীয়াত লিখক, নহ’লে ৰাজহুৱাকে পুৰি পেলাম চিঠি: অসম চৰকাৰক সকীয়নি সাহিত্য সভাৰ

“আৰক্ষী-ৰাইজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল আৰু শক্তিশালী মাধ্যম মাতৃভাষা। অসম আৰক্ষীয়ে সমগ্ৰ বিষয়টো আন্তৰিকতাপূৰ্ণভাৱে আগবঢ়াই নিব,” সঞ্চালকপ্ৰধান শইকীয়াৰ আশ্বাসৰ এই উদ্ধৃতি সাহিত্য সভাৰ।

গুৱাহাটীৰ উলুবাৰীস্থিত আৰক্ষী সঞ্চালকপ্ৰধানৰ কক্ষত অনুষ্ঠিত বৈঠকত সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, ডিব্ৰুগড় আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক আদিত্য শইকীয়া, সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাৰ উপৰি আৰক্ষী মহা পৰিদৰ্শক (বিশেষ শাখা) হীৰেন নাথ, উপ-আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) দিগন্ত বৰা, উপ-আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অৰৱিন্দ কলিতা, সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) কৃষ্ণ দাস, অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ শইকীয়া উপস্থিত আছিল।