• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনা মাতৃভাষা ৰক্ষাৰ হকে জংগী হোৱাৰ হুংকাৰ পৰমানন্দ ৰাজবংশীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 21, 2019 9:35 pm
9deda2f0-f1e0-4f83-b59f-422fb8c37b68

আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰা মুহূৰ্তত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাতৃভাষাক ৰক্ষা কৰিবৰ বাবে অসম সাহিত্য সভাই লৈছে বহু পদক্ষেপ। আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে আজি অসম সাহিত্য সভাই কেতবোৰ ‘জংগী’ হোৱাৰ এক সংকল্প গ্ৰহণ কৰিছে। কাইলৈৰ পৰাই এই অভিযান আৰম্ভ কৰিব অসম সাহিত্য সভাই।

এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমাননদ ৰাজবংশীয়ে কয়, ‘’কাইলৈৰ পৰা অসমৰ বচা বচা বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান তথা চৰকাৰী কাৰ্য্যালয়সমূহলৈ যাম। অসম সচিবালয়, জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈয়ো যোৱা হ’ব। আজিৰে পৰা সকলোকে সাৱধান কৰি দিছো আমি সকলোৱে অসমীয়া ভাষাত চিঠি লিখিম। চৰকাৰী টোকাসমূহতো অসমীয়া ভাষা লিখিবৰ বাবে আহ্বান জনাইছো।‘’

Apply Now

‘’কোনো বিষয়া কৰ্মচাৰীয়ে যদি নিলিখে আমি প্ৰথমতে আহ্বান জনাম। যদি এসপ্তাহ অথবা এমাহৰ পাছত আমাৰ এই কথা নুশুনে আমি অভদ্ৰামি কৰিমেই। সেইটো খাটাং।‘’ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনাই এই হুংকাৰ দিছে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে।

ইপিনে মাতৃভাষাক শ্ৰদ্ধা কৰিবলৈ আহ্বান জনোৱাৰ বাবে যদি কোনোবাই তাৰ কাৰণে অপমান কৰে তেন্তে ‘আমি সাজু আছো‘ বুলিও তেওঁ কয়।

তেওঁ লগতে কয়, ‘‘ব্ৰহ্মপুত্ৰ উপত্যকাত অন্ততঃ অসমীয়া ভাষাত চিঠি অথবা চৰকাৰী টোকাসমূহ ব্যৱহাৰ কৰে তাৰ প্ৰতি দৃষ্টি ৰখা হ’ব। বৰাক উপত্যকাত বাংলা আৰু অসমীয়া,পাহাৰীয়া অঞ্চলসমূহত অসমীয়া আৰু ইংৰাজী ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাইছো।‘’

প্ৰয়োজন সাপেক্ষে অসমীয়া ভাষা ব্যৱহাৰ নকৰা বিদ্যালয়-মহাবিদ্যালয়, চৰকাৰী কাৰ্য্যালয় অথবা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানত তলা ওলোমাই দিয়াৰো হুংকাৰ দিয়ে ৰাজবংশীয়ে।

আনহাতে, অসমৰ হিন্দু বঙালীসকলক তেওঁ শ্ৰদ্ধা কৰে বুলিও এক মত পোষণ কৰে। ‘অসমৰ হিন্দু বাঙালীসকলক মই খুব শ্ৰদ্ধা কঁৰো। কিয়নো তেওঁলোকে নিজৰ মাতৃভাষাক খুব শ্ৰদ্ধা কৰে আৰু ভাল পায়। সেইকাৰণে বিশ্বৰ ভিতৰত সপ্তম স্থানত আছে বাংলা ভাষা। তেওঁলোকে নিজৰ মাতৃভাষাক ইমান ভাল পায় গতিকে আমি কিয় তেওঁলোকক বেয়া পাব লাগে?’ এইদৰে কয় ৰাজবংশীয়ে।

আমাৰ নিজস্ব স্বাভিমান আছে, কিন্তু আমি অসমীয়াসকলে নিজকে পাহৰি গৈছো। প্ৰাথমিক বিদ্যালয়ৰ পৰাই ইংৰাজী ভাষাতে লিখা হয় আবেদনখন। কিন্তু কিয়?

ৰাজবংশীৰ অভিযোগ ‘‘অসমীয়া বিভাগৰ শিক্ষকসকলেই অসমীয়াত আবেদনখন নিলিখে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিকাংশই অসমীয়া ভাষাত চিঠি অথবা আবেদন নিলিখে।‘‘ তদুপৰি, ইংৰাজী ভাষাৰ দাসত্বৰ পৰা আমি মুক্ত হ’ব পৰা নাই বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজবংশীয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, এই দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট নাট্যকৰ্মী নয়ন প্ৰসাদক শুক্ৰাচাৰ্য ৰাভা বঁটা প্ৰদান কৰা হয়। লগতে বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু ড০ শিৱনাথ বৰ্মনক প্ৰদান কৰা হয় অৰুণোদয় সন্মান। ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত শুক্ৰাচাৰ্য ৰাভাৰ পত্নীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd