• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক শিক্ষাবৰ্ষত আৰম্ভ হ’ব অসম সাহিত্য সভাৰ জাতীয় শিক্ষা সংসদৰ আদৰ্শ বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2019 7:06 am
asomsahityasabha-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট, মৰিগাঁও আদি বিভিন্ন স্থানত আৰম্ভ হ’ব কেইবাখনো বিশ্বমানৰ আদৰ্শ বিদ্যালয়।

অসম সাহিত্য সভাৰ দ্বাৰা গঠিত ‘জাতীয় আদৰ্শ শিক্ষা সংসদ’ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে সাহিত্য সভাই।

Apply Now

ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ মহেন্দ্ৰনাথ বৰা সভাকক্ষত অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি তথা শিক্ষা সংসদৰ অধ্যক্ষ ড০ পৰমানন্দ ৰাজবংশীয়ে।

প্ৰাৰম্ভিক ভাষণত ড০ ৰাজবংশীয়ে কয় যে ভাষা-সাহিত্য-সংস্কৃতি, ঐতিহ্য-ইতিহাস আদি বিভিন্ন দিশ আগত ৰাখি নতুন প্ৰজন্মক জাতীয় চিন্তা-চৰ্চা, স্বাভিমান চেতনাৰে উদ্বুদ্ধ কৰি ডিজিটেল বিশ্বৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে প্ৰকৃত মানৱ সম্পদ গঢ়িবলৈ ২০২০ বৰ্ষৰ পৰা জাতীয় শিক্ষা সংসদৰ অধীনত আদৰ্শ বিদ্যালয় স্থাপনৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে।

প্ৰস্তাৱিত বিদ্যালয়সমূহ তিনিবছৰৰ ওপৰৰ শিশু ছাত্ৰ-ছাত্ৰীৰ পৰা বিশ্ববিদ্যালয়ৰ শ্ৰেণীলৈ ভৱিষ্যতে প্ৰসাৰিত কৰা হ’ব। শিক্ষাৰ মাধ্যম অসমীয়া হ’ব যদিও ইংৰাজী, হিন্দী আৰু খিলঞ্জীয়া ভাষা শিক্ষাও বিষয় হিচাপে থাকিব।

সচিব ৰাণা বশিষ্ঠই শিক্ষা সংসদৰ বিশেষ পৰিকল্পনা, শ্ৰেণী কক্ষৰ বিশেষ সা-সুবিধা, শিক্ষণ-প্ৰশিক্ষণ পদ্ধতি, শিক্ষা ব্যৱস্থা, পাঠ্যপুথি প্ৰণয়ন, প্ৰশাসনীয় ব্যৱস্থাৰ বিষয়ে সভাত অৱগত কৰে।

সভাৰ প্ৰধান সম্পাদক তথা শিক্ষা সংসদৰ উপাধ্যক্ষ পদুম ৰাজখোৱাই অসম জাতীয় শিক্ষা সংসদ সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ দূৰদৰ্শী চিন্তাৰ ফচলৰূপে অভিহিত কৰি এই শিক্ষা সংসদৰ জৰিয়তে সুচিন্তিতভাৱে সুস্থ মানৱ সম্পদ গঢ়িবলৈ লোৱা প্ৰচেষ্টাক বাস্তৱ ৰূপ দিয়া হ’ব বুলি মত প্ৰকাশ কৰে।

সভাত অসম সাহিত্য সভাৰ আইন উপদেষ্টা তথা শিক্ষা সংসদৰ উপদেষ্টা বিজন মহাজনে নিজৰ ভাষণত ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত অসম সাহিত্য সভাই যুগৰ লগত খাপ খুৱাই বিশ্ব মানৰ আদৰ্শ বিদ্যালয় স্থাপনৰ যি পৰিকল্পনা কৰিছে, সেয়া জাতিটোৰ বাবে এক সোণালী অধ্যায় হ’ব বুলি অভিহিত কৰে।

সভাত অধিবক্তা নিমাই দাস, শিক্ষাবিদ গৌৰীকান্ত ভূঞা, ধ্ৰু¸ৱপ্ৰসাদ বৈশ্য, জগন্নাথ ৰাজবংশী, অমৰেন্দ্ৰ বৰুৱা, সৎৰাম কলিতা, গৌতম ৰায়, ত্ৰৈলোক্য ৰায়, প্ৰভাত চন্দ্ৰ দাস, কুঁহি উপ-সমিতিৰ উপ-সভাপতি স্বপ্নালী বৰগোহাঁই, ধনভঁৰালী কনককুমাৰ বৰা, গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱকুমাৰ শৰ্মা আদিয়ে শিক্ষা সংসদৰ পৰিকল্পনাক আদৰণি জনায় আৰু পৰামৰ্শ আগবঢ়ায়।

জাতীয় শিক্ষা সংসদৰ প্ৰথমখন বিদ্যালয় ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোঁৱৰণি শৈক্ষিক ন্যাসৰ সৌজন্যত যোৰহাটৰ তৰাজনাত, দ্বিতীয়খন বিদ্যালয় মৰিগাঁৱৰ ৰজামায়ঙৰ অন্তৰ্গত ঢেঁকীয়াবাৰীত আৰু তৃতীয়খন বিদ্যালয় যোৰহাটৰ টীয়কত আৰম্ভ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।

তিনিওখন বিদ্যালয় অহা শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ হ’ব আৰু অহা অক্টোবৰৰ পৰাই নামভৰ্তিৰ আৱেদন প্ৰ-পত্ৰসমূহ বিদ্যালয়ৰ কাৰ্যালয়ত দিয়া হ’ব বুলি এক বিজ্ঞপ্তিযোগে প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সদৰী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd