আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট, মৰিগাঁও আদি বিভিন্ন স্থানত আৰম্ভ হ’ব কেইবাখনো বিশ্বমানৰ আদৰ্শ বিদ্যালয়।
অসম সাহিত্য সভাৰ দ্বাৰা গঠিত ‘জাতীয় আদৰ্শ শিক্ষা সংসদ’ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে সাহিত্য সভাই।
ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ মহেন্দ্ৰনাথ বৰা সভাকক্ষত অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি তথা শিক্ষা সংসদৰ অধ্যক্ষ ড০ পৰমানন্দ ৰাজবংশীয়ে।
প্ৰাৰম্ভিক ভাষণত ড০ ৰাজবংশীয়ে কয় যে ভাষা-সাহিত্য-সংস্কৃতি, ঐতিহ্য-ইতিহাস আদি বিভিন্ন দিশ আগত ৰাখি নতুন প্ৰজন্মক জাতীয় চিন্তা-চৰ্চা, স্বাভিমান চেতনাৰে উদ্বুদ্ধ কৰি ডিজিটেল বিশ্বৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে প্ৰকৃত মানৱ সম্পদ গঢ়িবলৈ ২০২০ বৰ্ষৰ পৰা জাতীয় শিক্ষা সংসদৰ অধীনত আদৰ্শ বিদ্যালয় স্থাপনৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে।
প্ৰস্তাৱিত বিদ্যালয়সমূহ তিনিবছৰৰ ওপৰৰ শিশু ছাত্ৰ-ছাত্ৰীৰ পৰা বিশ্ববিদ্যালয়ৰ শ্ৰেণীলৈ ভৱিষ্যতে প্ৰসাৰিত কৰা হ’ব। শিক্ষাৰ মাধ্যম অসমীয়া হ’ব যদিও ইংৰাজী, হিন্দী আৰু খিলঞ্জীয়া ভাষা শিক্ষাও বিষয় হিচাপে থাকিব।
সচিব ৰাণা বশিষ্ঠই শিক্ষা সংসদৰ বিশেষ পৰিকল্পনা, শ্ৰেণী কক্ষৰ বিশেষ সা-সুবিধা, শিক্ষণ-প্ৰশিক্ষণ পদ্ধতি, শিক্ষা ব্যৱস্থা, পাঠ্যপুথি প্ৰণয়ন, প্ৰশাসনীয় ব্যৱস্থাৰ বিষয়ে সভাত অৱগত কৰে।
সভাৰ প্ৰধান সম্পাদক তথা শিক্ষা সংসদৰ উপাধ্যক্ষ পদুম ৰাজখোৱাই অসম জাতীয় শিক্ষা সংসদ সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ দূৰদৰ্শী চিন্তাৰ ফচলৰূপে অভিহিত কৰি এই শিক্ষা সংসদৰ জৰিয়তে সুচিন্তিতভাৱে সুস্থ মানৱ সম্পদ গঢ়িবলৈ লোৱা প্ৰচেষ্টাক বাস্তৱ ৰূপ দিয়া হ’ব বুলি মত প্ৰকাশ কৰে।
সভাত অসম সাহিত্য সভাৰ আইন উপদেষ্টা তথা শিক্ষা সংসদৰ উপদেষ্টা বিজন মহাজনে নিজৰ ভাষণত ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত অসম সাহিত্য সভাই যুগৰ লগত খাপ খুৱাই বিশ্ব মানৰ আদৰ্শ বিদ্যালয় স্থাপনৰ যি পৰিকল্পনা কৰিছে, সেয়া জাতিটোৰ বাবে এক সোণালী অধ্যায় হ’ব বুলি অভিহিত কৰে।
সভাত অধিবক্তা নিমাই দাস, শিক্ষাবিদ গৌৰীকান্ত ভূঞা, ধ্ৰু¸ৱপ্ৰসাদ বৈশ্য, জগন্নাথ ৰাজবংশী, অমৰেন্দ্ৰ বৰুৱা, সৎৰাম কলিতা, গৌতম ৰায়, ত্ৰৈলোক্য ৰায়, প্ৰভাত চন্দ্ৰ দাস, কুঁহি উপ-সমিতিৰ উপ-সভাপতি স্বপ্নালী বৰগোহাঁই, ধনভঁৰালী কনককুমাৰ বৰা, গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱকুমাৰ শৰ্মা আদিয়ে শিক্ষা সংসদৰ পৰিকল্পনাক আদৰণি জনায় আৰু পৰামৰ্শ আগবঢ়ায়।
জাতীয় শিক্ষা সংসদৰ প্ৰথমখন বিদ্যালয় ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোঁৱৰণি শৈক্ষিক ন্যাসৰ সৌজন্যত যোৰহাটৰ তৰাজনাত, দ্বিতীয়খন বিদ্যালয় মৰিগাঁৱৰ ৰজামায়ঙৰ অন্তৰ্গত ঢেঁকীয়াবাৰীত আৰু তৃতীয়খন বিদ্যালয় যোৰহাটৰ টীয়কত আৰম্ভ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।
তিনিওখন বিদ্যালয় অহা শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ হ’ব আৰু অহা অক্টোবৰৰ পৰাই নামভৰ্তিৰ আৱেদন প্ৰ-পত্ৰসমূহ বিদ্যালয়ৰ কাৰ্যালয়ত দিয়া হ’ব বুলি এক বিজ্ঞপ্তিযোগে প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সদৰী কৰে।