মুখ্য মন্ত্ৰীৰ পদ, অসমৰ আগন্তুক বিধান সভা নিৰ্বাচনক লৈ চলা চৰ্চাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কৈছে যে ’২১ত প্ৰতিদ্বন্দ্বিতাৰ বাবে তেওঁ আগ্ৰহী নহয়।
“মই ইতিমধ্যে বহু ৰাজহুৱা মঞ্চত উল্লেখ কৰি আহিছো যে মই পৰৱৰ্তী বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহওঁ,” মঙলবাৰে কৰা এক টুইটত মন্ত্ৰী শৰ্মাই কয়।
তেওঁ কয় যে তেওঁৰ ভূমিকা দল আৰু ৰাজ্যৰ বাবে বৰঙনি আগবঢ়োৱাতে সীমাবদ্ধ থাকিব।
As I have already indicated in several public platform that I am not interested in contesting next assembly election, my role will be limited to contribute whatever I can for my party and for my state. For Assam future we need to have a strong nationalist govt. https://t.co/YRrdFG3y1a
— Himanta Biswa Sarma (@himantabiswa) August 25, 2020
মুখ্য মন্ত্ৰিত্বৰ পদবীক লৈ চলিত চৰ্চাৰ মাজতে মন্ত্ৰীজনে তেওঁ পদবীৰ পিছত নাই বুলিও আন এক টুইটত কয়।
“কিছু লোকে অনুভৱ কৰে যে মই কিবা পদ আৰু পদবীৰ পিছত আছো। মোৰ একমাত্ৰ উচ্চাকাংক্ষা হৈছে ১০০+ আসনৰ সৈতে এখন বিজেপিৰ চৰকাৰ দেখাটো,” শৰ্মাৰ টুইট।
“অসমৰ ভৱিষ্যতৰ বাবে আমাক এখন শক্তিশালী ৰাষ্ট্ৰীয়তাবাদী চৰকাৰৰ প্ৰয়োজন।”
Few people feel that I am after some post and https://t.co/dLn1iDhiur only ambition is to see a BJP GOVT with 100+https://t.co/4O4ZiQ6H29 my last few months,I want to work for my state as much as possible to have eternal satisfaction. “Janani Janmabhumishcha Swargadapi Gariyasi”
— Himanta Biswa Sarma (@himantabiswa) August 25, 2020
হিমন্ত বিশ্ব শৰ্মা ’২১ত বিজেপি দলৰ মুখ্য মন্ত্ৰী পদৰ দাবীদাৰ বুলি বিভিন্ন চৰ্চা চলি আহিছে।
মন্ত্ৰী পীযুষ হাজৰিকাই শেহতীয়াকৈ কৰা এক মন্তব্যৰ পিছতো এই লৈ ব্যাপক চৰ্চা হৈছিল।