ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপলৈ ৰাওনা হিমা সহিতে অসমৰ এথলেটিকছ দল

Hima Das

হিমা দাসৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

পাটিয়ালাত অনুষ্ঠিত হ’বলগীয়া ২৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে মঙলবাৰে ৰাতিপুৱা গুৱাহাটী গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৰাওনা হয় অসম দলটো।

অসমৰ তাৰকা দৌৰবিদ হিমা দাসেও দলটোৰ সৈতে পাটিয়াললৈ ৰাওনা হৈছে। অহা ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ চলিবলগীয়া প্ৰতিযোগিতাখনত দেশৰ  ভালেসংখ্যক আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। আনহাতে, প্ৰতিযোগিতাখনত হিমা দাসৰ প্ৰদৰ্শন লক্ষ্যনীয় হ’ব।

ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্বন কাপৰ বাবে ৰাওনা হোৱা অসম দলটো হৈছে- হিমা দাস, সুবৰ্ণ কলিতা, প্ৰশান্ত হালৈ, অভিলাষ বৰঠাকুৰ, ভীম মুছাহাৰী, ৰাজীৱ ব্ৰহ্ম, দিবাকৰ চৌবে, বিপুল সতনামী, দেৱ প্ৰতিম গগৈ, হেপী গগৈ, ফাৰহানা পাৰবিন, লাইমন নাৰ্জাৰী, ৰিম্পী বৰগোহাঁই, টুনলাই নাৰ্জাৰী, নিবেদিতা বৰ্মন আৰু ৰুণজুন পেগু। অসম দলটোৰ প্ৰশিক্ষক বাবুল বসুমতাৰী আৰু মেনেজাৰ এছ কে নিছাৰ আলমো খেলুৱৈ সকলৰসৈতে পাটিয়ালালৈ উৰা মাৰিছে।