পঞ্চায়তত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ : অসমে লাভ কৰিলে দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান
ৰাজ্যখনৰ পঞ্চায়তৰ কামকাজৰ ৰূপায়নৰ বেলিকা তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই চি টি) ব্যৱহাৰৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠা ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে।
পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আগবঢ়োৱা ২০১৯ বৰ্ষৰ ‘ই-পুৰস্কাৰ’ শিতানৰ প্ৰথম শ্ৰেণীৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এই তথ্য প্ৰকাশ কৰিছে।
আনহাতে, এই শিতানত মন্ত্ৰালয়ে ঘোষণা কৰা ‘ই-পুৰস্কাৰ’ লাভ কৰা ৰাজ্যসমূহৰ ভিতৰত প্ৰথম শ্ৰেণীত প্ৰথম স্থান লাভ কৰিছে মহাৰাষ্ট্ৰই। অসমে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে তৃতীয় স্থান পাইছে ছত্তীশগড়ে।
সেইদৰে দ্বিতীয় স্থানৰ দ্বিতীয় ‘এ’ৰ প্ৰথম স্থান লাভ কৰিছে তামিলনাডুৱে আৰু দ্বিতীয় স্থান পাইছে ঝাৰখণ্ডে। তদুপৰি, দ্বিতীয় ‘বি’ৰ প্ৰথম স্থান লাভ কৰিছে কৰ্ণাটকে।
উল্লেখযোগ্য যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আই চি টি) ব্যৱহাৰৰ জৰিয়তে পঞ্চায়তৰ কামকাজসমূহ ৰূপায়নৰ ক্ষেত্ৰত স্বচ্ছতা,দক্ষতা আৰু দায়বদ্ধ কৰাৰ বাবে দেশখনৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।
এইক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তি অতি সফলতাৰে ব্যৱহাৰ কৰা ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ‘ই-পঞ্চায়ত পুৰস্কাৰ’ আগবঢ়াই আহিছে।