• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰ্ণৱ গোস্বামীক আক্ৰমণ: বিজেপি, আছু-নেছ’, গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 23, 2020 7:57 pm

3 min read

Assam BJP, AASU-NESO, Gauhati press club condemn attack on Arnab Goswami

অৰ্ণৱ গোস্বামী।

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক সাংবাদিক অৰ্ণৱ গোস্বামীক মুম্বাইত দুষ্কৃতিকাৰীয়ে কৰা আক্ৰমণৰ ঘটনাই দেশজুৰি তোলপাৰ লগাইছে।

দেশৰ বহু দল-সংগঠন-ব্যক্তিৰ লগতে অসম ৰাজ্যিক বিজেপি, আছু-নেছ’, জাৰ্নেলিষ্ট ফেডাৰেশ্যন অৱ আছাম আৰু গুৱাহাটী প্ৰেছ ক্লাবেও বিশিষ্ট সাংবাদিকজনৰ ওপৰত আক্ৰমণৰ গৰিহণা দিছে।

নৰ্থ ইষ্ট নাওলৈ নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত ইয়াক পৰিকল্পিত আক্ৰমণ আখ্যা দিয়াৰ লগতে তীব্ৰ ভাষাৰে এই আক্ৰমণৰ গৰিহণা দিয়ে।

ইয়াক সম্পূৰ্ণ কাপুৰুষালি আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ আখ্যা আছু আৰু নেছ’ৰ।

“গণতন্ত্ৰত সকলোৰে মত ভিন্ন হ’ব পাৰে, কিন্তু তাৰ অৰ্থ হিংসা হ’ব নালাগে,” নেছ’ৰ বিজ্ঞপ্তিত প্ৰকাশ।

ইয়াৰোপৰি, দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ বাবে ছাত্ৰ সংগঠন দুটাই দাবী জনায়।

ইফালে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসেও গোস্বামীৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

“এজন সাংবাদিকৰ ওপৰত কংগ্ৰেছ দলৰ ব্যক্তিয়ে কৰা এই আক্ৰমণ সঁচাকৈ নিন্দাজনক। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে অতীজৰে পৰা কংগ্ৰেছ দলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰি আহিছে। সাংবাদিক তথা গণতন্ত্ৰৰ চতুৰ্থ  স্তম্ভৰ ওপৰত কংগ্ৰেছ দলৰ এনেধৰণৰ আক্ৰমণ সহ্য কৰা নহ’ব,” ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।

অতি সোনকালে মহাৰাষ্ট্ৰ চৰকাৰে এই আক্ৰমণৰ সৈতে জড়িত ব্যক্তিক কৰায়ত্ত কৰি বিহিত ব্যৱস্থা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে গুৱাহাটী প্ৰেছ ক্লাবে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে আৰু দোষীৰ বিৰুদ্ধে সঠিক ব্যৱস্থা ল’বলৈ মুম্বাই আৰক্ষীক আহ্বান জনাইছে।

“আমাৰ দেশত আইনৰ শাসন আছে আৰু পৰিস্থিতি যিয়েই নহওক এনে ঘটনা ঘটিবলৈ দিব নোৱাৰি,” প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে কয়।

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত আক্ৰমণৰ ধাৰাবাহিক ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি গুৱাহাটী প্ৰেছ ক্লাবে সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে এখন আইন আনিবলৈ অসম চৰকাৰক আহ্বান জনায়।

আনহাতে জাৰ্নেলিষ্ট ফেডাৰেশ্যন অৱ আছামৰ বিজ্ঞপ্তিত কোৱা হৈছে, “যি সময়ত মহামাৰী ক’ৰ’না ভাইৰাছ তথা কোভিড -১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ উদেশ্যে চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষীৰ লগতে দেশৰ সকলো সাংবাদিকে নিজৰ দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰি চৰকাৰক সহযোগিতাৰ হাত আগবঢ়াই আহিছে সেই সময়তে সদায় দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি অহা তথা যি কোনো বিষয় সাহসেৰে দেশৰ জনগণৰ সন্মুখত ডাঙি ধৰিবলৈ কুণ্ঠাবোধ নকৰা অৰ্ণৱ গোস্বামীৰ দৰে এজন সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা দেশৰ সাংবাদিক সমাজৰ বাবে চৰম দুৰ্ভাগ্যজনক।”

ৰিপাব্লিক টিভিৰ ষ্টুডিঅ’ৰ পৰা অৰ্ণৱ গোস্বামী ঘৰলৈ ওভতাৰ পথত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল।

আক্ৰমণৰ এই ঘটনাৰ আঁৰত কংগ্ৰেছৰ হাইকামাণ্ডে পঠিওৱা গুণ্ডাবাহিনী জৰিত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিক গোস্বামীয়ে।

কাৰ্যালয়ৰ পৰা পত্নী সম্যব্ৰতা ৰায় গোস্বামীৰ সৈতে ঘৰলৈ গৈ থকাৰ সময়তে ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত এই আক্ৰমণ সংঘটিত হৈছে।

মুখত মাস্ক পৰিধান কৰি বাইকেৰে অহা গুণ্ডাৰ দলটোৱে অৰ্ণৱৰ গাড়ী আগভেটি ধৰি অকথ্য গলি-গালাজ কৰাৰ লগতে বটলেৰে আক্ৰমণ কৰে।

আক্ৰমণকাৰী কেইজনক লগে লগে অৰ্ণৱৰ সুৰক্ষাত নিয়োজিত লোকে কৰায়ত্ত কৰি সোধাপোচা কৰাত অৰ্ণৱ গোস্বামীক এশিকনি দিবলৈ তেওঁলোকক কংগ্ৰেছৰ পৰা পঠিয়াইছিল বুলি উল্লেখ কৰিছিল।

আক্ৰমণকাৰী কেইজন বৰ্তমান মুম্বাই আৰক্ষীৰ জিম্মাত আছে।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত দুজন সাধু উন্মত্ত দলবদ্ধ আক্ৰমণত নিহত হোৱাৰ পাছতো ছোনিয়া গান্ধী কিয় মনে মনে আছে বুলি অৰ্ণৱ গোস্বামীয়ে প্ৰশ্ন কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছিল কংগ্ৰেছী নেতা-কৰ্মীসকল।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd