• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্ণৱ গোস্বামীক আক্ৰমণ: বিজেপি, আছু-নেছ’, গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 23, 2020 7:57 pm
Assam BJP, AASU-NESO, Gauhati press club condemn attack on Arnab Goswami

অৰ্ণৱ গোস্বামী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক সাংবাদিক অৰ্ণৱ গোস্বামীক মুম্বাইত দুষ্কৃতিকাৰীয়ে কৰা আক্ৰমণৰ ঘটনাই দেশজুৰি তোলপাৰ লগাইছে।

দেশৰ বহু দল-সংগঠন-ব্যক্তিৰ লগতে অসম ৰাজ্যিক বিজেপি, আছু-নেছ’, জাৰ্নেলিষ্ট ফেডাৰেশ্যন অৱ আছাম আৰু গুৱাহাটী প্ৰেছ ক্লাবেও বিশিষ্ট সাংবাদিকজনৰ ওপৰত আক্ৰমণৰ গৰিহণা দিছে।

Apply Now

নৰ্থ ইষ্ট নাওলৈ নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত ইয়াক পৰিকল্পিত আক্ৰমণ আখ্যা দিয়াৰ লগতে তীব্ৰ ভাষাৰে এই আক্ৰমণৰ গৰিহণা দিয়ে।

ইয়াক সম্পূৰ্ণ কাপুৰুষালি আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ আখ্যা আছু আৰু নেছ’ৰ।

“গণতন্ত্ৰত সকলোৰে মত ভিন্ন হ’ব পাৰে, কিন্তু তাৰ অৰ্থ হিংসা হ’ব নালাগে,” নেছ’ৰ বিজ্ঞপ্তিত প্ৰকাশ।

ইয়াৰোপৰি, দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ বাবে ছাত্ৰ সংগঠন দুটাই দাবী জনায়।

ইফালে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসেও গোস্বামীৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

“এজন সাংবাদিকৰ ওপৰত কংগ্ৰেছ দলৰ ব্যক্তিয়ে কৰা এই আক্ৰমণ সঁচাকৈ নিন্দাজনক। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে অতীজৰে পৰা কংগ্ৰেছ দলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰি আহিছে। সাংবাদিক তথা গণতন্ত্ৰৰ চতুৰ্থ  স্তম্ভৰ ওপৰত কংগ্ৰেছ দলৰ এনেধৰণৰ আক্ৰমণ সহ্য কৰা নহ’ব,” ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।

অতি সোনকালে মহাৰাষ্ট্ৰ চৰকাৰে এই আক্ৰমণৰ সৈতে জড়িত ব্যক্তিক কৰায়ত্ত কৰি বিহিত ব্যৱস্থা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে গুৱাহাটী প্ৰেছ ক্লাবে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে আৰু দোষীৰ বিৰুদ্ধে সঠিক ব্যৱস্থা ল’বলৈ মুম্বাই আৰক্ষীক আহ্বান জনাইছে।

“আমাৰ দেশত আইনৰ শাসন আছে আৰু পৰিস্থিতি যিয়েই নহওক এনে ঘটনা ঘটিবলৈ দিব নোৱাৰি,” প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে কয়।

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত আক্ৰমণৰ ধাৰাবাহিক ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি গুৱাহাটী প্ৰেছ ক্লাবে সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে এখন আইন আনিবলৈ অসম চৰকাৰক আহ্বান জনায়।

আনহাতে জাৰ্নেলিষ্ট ফেডাৰেশ্যন অৱ আছামৰ বিজ্ঞপ্তিত কোৱা হৈছে, “যি সময়ত মহামাৰী ক’ৰ’না ভাইৰাছ তথা কোভিড -১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ উদেশ্যে চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষীৰ লগতে দেশৰ সকলো সাংবাদিকে নিজৰ দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰি চৰকাৰক সহযোগিতাৰ হাত আগবঢ়াই আহিছে সেই সময়তে সদায় দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি অহা তথা যি কোনো বিষয় সাহসেৰে দেশৰ জনগণৰ সন্মুখত ডাঙি ধৰিবলৈ কুণ্ঠাবোধ নকৰা অৰ্ণৱ গোস্বামীৰ দৰে এজন সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা দেশৰ সাংবাদিক সমাজৰ বাবে চৰম দুৰ্ভাগ্যজনক।”

ৰিপাব্লিক টিভিৰ ষ্টুডিঅ’ৰ পৰা অৰ্ণৱ গোস্বামী ঘৰলৈ ওভতাৰ পথত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল।

আক্ৰমণৰ এই ঘটনাৰ আঁৰত কংগ্ৰেছৰ হাইকামাণ্ডে পঠিওৱা গুণ্ডাবাহিনী জৰিত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিক গোস্বামীয়ে।

কাৰ্যালয়ৰ পৰা পত্নী সম্যব্ৰতা ৰায় গোস্বামীৰ সৈতে ঘৰলৈ গৈ থকাৰ সময়তে ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত এই আক্ৰমণ সংঘটিত হৈছে।

মুখত মাস্ক পৰিধান কৰি বাইকেৰে অহা গুণ্ডাৰ দলটোৱে অৰ্ণৱৰ গাড়ী আগভেটি ধৰি অকথ্য গলি-গালাজ কৰাৰ লগতে বটলেৰে আক্ৰমণ কৰে।

আক্ৰমণকাৰী কেইজনক লগে লগে অৰ্ণৱৰ সুৰক্ষাত নিয়োজিত লোকে কৰায়ত্ত কৰি সোধাপোচা কৰাত অৰ্ণৱ গোস্বামীক এশিকনি দিবলৈ তেওঁলোকক কংগ্ৰেছৰ পৰা পঠিয়াইছিল বুলি উল্লেখ কৰিছিল।

আক্ৰমণকাৰী কেইজন বৰ্তমান মুম্বাই আৰক্ষীৰ জিম্মাত আছে।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত দুজন সাধু উন্মত্ত দলবদ্ধ আক্ৰমণত নিহত হোৱাৰ পাছতো ছোনিয়া গান্ধী কিয় মনে মনে আছে বুলি অৰ্ণৱ গোস্বামীয়ে প্ৰশ্ন কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছিল কংগ্ৰেছী নেতা-কৰ্মীসকল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd