• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমীয়া জাতিক বচাবলৈ গৈ বিজেপিৰ পৰা বহিষ্কৃত মীৰা বৰঠাকুৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 5:46 pm
মীৰা বৰঠাকুৰ

মীৰা বৰঠাকুৰ

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে সোচ্চাৰ হৈ অহা মীৰা বৰঠাকুৰক বহিষ্কাৰ কৰিছে অসম বিজেপিয়ে।

বৰঠাকুৰক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বৰ্খাস্ত কৰা বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই বুধবাৰে এক বিবৃতি জাৰি কৰিছে।

Apply Now

‘বিগত সময়ত দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে অৱস্থান কৰা’ৰ বাবে বৰঠাকুৰক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে, বিবৃতিটোত উল্লেখ।

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদটো যোগ দিয়াৰ উপৰি বিধেয়ক বিৰোধিতাৰে ৰাজ্যজুৰি স্বাক্ষৰ সংগ্ৰহৰ অভিযানো চলাইছিল বহিষ্কৃত বৰঠাকুৰে।

বহিষ্কাৰৰ খবৰ পোৱাৰ লগে লগে নৰ্থ ইষ্ট নাও-ত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেত্ৰীগৰাকীয়ে।

‘‘মই যেতিয়া ‘প্ৰত্যাহ্বানৰ ৰাজনীতি’ নামৰ কিতাপখন লিখিছিলো, তেতিয়াই মোক বহিষ্কাৰ কৰিব লাগিছিল। সেইখন এখন দলিল। তাত মোক বহিষ্কাৰ কৰাৰ বাবে কোনো ক্লু বিচাৰি নাপালে। কিন্তু মই নাগৰিকত্ব সংশোধনী বিধেয়কখনক প্ৰত্যাহ্বান জনাইছিলো আৰু দ্বিতীয়তে সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগ সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছিলো; এই দুটাকে ‘ক্লু’ হিচাপে লৈ তেওঁলোকে মোক বৰ্খাস্ত কৰিছে,’’ মন্তব্য মীৰা বৰঠাকুৰৰ।

উল্লেখযোগ্য যে ধৰ্ষণৰ অভিযোগ উঠা কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবেও প্ৰধান মন্ত্ৰী মোদীলৈ পত্ৰ লিখিছিল বিজেপি নেত্ৰীগৰাকীয়ে।

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই গ্ৰহণ কৰা প্ৰস্তাৱ ৰাজ্যিক অনুশাসন সমিতিয়ে বিশদভাৱে পৰ্যালোচনা কৰি তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি দলে জাৰি কৰা নিৰ্দেশটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰঠাকুৰে।

‘‘সভাপতি ৰঞ্জিত দাসে মোক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হ’লে মোৰ ক’বলগীয়া একো নাছিল। মহিলা মৰ্চাই মোক বহিষ্কাৰৰ বাবে লোৱা প্ৰস্তাৱ অনুসৰি দলে এই সিদ্ধান্ত লোৱা বুলি মোলৈ পঠোৱা পত্ৰখনত উল্লেখ আছে। কিন্তু এই সিদ্ধান্তটো দলৰ সভাপতিয়ে ল’ব নোৱাৰাটো বিজেপিৰ দৰে এটা দলৰ বাবে দুৰ্ভাগ্যজনক কথা,’’ জনালে বৰঠাকুৰে।

আনহাতে বিজেপিৰ অনুশাসন সমিতিৰ ‘কিছুমান কথা’ ফাদিল কৰাৰ বাবে বৃ্হস্পতিবাৰে দিচপুৰ প্ৰে’ছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰা বুলিও সদৰী কৰিছে বৰঠাকুৰে।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে মীৰা বৰঠাকুৰে কৰা মন্তব্যই ৰাজ্যজুৰি জনসাধাৰণৰ ব্যাপক ধনাত্মক সঁহাৰি লাভ কৰিছিল।

এনে পৰিস্থিতিত ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা দলটোৱে জনপ্ৰিয় নেত্ৰী এগৰাকীক তেওঁৰ ৰাজনৈতিক অৱস্থানৰ বাবে বহিষ্কাৰ কৰাটোৱে বিজেপিৰ ৰাজনৈতিক শ্ল’গানতে প্ৰশ্নবোধক চিন আৰোপ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd