NORTHEAST NOW (Assamese)

ফেইচবুক পোষ্টৰ বাবে মাৰ্ঘেৰিটাত বিজেপিৰ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু

October 27, 2019 9:21 pm · লক্ষ্মণ শৰ্মা
Updated: October 27, 2019 9:26 pm
প্ৰদ্যুৎ বৰদলৈ। ফাইল ফটো।

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ফেইচবুকত মানহানিকাৰক পোষ্ট দিয়াৰ অভিযোগত মাৰ্ঘেৰিটাৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে আজি এটা গোচৰ ৰুজু কৰিছে।

নেতাজনৰ নাম ৰূপম দেওধাই বৰুৱা আৰু তেওঁ মাৰ্ঘেৰিটাৰ বিধায়ক, প্ৰাক্তন আলফা নেতা ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ।

ৰূপমে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে দিয়া পোষ্টটো দেখাৰ পিছত মাৰ্ঘেৰিটা কংগ্ৰেছ নেতা মনোৰঞ্জন বৰগোহাঁয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়ে।

মাৰ্ঘেৰিটা আৰক্ষীয়ে দেওধাইৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইনৰ ৬৭ ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ২৯৪ (এ), ৫০০/৫০৬ ধাৰাত গোচৰ (306/19) ৰুজু কৰিছে।

অৱশ্যে এতিয়াও তেওঁক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰা নাই।

ৰূপম দেওধাই বৰুৱা এজন প্ৰাক্তন সাংবাদিক আৰু বৰ্তমান তেওঁ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ সংবাদ কোষৰ উপদেষ্টা।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাটোৰ তদন্ত চলি আছে বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

তিনিচুকীয়া জিলা কংগ্ৰেছে বিজেপিৰ নেতাজনক অনতি পলমে গ্ৰেপ্তাৰৰ দাবী জনাইছে।

যোৱা কেইমাহ মান ধৰি তিনি চুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিজেপি নেতাসকলে, বিশেষকৈ বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠসকলে প্ৰদ্যুৎ বৰদলৈৰ সৈতে ভিতৰি সংঘাতত লিপ্ত হোৱা দেখা গৈছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অবৈধ কয়লা খনন আৰু কয়লা ছিণ্ডিকেটত বিধায়কজন আৰু তেওঁৰ ঘনিষ্ঠ জড়িত থকা বুলি অভিযোগ আনিছিল সাংসদ বৰদলৈয়ে। বৰদলৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক।

Related News