• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ভোটগণনাৰ কৌশলেৰে বিজেপিয়ে জিকাইছে নিজৰ পৰাজিত প্ৰাৰ্থীক

বিজেপিৰ হেঁচাত অসহায় নিৰ্বাচনী বিষয়া! জয়ী বুলি দিয়া প্ৰমাণপত্ৰ প্ৰাৰ্থীৰ পৰা ঘূৰাই বিচাৰিলে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 17, 2018 11:50 am
Recounting Panchayat

ধেমাজিৰ এগৰাকী প্ৰাৰ্থীক ঘূৰাই দিবলৈ কোৱা বিজয়ীৰ প্ৰমাণ পত্ৰখন।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট নোহোৱা বিজেপিয়ে নিজৰ পৰাজিত প্ৰাৰ্থীক জিকাবলৈ এক অভিনৱ কৌশল লোৱাৰ অভিযোগ উত্থাপিত হৈছে। বহু ঠাইত পৰাজিত বিজেপিয়ে শাসনত থকাৰ সুযোগ লৈ প্ৰশাসনক ব্যৱহাৰ কৰি নিজৰ প্ৰাৰ্থীক জিকাবলৈ অপকৌশলৰ আশ্ৰয় লোৱাৰ অভিযোগ আনিছে বিৰোধীয়ে।

ফলত ‘যথাযথভাৱে জয়ী’ হোৱা বুলি প্ৰাৰ্থীক প্ৰমাণপত্ৰ দিও এতিয়া আকৌ সেই প্ৰমাণ পত্ৰ ঘূৰাই বিচৰাৰ দৰে নাভূতনাশ্ৰুত ঘটনা ঘটিবলৈ ধৰিছে। জানিব পৰামতে, নিৰ্বাচনী বিষয়াই নিজে দিয়া প্ৰমাণপত্ৰ ঘূৰাই লৈ আকৌ ভোটগণনা কৰিছে বহুকেইটা কেন্দ্ৰত। কেৱল এবাৰেই নহয়, বিজেপিৰ বা বিজেপি সমৰ্থিত প্ৰাৰ্থীজন নিজিকা পৰ্য্যন্ত দুই-তিনিবাৰলৈকে ভোট গণনা কৰা বুলিও অভিযোগ আছে।

Apply Now

হাজো, দৰং, ধেমাজি আদি কেইবা ঠাইত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। হাজোত ইতিমধ্যে ইয়াৰ প্ৰতিবাদ কৰিছে কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তাই। ধেমাজি জিলাৰ জোনাইতো কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীক দিয়া প্ৰমাণ পত্ৰখন ঘূৰাই দিবলৈ আকৌ নিৰ্বাচনী বিষয়াই নিৰ্দেশ দিছে। অৱশ্যে প্ৰাৰ্থীগৰাকীয়ে তেওঁ পোৱা প্ৰমাণপত্ৰখন ঘূৰাই দিবলৈ অমান্তি হোৱাৰ বাতৰি আহিছে।

জোনাইৰ আমাৰ সংবাদদাতাই জনোৱা মতে, যোৱা ১২ ডিচেম্বৰৰ দিনা জোনাইৰ ৯ নং ৰিগবি(২) ৱাৰ্ডত বিজয়ী বুলি ঘোষণা কৰি ফুলেশ্বৰী ৰেগন মিলি নামৰ এগৰাকী প্ৰাৰ্থীক মহকুমাধিপতি নিঃসৰ্গ হিৱৰেই প্ৰমাণ পত্ৰ দিছিল। প্ৰমাণপত্ৰখনত ‘যথাযথভাৱেই নিৰ্বাচিত হৈছে’ বুলি স্পষ্টকৈ লিখা আছে।

কিন্তু একেটা পদতে একেজন বিষয়াই আন এগৰাকীকো একে ধৰণৰ জয়ী হোৱাৰ প্ৰমাণ পত্ৰ দিয়া বুলি এক সূত্ৰৰ পৰা গম পোৱা গৈছে। সূত্ৰটোৰ অভিযোগ যে বিজেপিৰ হেঁচাত পৰি দায়িত্বত থকা নিৰ্বাচনী বিষয়াজনে পিছত আকৌ গণশক্তিৰ প্ৰাৰ্থীজনৰ নামতো একেই প্ৰমাণ পত্ৰ দিয়ে, যাতে বিভ্ৰান্তিৰ সৃষ্টি হোৱা বুলি এটা যুক্তি থিয় কৰাব পৰা যায় আৰু আকৌ ভোট গণনা কৰি গণশক্তিৰ প্ৰাৰ্থীজনক জিকাব পৰা যায়। ইতিমধ্যে গণশক্তিৰ প্ৰাৰ্থীজনে পুনৰ ভোটগণনা দাবী কৰিছেই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, পূৰ্বৰ গণনাত ৰেখাৰাণী বৰি মৰাং নামৰ গণশক্তিৰ প্ৰাৰ্থীগৰাকীক কংগ্ৰেছৰ ফুলেশ্বৰী ৰেগন মিলিয়ে ৭০ টা ভোটত পৰাজিত কৰিছিল। কিন্তু ইয়াৰ পিছতো বিজেপিৰ প্ৰতীক চিহ্নৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰেখাৰাণীক কিয় জয়ী হোৱা বুলি প্ৰমাণ পত্ৰ দিলে সেইটো এতিয়া ৰহস্যৰ আৱৰ্তত।

আনহাতে, এয়া পুনৰ গণনাৰে বিজেপি সমৰ্থিত গণশক্তিৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ এক কৌশল বুলি স্থানীয় লোকেও সন্দেহ প্ৰকাশ কৰিছে।

একেই ঘটনা ঘটিছে দৰঙৰ দুনী দিপীলা জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী কণিকা বৈশ্যৰ ক্ষেত্ৰত। কণিকা বৈশ্যই প্ৰথমবাৰ ফলাফলত জয়ী হৈছিল। তাৰ পিছতে বিজেপিৰ পৰা পুনৰ গণনাৰ দাবী উঠে আৰু পুনৰ গণনাত বিজেপিৰ হাতত পৰাজিত হ’ল কণিকা বৈশ্য।

ইয়াৰোপৰি, হাজো বিধান সভা সমষ্টিৰ ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা আৰ এছ এছৰ নেতা শংকৰ দাসৰ ভায়েক জিলা পাৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল যদিও ভোটগণনাৰ পাছত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী অজিত ঠাকুৰীয়াৰ হাতত পৰাজয় বৰণ কৰিব লগীয়া হয়। দ্বিতীয় বাৰৰ ভোট গণনা কৰে যদিও সেইবাৰতো কংগ্ৰেছৰ প্ৰাৰ্থীজনেই জয়ী হয়।

কিন্তু বিজেপিৰ হেঁচাত নিৰ্বাচনী বিষয়াই তৃতীয়বাৰৰ বাবে পুনৰ ভোট গণনা কৰি পূৰ্বে দুবাৰত বিজয়ী হোৱা কংগ্ৰেছ প্ৰাৰ্থী অজিত ঠাকুৰীয়াক পৰাজিত বুলি ঘোষণা কৰে।

ইপিনে, হাজোৰ কেতেকীবাৰী গাওঁ পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছৰ প্ৰাৰ্থী জেৰিফা আহমেদ প্ৰথমে জয়ী হৈছিল যদিও পুনৰ ভোটগণনাত বিজেপি প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিল কংগ্ৰেছী প্ৰাৰ্থীগৰাকী।

পলাশবাৰীৰ দক্ষিণ সৰুবংশৰ জিলা পৰিষদৰ কংগ্ৰেছী অমূল্য দাস প্ৰথমতে জয়ী হৈছিল যদিও পুনৰ ভোট গণনাৰে জয়ী কৰোৱা হ’ল বিজেপি প্ৰাৰ্থী হেমেন দাসক।

আন কেইবা ঠাইতো এই আজৱ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

পঞ্চায়ত নিৰ্বাচনত সংঘটিত এনেবোৰ কাণ্ডক লৈ নৰ্থ-ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

তেওঁ এনেবোৰ ঘটনাক অতি দুৰ্ভাগ্যজনক আখ্যা দি কয় “বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে জিলা নিৰ্বাচনী বিষয়া, জিলা উপায়ুক্ত তথা প্ৰশাসনৰ অন্য বিষয়াসকলক প্ৰভাৱান্বিত কৰিছে। বিষয়াসকলে ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হৈ গণতান্ত্ৰিকভাৱে পঞ্চায়ত নিৰ্বাচন চলাবলৈ সক্ষম হোৱা নাই।”

“ভোটগণনা শেষ হোৱাৰ পাছতো বহু সময়লৈকে ফলাফল ঘোষণা নকৰা, পুনৰবাৰ ভোট গণনাৰে বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱা, এইবোৰ অতি দুৰ্ভাগ্যজনক।” শইকীয়াই এইদৰে কয়।

আনহাতে, বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাই মৰিগাওঁৰ বহু ভোটকেন্দ্ৰত বিজেপি প্ৰাৰ্থীক জিকোৱাৰ বাবে চেষ্টা কৰি আছিল বুলি গুৰুতৰ অভিযোগ তোলে শইকীয়াই।

তাৎপৰ্য্যপূৰ্ণভাৱে, ৰাজ্যিক নিৰ্বাচনী আয়োগক ‘দন্তহীন’ আখ্যা দিয়াৰ লগতে আয়োগখনকো চৰকাৰৰ নেতা-মন্ত্ৰীয়ে প্ৰভাৱান্বিত কৰা বুলি গুৰুতৰ অভিযোগ তোলে।

ইপিনে, হাজোত সংঘটিত এনেবোৰ গাফিলতিক কেন্দ্ৰ কৰি ‘হাজোত গণতন্ত্ৰক কবৰ দিয়া হ’ল’ বুলি ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত মন্তব্য কৰে হাজোৰ কংগ্ৰেছী নেতা দুলু আহমেদে। তেওঁ দলীয় প্ৰাৰ্থীৰ বিভিন্ন ধৰণৰ অভিযোগ, আপত্তি তথা প্ৰতিবাদৰ পাছতো প্ৰশাসনৰ ভূমিকাক সন্দেহজনক বুলি আখ্যা দি লগতে কয় “অন্য কোনো উপায় নাথাকিলে কাইলৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd