• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ তাৰকা ৰূপজ্যোতি বৰণৰ বাবে সাজু বিজেপি

গেৰুৱা দললৈ আহিবলৈ পূৰ্বচৰ্ত পৰিহাৰ কৰিব লাগিব মৰিয়নিৰ বিধায়কে। প্ৰবীণ নেতাৰ সতৰ্কীকৰণৰ বিপৰীতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দেওবাৰে কৰিছে মন্তব্য।

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
July 7, 2019 6:46 pm
Assam BJP ready to welcome Cong MLA Rupjyoti Kurmi to party

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসম বিজেপি সভাপতি ৰঞ্জিত দাস। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিয়নিৰ তিনিবাৰৰ বিধায়ক তথা দল আৰু সমষ্টিৰ বাহিৰতো একৰকম তাৰকাসদৃশ জনপ্ৰিয়তা থকা কংগ্ৰেছী ৰূপজ্যোতি কুৰ্মীক আদৰিবলৈ শাসক বিজেপি সাজু।

কিন্তু গেৰুৱা বসন পৰিধানৰ বাবে পূৰ্বচৰ্ত পৰিহাৰ কৰিব লাগিব বিধায়ক কুৰ্মীয়ে। কংগ্ৰেছ বিধায়কজনে শেহতীয়াকৈ নিজ মুখেৰেই বিজেপিত যোগদানৰ সম্ভাৱনা ঘোষণা কৰিছিল।

Apply Now

বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, ৰাজেন গোহাঁই আদি প্ৰবীণ নেতাৰ “সতৰ্কীকৰণ”ৰ বিপৰীতে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দেওবাৰে এই মন্তব্য কৰিছে।

“দেশ আৰু দলৰ কাৰণে কাম কৰিম বুলি ভাবি যদি বিজেপিত আহে তেন্তে তেওঁ (পঢ়ক-ৰূপজ্যোতি কুৰ্মী)ক আমি আদৰি ল’ম। কিন্তু পূৰ্বচৰ্ত লৈ অহা মানুহক দলে কেতিয়াও আদৰি নলয়,” গেৰুৱা দলে দেশব্যাপী আৰম্ভ কৰা সদস্যভৰ্তি অভিযানৰ অংশৰূপে ৰূপহীহাটত আয়োজিত এক সভাত দাসে কয়।

নুশুকোৱা ঘাঁৰ দৰে শাসক দলটোৰ সংগী হোৱা “ন বিজেপি-পুৰণি বিজেপি” চৰ্চা অব্যাহত ৰাখি নগাৱঁৰ প্ৰাক্তন সাংসদ গোহাঁয়ে ৰূপজ্যোতি আগমনক লৈ শেহতীয়াকৈ কৰা মন্তব্য তেওঁৰ ব্যক্তিগত বুলিও দাসে মন্তব্য কৰিছে।

“সেয়া প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ একান্ত ব্যক্তিগত মতামত হব পাৰে, দলৰ মতামত নহয়। ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ দল হোৱা হেতুকে সাধাৰণ সদস্যভৰ্তি পৰ্ব এক সৰ্বত্ৰব্যাপী অভিযান। গতিকে দলে নতুন সদস্যক আদৰি লোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া,” দাসে জনায়।

ৰূপহীহাট সমষ্টিৰ অন্তৰ্ভুক্ত নগাৱঁৰ কঢ়ালী গাৱঁত অনুষ্ঠিত সভাখনত কেইবাশও লোকে বিজেপি দলৰ সদস্য পদ গ্ৰহণ কৰে।

সদস্য হোৱা লোকসকলৰ মাজত কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি দল-সংগঠনৰ সৈতে পূৰ্বে জৰিত লোকো আছে বুলি জানিব পৰা গৈছে।

সভাত দাসৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, নগাওঁ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিজেপিৰ সংখ্যালঘু নেতা মোক্তাৰ হুছেইন খান আদিও উপস্থিত আছিল।

সংখ্যালঘু ভোটাৰৰ নিৰ্ণায়ক ভূমিকা থকা ৰূপহীহাট সমষ্টি ’২১ৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ হাতলৈ যোৱাটো নিশ্চিত বুলিও সভাত সভাপতি দাসে মন্তব্য কৰে।

লগতে পঢ়ক– পৰাজয়ৰ আশংকাত বিজেপিলৈ ৰূপজ্যোতি?

“মোৰ লক্ষ্য ৰূপহীহাট সমষ্টিক বাদ দি ৯০খন আসন আছিল যদিও আজিৰ পৰা আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে নতুন লক্ষ্য হৈ পৰিল ৯১খন আসন,” দাসে কয়।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd