• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাজপেয়ীৰ সৈতে সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰিল অসম বিজেপিৰ মুখপাত্ৰ ৰাজদীপ ৰয়

NE NOW NEWS অপর্ণা লস্কৰ
শিলচৰ , August 19, 2018 8:52 am

3 min read

Dr-Rajdeep-Roy-Assam-States-BJP-Spokesperson-looking-at-the-photographs-of-his-father-with-Atal-Bihari-Vajpayee-2-570x320

অসম বিজেপিৰ মুখপাত্ৰ ড০ ৰাজদীপ ৰয়ে অটল বিহাৰী বাজপেয়ীৰ সৈতে থকা তেওঁৰ পিতৃৰ ফটোগ্ৰাফত চকু ফুৰাইছে। ফটো : নৰ্থইষ্ট নাও

78
VIEWS
Share on FacebookShare on Twitter

এবাৰ অসম ভ্ৰমণৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে শিলচৰৰ দুবাৰকৈ বিজেপি বিধায়ক হোৱা অধিবক্তা প্ৰয়াত বিমলাংশু ৰয়ৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁতে সুস্বাদু বঙালী খাদ্য সম্ভাৰৰ জুতি লৈছিল। সেয়া আছিল ১৯৮৫ চনত যেতিয়া বাজপেয়ীয়ে ইয়াত কেইখনমান সভাত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল।

সেয়া আছিল প্ৰয়াত বাজপেয়ীৰ এইখন ঘৰত দ্বিতীয়বাৰৰ বাবে পদাৰ্পণ আৰু ইয়াতেই নিশা কটাই বৰাক উপত্যকাৰ তিনিখন জিলাত তেওঁ ভ্ৰমণ কৰিছিল।

যোৱা ১৬ আগষ্টত পৰলোকপ্ৰাপ্তি ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা পৰৱৰ্তী দিনটোতে এই কথা পোহৰলৈ আহিছে। শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী আৰু ২০০৯ চনত মৃত্যুবৰণ কৰা শিলচৰৰ আন এগৰাকী প্ৰগতিশীল নেতা প্ৰয়াত বিমলাংশু ৰয়ৰ সৈতে তেওঁৰ সান্নিধ্যৰ বিষয়ে অধিক জানিবলৈ নৰ্থইষ্ট নাও উপস্থিত হৈছিলগৈ এই ঘৰটোত। বৰ্তমান এই ঘৰটো চোৱাচিতা কৰি আছে তেওঁৰ জ্যেষ্ঠ পুত্ৰ তথা অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ড০ ৰাজদীপ ৰয়ে।

প্ৰৱেশ তোৰণত এতিয়াও সেই নামটো জিলিকি আছে- এডভোকেট বি ৰয়। ঘৰত সোমোৱাৰ পিছতো এই সংবাদদাতাই ড০ ৰাজদীপ ৰয়ে তেওঁৰ ড্ৰইং ৰুমত প্ৰয়াত বাজপেয়ীয়ে তেওঁৰ পিতৃলৈ লিখা চিঠি আৰু ফটোগ্ৰাফৰ মাজত ডুব গৈ থকা প্ৰত্যক্ষ কৰে।

যদিও পৰিৱেশটো বিষাদপূৰ্ণ আৰু আৱেগিক হৈ আছিল, ড০ ৰাজদীপ ৰয়ে প্ৰয়াত বাজপেয়ীৰ সৈতে আৰু আনকি অঞ্চলটোৰ আন ৰাজনৈতিক পুৰোধা ব্যক্তিৰ সৈতে তেওঁৰ পিতৃৰ বহুতো চিঠি, শুভেচ্ছা পত্ৰ আৰু ফটোগ্ৰাফ দেখুৱাইছিল।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত ড০ ৰাজদীপ ৰয়ে কয়, ‘’ শিলচৰৰ গান্ধীবাগ (গাৰ্ডেন)ত পিছদিনা এখন সভাত ভাষণ দিবলৈ আহি যেতিয়া অটল জীয়ে আমাৰ ঘৰত নিশা কটাইছিল, পিছদিনা ৰাতিপুৱাই মোৰ দেউতা আৰু কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াই (প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী) সভাস্থলীলৈ যাবলৈ ওলোৱাত মোক অটল জীক তালৈ লৈ যোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। মোৰ বয়স তেতিয়া আছিল মাত্ৰ পোন্ধৰ বছৰ। অটল জী গাড়ীখনৰ পিছৰ আসনত বহিছিল আৰু মই ড্ৰাইভাৰৰ সৈতে আগত বহিছিলো। আমাৰ যাত্ৰাৰ সময়ত তেওঁ মোক শিলচৰৰ বিষয়ে আৰু মই কি কৰিব বিচাৰো সেয়া সুধিছিল।‘’

‘’ ইয়াৰ মাজতে এক বিশাল জনসমাগমে আমাৰ পথ অৱৰুদ্ধ কৰি পেলাইছিল, কিন্তু কোনো সংকোচ নকৰাকৈ তেওঁ পিছৰ দৰ্জাৰ আইনা খুলিছিল। ৰাইজে তেওঁক স্পৰ্শ কৰিবলৈ হেতাওপৰা লগাইছিল, তেওঁৰ সৈতে কৰমৰ্দন কৰিছিল। অটল জীয়ে জানিছিল যে কেইদিনমান আগেয়ে তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী অজিত পাঞ্জাই শিলচৰত এটা দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰিছিল। তেওঁ তেওঁৰ স্বভাৱসুলভ ৰসিকতাৰে ৰাইজক আঁতৰত থকাৰ বাবে ক’বলৈ গৈ তেওঁৰ পৰা আঁতৰত থাকক বুলি কোৱাৰ পৰিৱৰ্তে ‘দূৰদৰ্শন’ বুলি কৈছিল। এনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী আছিল তেওঁ,’’-ড০ ৰাজদীপ ৰয়ে কয়।

তেওঁৰ পিতৃয়ে আদৰ্শ অনুসৰণ কৰা ব্যক্তিগৰাকীৰ কথা ক’বলৈ গৈ ড০ ৰাজদীপ ৰয়ে কয়, ‘’ ভাৰতবৰ্ষৰ মূলসুঁতিৰ সৈতে উত্তৰ-পূবক সামৰি লোৱাৰ বাবে গুৰুত্বসহকাৰে চিন্তা কৰা তেওঁ আছিল প্ৰথমগৰাকী ব্যক্তি। সেইটো কাৰণতে তেওঁ ডনাৰ মন্ত্ৰালয় আৰম্ভ কৰিছিল আৰু কেৱল সেয়াই নহয়, পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিওটা দিশক সংযোজিত কৰাৰ স্বৰ্ণিল প্ৰকল্পৰো আৰম্ভ কৰিছিল য’ত পূবৰ বাবে কলকাতা আছিল শেষ সীমা। কিন্তু অটল জীৰ বাবেই, তেওঁ প্ৰকল্পটো শিলচৰলৈ সম্প্ৰসাৰণ কৰিছিল। আজি, দেশৰ বাকী অংশৰ সৈতে ই সংযোগিত হোৱাৰ পথত আগবাঢ়িছে।‘’

ড০ ৰাজদীপ ৰয় কেৱল স্মৃতিকাতৰ হৈ পৰাই নহয়, কিন্তু প্ৰয়াত বাজপেয়ী আৰু তেওঁৰ পিতৃ প্ৰয়াত বিমলাংশু ৰয়ৰ স্মৃতিবোৰে তেওঁক আৱেগিক কৰি তোলাৰ লগতে তেওঁৰ দুধাৰি চকুলোও নিগৰালে।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd