• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন:  চুঙাজানত পকী গেট স্থাপনক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2026 6:29 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-নাগালেণ্ড সীমান্তত নগা লোকৰ ভূমি আগ্ৰাসনক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। অসমৰ ভূমিত নগাই বলপূৰ্বকভাৱে প্ৰৱেশ কৰি এখন পকী গেট স্থাপন কৰাৰ লগতে উক্ত অঞ্চলটো নাগালেণ্ডৰ ‘নিউলেণ্ড’ জিলা হিচাপে নামাকৰণ কৰাক লৈ সীমান্তবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰতিবাদত দেওবাৰে সীমান্তৰ খিলঞ্জীয়াই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চুঙাজান মাজগাঁও পঞ্চায়তৰ নৱমিলনপুৰ আৰু ২ নং শান্তিপুৰ গাঁৱলৈ সোমোৱা পথত নগাই এখন পকী গেট নিৰ্মাণ কৰিছে। অসমৰ ভূমি নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ এই প্ৰচেষ্টাক লৈ নৱমিলনপুৰ, মহিমা গাঁও আৰু চুঙাজানৰ দাঁতিকাষৰীয়া ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজৰ অভিযোগ যে নগাই বিভিন্ন সময়ত ন ন কৌশলেৰে অসমৰ মাটি দখলৰ চেষ্টা চলাই আহিছে।

Apply Now

সীমান্তৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে যে অসম চৰকাৰে এই গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয়সমূহৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। উল্লেখ্য যে, প্ৰতিবাদস্থলীত সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকনৰ লগতে সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দ্বীপেন পাটৰ উপস্থিত হয়। প্ৰতিবাদী ৰাইজে জিলা প্ৰশাসনৰ জৰিয়তে অসম চৰকাৰলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰেই উক্ত গেটখন উচ্ছেদ কৰিবলৈ দাবী জনায়।

এগৰাকী স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে কেন্দ্ৰ আৰু দুই ৰাজ্যতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকাৰ পাছতো অসমৰ ভূমি সুৰক্ষিত নহয়। তেওঁ অভিযোগ কৰে যে সীমান্তত থকা চি আৰ পি এফ (CRPF) বাহিনীয়ে প্ৰায়ে নগাৰ পক্ষ লৈ অসমীয়া লোকক ধমকি দিয়ে।

আন এগৰাকী স্থানীয় ব্যক্তি দ্বীপেন গগৈয়ে কয় যে সীমা সমস্যাটো এক দীৰ্ঘদিনীয়া সমস্যা আৰু ই এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে। তেওঁ সোঁৱৰাই দিয়ে যে কিছুদিন পূৰ্বে নগাই অসমৰ মাটিত থকা ৯৫ টা ঘৰ জ্বলাই দিছিল। চৰকাৰে যদি আগন্তুক নিৰ্বাচনৰ পূৰ্বে সীমান্তৰ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদান নকৰে আৰু এই সমস্যা সমাধান নকৰে, তেন্তে চুঙাজানবাসীয়ে ‘বিকল্প পথ’ বা নিৰ্বাচন বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হ’ব বুলি তেওঁ হুংকাৰ দিয়ে। স্থানীয় মহিলাসকলেও স্পষ্ট কৰি দিয়ে যে তেওঁলোকে জন্মৰে পৰা গোলাঘাট জিলাৰ নিবাসী হিচাপে পৰিচয় দি আহিছে আৰু কোনো পৰিস্থিতিতে নগাৰ গেটৰ তলেৰে অহা-যোৱা কৰি নিজৰ মাটিক নাগালেণ্ড বুলি মানি ল’ব নোৱাৰে।

বৰ্তমান চুঙাজান অঞ্চলত পৰিস্থিতি থমথমীয়াকৈ আছে। অসমৰ ভূমিৰ সুৰক্ষা আৰু খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd