• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী ডায়নামোছ এফ চিত যোগ দিলে অসম সন্তান শক্তিশালী ডিফেণ্ডাৰ গৌৰৱ বৰাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 27, 2019 4:26 pm

2 min read

Gaurav Bora joins Delhi Dynamos FC.photo

গৌৰৱ বৰা । ফটো: ই এছ পি এন ডট ইনৰ সৌজন্যত

1.2k
VIEWS
Share on FacebookShare on Twitter

দিল্লী ডায়নামোছ এফ চিয়ে এফ চি পুনে চিটিৰ নিৰ্ভৰযোগ্য ডিফেণ্ডাৰ গৌৰৱ বৰাক তেওঁলোকৰ দলত চুক্তিবদ্ধ কৰিছে। ২০ বছৰীয়া ডিফেণ্ডাৰগৰাকীৰ যোগদানে দিল্লী ডায়নামোছৰ ৰক্ষণ বিভাগক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।

আই-লীগত চেন্নাই চিটি এফ চিৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বৰাই বিগত বৰ্ষত চেন্নাইৰ হৈ মুঠ ২০ খন খেল খেলিছিল আৰু চূড়ান্ত খেলখনত তামিলনাডুৰ বিৰুদ্ধে দুটাকৈ গল দি খিতাপ অৰ্জনত মূখ্য ভূমিকা লৈছিল।

দিল্লী ডায়নামোছ এফ চিত যোগদানৰ পাছত গৌৰৱে কয়, ‘’ দিল্লী ডায়নামোছ এফ চিত যোগদান কৰি মই সঁচাকৈ সুখী। মোক দলত বিচৰাৰ বাবে ইয়াৰ মেনেজমেন্ট আৰু প্ৰশিক্ষকক ধন্যবাদ। দলত মই শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰিম। আশাকৰো, যিমানদূৰ সম্ভৱ খেলৰ শেষত আমি তালিকাৰ শীৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হ’ম।‘’

আই লীগৰ ২০১৮-১৯ৰ বৰ্ষটোৰ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰা গৌৰৱ বৰাই বিগত বৰ্ষত ক্ৰীড়া জগতত বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Welcome to @DelhiDynamos, Gaurav Bora!#RoarWithTheLions pic.twitter.com/1kNWAQZDOt

— Delhi Dynamos FC (@DelhiDynamos) June 27, 2019

গৌৰৱে ইয়াৰ পূৰ্বে ২০২০ এ এফ চি ২৩ অনুৰ্দ্ধ প্ৰতিযোগিতাৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল।

অসমত জন্মগ্ৰহণ কৰা গৌৰৱ বৰাই যুৱ অৱস্থাত তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীত থাকিবলৈ লয়। স্কুল দলৰ হৈ খেলাৰ পাছত গৌৰৱে বাইচুং ভূটীয়াৰ ফুটবল স্কুলত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল।

দলত ভাল প্ৰদৰ্শনৰ বাবে বৰাই দিল্লীৰ ১৬ অনুৰ্দ্ধৰ ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হয় আৰু পুনে চিটিৰ সৈতে ট্ৰায়েলৰ সুবিধা লাভ কৰে। ট্ৰায়েলত সফলতা লাভ কৰাৰ পাছত বৰাই পুনে চিটি একাডেমীত যোগদান কৰে।

২০১৭ চনৰ নৱেম্বৰত গৌৰৱে আই লীগত চেন্নাই চিটিত যোগদান কৰে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd