• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনত ক’ত কিমান হ’ল ভোটদান? ভোটদানৰ সামগ্ৰীক হাৰ কিমান?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 30, 2021 8:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পাঁচটা সমষ্টি ক্ৰমে মৰিয়নি, থাওৰা, ভৱানীপুৰ, গোসাইগাঁও আৰু তামুলপুৰত উপ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয়।

এই নিৰ্বাচনত বিভিন্ন দলৰ মুঠ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ ৭,৯৬,৪৫৬ জন ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব। আজি পাঁচটা সমষ্টিত সামগ্ৰীক ভোটদানৰ হাৰ হৈছে ৭৩.৩৮ শতাংশ।

Apply Now

একেদৰে তামুলপুৰ সমষ্টিত সৰ্বনিম্ন ৬৭.৮৮ শতাংশ ভোটদান হোৱাৰ লগতে ভৱানীপুৰ সমষ্টিত সৰ্বাধিক ৭৮ শতাংশ ভোটদান হয়।থাওৰা সমষ্টিত ৭৫.০৭ শতাংশ, গোঁসাইগাঁও সমষ্টিত ৭৭.৩৭ শতাংশ ভোটদান হয়। মৰিয়নি সমষ্টিত ৬৯.৮১ শতাংশ ভোটদান হয়।

মৰিয়নিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবেই সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগা হ’ল। ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মৰিয়নিৰ পৰা চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।

উপ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ, অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰ আৰু সঞ্জীৱ গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ভৱানীপুৰত বিধায়ক ফনীধৰ তালুকদাৰে এআইইউডিএফৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হয়।

ভৱানীপুৰত এই উপ নিৰ্বাচনত বিজেপিৰ ফনীধৰ তালুকদাৰৰ উপৰি কংগ্ৰেছৰ শৈলেন্দ্ৰ নাথ দাস, এআইইউডিএফৰ জব্বৰ আলী, নেশ্যনেল ৰোডমেপ পাৰ্টি অফ ইণ্ডিয়াৰ মেৰাজুল হক, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ শিবেন দাসৰ উপৰি চৌকত আলী আহমেদ, খাম্ফা খুংগুৰ গয়াৰী আৰু আৰিফুল ইছলামে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

থাওৰা সমষ্টিতো বিধায়ক সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাত উপ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। সুশান্ত বৰগোঁহাইয়ে পূৰ্বে ২০১১ আৰু ২০২১ত দুবাৰকৈ কংগ্ৰেছৰ পৰা সমষ্টিটোৰ বিধায়ক নিৰ্বাচিত হৈছিল।
থাওৰাত বিজেপিৰ সুশান্ত বৰগোঁহাইৰ উপৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ, চিপিআইৰ কৃষ্ণ গগৈ আৰু নিৰ্দলীয় হিচাপে ধৈৰ্য কোঁৱৰ আৰু লোহিত গোৱালাই।

তামুলপুৰ সমষ্টিৰ ইউপিপিএল দলৰ বিধায়ক লেহো ৰাম বড়োৰ কোভিড আক্ৰান্ত হৈ আকস্মিক মৃত্যু হোৱাৰ পাছত সমষ্টিতটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে।

সমষ্টিটোত বিজেপি সমৰ্থিত ইউপিপিএলৰ জলেন দৈমাৰী, কংগ্ৰেছৰ ভাস্কৰ দাহাল, গণ সুৰক্ষা পাৰ্টিৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, ভিপিআইৰ ৰাজ কুমাৰ বড়োৰ উপৰি গনেশ কছাৰী আৰু যোশৱান্ত চৌহানে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।
সেইদৰে, গোসাইগাওঁ সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ কোভিডত মৃত্যু হোৱাত সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। নাৰ্জাৰীয়ে সমষ্টিটোৰ পৰা বিপিএফৰ হৈ চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।

গোঁসাইগাঁওত বিপিএফৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, ইউপিপিএলৰ জিৰন বসুমতাৰী, কংগ্ৰেছৰ জুৱেল টুডু, এআইইউডিএফৰ খাইৰুল আনম খণ্ডকাৰৰ উপৰি উত্তম কুমাৰ তালুকদাৰ, কমল ৰায়, ওচমান গনি এছ কে আৰু আব্দুল হাছেম আকণ্ডে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

নিৰ্বাচন আয়োগে সদৰী কৰা তথ্য অনুসৰি পাঁচটা সমষ্টিত মুঠ ১,১৭৬টা ভোটগ্রহণ কেন্দ্র আছে আৰু ইয়াৰ ভিতৰত গোসাঁইগাঁৱত ২৮৫টা, ভৱানীপুৰত ২১৩টা, তামুলপুৰত ৩২২টা, মৰিয়নিত ১৮৩টা আৰু থাওৰাত ১৭৩টা৷ ইয়াৰে ৯৮৯টা মূল ভোটকেন্দ্র আৰু ১৮৭টা সহযোগী ভোটকেন্দ্র আছে৷

ৱেব কাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্রসমূহত ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰা হয়।

আনহাতে, ভোটগ্রহণ কেন্দ্রসমূহত কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ গোট মোতায়েন কৰা হয়৷ সেইদৰে প্রতিটো ভোটকেন্দ্রতে ক’ভিড প্রট’কল মানি চলাৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব প্রদান কৰে নির্বাচন আয়োগে৷

ভোটাৰসকলৰ মাজত নির্দিষ্ট দূৰত্ব বজাই ৰখাৰ ব্যৱস্থা লোৱাৰ উপৰি মাস্ক, ছেনিটাইজাৰ আদি উপলব্ধ কৰি সকলো সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰা হয়৷

পাঁচ সমষ্টিৰ উপ–নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াত সামগ্রিকভাৱে ৫,৪১০জন বিষয়া নিয়োজিত কৰা হৈছে৷ ভোটগ্রহণৰ বাবে ১,৮৬৯ বেলট ইউনিট ১,৮৪৪টা কন্ট্ৰ’’ল ইউনিট আৰু ১,৮৬১টা ভিভিপিএটি মেচিন ব্যৱহাৰ হৈছে৷

এই উপ–নির্বাচনত মুঠ ৭,৯৬,৪৫৬জন ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ হোৱাৰ বিপৰীতে ৩,৯৩,০৭৮গৰাকী মহিলা আৰু ৪গৰাকী তৃতীয় লিংগৰ৷ ইয়াৰ উপৰি ৩,১৬৫জন আছে ছার্ভিচ ভোটাৰ৷

তামুলপুৰ সমষ্টিত সর্বাধিক ২,১৭,৪৩২জন ভোটাৰ থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১জন ভোটাৰ আছে৷ সেইদৰে, উপ–নির্বাচনত ৮,৮৬৪জন ৮০ বছৰৰ ঊর্ধ্বৰ ভোটাৰ আৰু ৪,৯৯৮জন বিশেষভাৱে সক্ষম ভোটাৰ আছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd