অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি জিলাখনত কেবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ লয়৷
পুৱা তেওঁ ধুবুৰী পৌৰসভা এলেকাৰ ১৫ নং ৱাৰ্ডত উপস্থিত হৈ অঞ্চলটোৰ ২২৮, ২৩০ আৰু ২৩১ নং ভোটকেন্দ্ৰত এশ শতাংশ ক’ভিড টিকাকৰণ হোৱা বুলি ঘোষণা কৰে৷
তেওঁ এই তিনিটা ভোটকেন্দ্ৰৰ দৰে সমগ্ৰ ধুবুৰী জিলাৰ প্ৰতিটো ভোটকেন্দ্ৰ এলেকাৰ এশ শতাংশ লোকৰ টিকাকৰণ অহা ৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে৷
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷
Also Read: প্ৰাপ্য বিচাৰি বৰপেটা জিলাৰ ক’ভিড কোৱাৰেন্টাইন চাফাইকৰ্মীৰ চাইকেলেৰে দিছপুৰ যাত্ৰা
তেওঁ যোগ্য বিবেচিত প্ৰতিটো অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ লোকৰ পৰিয়াল আৰু প্ৰতিঘৰ চাহ বাগানৰ শ্ৰমিকৰ পৰিয়ালক এমজিএনৰেগাৰ জব কাৰ্ড দিয়াৰ বাবে বিশেষ পদক্ষেপ লবলৈ বৈঠকত উপস্থিত থকা খণ্ড উন্নয়ণ বিষয়াসকলক নিৰ্দেশ দিয়ে৷
তেওঁ বিডিঅ’সকলক শীঘ্ৰে গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়ে৷ গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকলক এশ শতাংশ টিকাকৰণ নিশ্চিত কৰাৰ বাবে চলি থকা ‘হৰ ঘৰ দস্তক’ অভিযানত সংক্ৰিয়তাৰে অংশীদাৰ হ’বলৈ, পুখুৰী খন্দাৰ অধিক প্ৰস্তাৱ জমা দিবলৈ আৰু জলজীৱন মিছনৰ অধীনত কাৰ্যকৰী হোৱা পানীযোগান আঁচনিবোৰৰ চোৱাচিতা কৰিবলৈ ক’বলৈ বি ডি অ’সকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷
Also Read: Omicron Threat: দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা ৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’না
বৈঠকত উপস্থিত থকা ধুবুৰী জিলাৰ অভিভাৱক সচিব তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰধান সচিব জে বি এক্কাই খণ্ড উন্নয়ণ বিষয়াসকলক বিত্তীয় আয়োগৰ ধনেৰে ৰূপায়িত আঁচনি, এমজিএনৰেগা আদিৰ ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে৷
চলি থকা আঁচনিবোৰ খৰতকীয়কৈ সমাপ্ত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ ধনৰ সকলো কিস্তি আদায় লোৱাৰ পিছতো প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আধৰুৱা হৈ থকা হিতাধিকাৰীসকলক শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে হেঁচা দিবলৈ বি ডি অ’সকলক কয়৷
পৰ্যালোচনা বৈঠকত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে৷
Also Read: খুলশালীক বলাৎকাৰ ভিনিয়েকৰ; মাৰ্ঘেৰিটাৰ নামদাঙত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লম্পট ভিনিয়েকক
পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে কোভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয় ৰমিছা বেগম, সৰস্বতী দাস আৰু য়াছমিন বিবিক মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহাৰ্য্য আঁচনিৰ অধীনত আঢ়ৈ লাখকৈ টকাৰ চেক বিতৰণ কৰে৷
জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা মন্ত্ৰীগৰাকী আশাৰীকান্দিলৈ যায়৷ আশাৰিকান্দিৰ মাদাই খালীত তেওঁ অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত নিৰ্মিত এটা পাৰঘাট উদ্বোধন কৰে৷