• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰী সমষ্টিৰ তিনিটা ভোটকেন্দ্ৰত এশ শতাংশ টিকাকৰণ; ক’ভিডত স্বামীহাৰা মহিলাক চেক প্ৰদান

মুকেশ কুমাৰ সিং, ধুবুৰী by মুকেশ কুমাৰ সিং, ধুবুৰী
December 1, 2021 6:13 pm
WhatsApp Image 2021-12-01 at 5.07.14 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি জিলাখনত কেবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ লয়৷

পুৱা তেওঁ ধুবুৰী পৌৰসভা এলেকাৰ ১৫ নং ৱাৰ্ডত উপস্থিত হৈ অঞ্চলটোৰ ২২৮, ২৩০ আৰু ২৩১ নং ভোটকেন্দ্ৰত এশ শতাংশ ক’ভিড টিকাকৰণ হোৱা বুলি ঘোষণা কৰে৷

তেওঁ এই তিনিটা ভোটকেন্দ্ৰৰ দৰে সমগ্ৰ ধুবুৰী জিলাৰ প্ৰতিটো ভোটকেন্দ্ৰ এলেকাৰ এশ শতাংশ লোকৰ টিকাকৰণ অহা ৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে৷

Apply Now

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷

Also Read: প্ৰাপ্য বিচাৰি বৰপেটা জিলাৰ ক’ভিড কোৱাৰেন্টাইন চাফাইকৰ্মীৰ চাইকেলেৰে দিছপুৰ যাত্ৰা

তেওঁ যোগ্য বিবেচিত প্ৰতিটো অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ লোকৰ পৰিয়াল আৰু প্ৰতিঘৰ চাহ বাগানৰ শ্ৰমিকৰ পৰিয়ালক এমজিএনৰেগাৰ জব কাৰ্ড দিয়াৰ বাবে বিশেষ পদক্ষেপ লবলৈ বৈঠকত উপস্থিত থকা খণ্ড উন্নয়ণ বিষয়াসকলক নিৰ্দেশ দিয়ে৷

তেওঁ বিডিঅ’সকলক শীঘ্ৰে গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়ে৷ গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকলক এশ শতাংশ টিকাকৰণ নিশ্চিত কৰাৰ বাবে চলি থকা ‘হৰ ঘৰ দস্তক’ অভিযানত সংক্ৰিয়তাৰে অংশীদাৰ হ’বলৈ, পুখুৰী খন্দাৰ অধিক প্ৰস্তাৱ জমা দিবলৈ আৰু জলজীৱন মিছনৰ অধীনত কাৰ্যকৰী হোৱা পানীযোগান আঁচনিবোৰৰ চোৱাচিতা কৰিবলৈ ক’বলৈ বি ডি অ’সকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷

Also Read: Omicron Threat: দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা ৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’না

বৈঠকত উপস্থিত থকা ধুবুৰী জিলাৰ অভিভাৱক সচিব তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰধান সচিব জে বি এক্কাই খণ্ড উন্নয়ণ বিষয়াসকলক বিত্তীয় আয়োগৰ ধনেৰে ৰূপায়িত আঁচনি, এমজিএনৰেগা আদিৰ ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে৷

চলি থকা আঁচনিবোৰ খৰতকীয়কৈ সমাপ্ত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ ধনৰ সকলো কিস্তি আদায় লোৱাৰ পিছতো প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আধৰুৱা হৈ থকা হিতাধিকাৰীসকলক শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে হেঁচা দিবলৈ বি ডি অ’সকলক কয়৷

পৰ্যালোচনা বৈঠকত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে৷

Also Read: খুলশালীক বলাৎকাৰ ভিনিয়েকৰ; মাৰ্ঘেৰিটাৰ নামদাঙত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লম্পট ভিনিয়েকক

পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে কোভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয় ৰমিছা বেগম, সৰস্বতী দাস আৰু য়াছমিন বিবিক মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহাৰ্য্য আঁচনিৰ অধীনত আঢ়ৈ লাখকৈ টকাৰ চেক বিতৰণ কৰে৷

জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা মন্ত্ৰীগৰাকী আশাৰীকান্দিলৈ যায়৷ আশাৰিকান্দিৰ মাদাই খালীত তেওঁ অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত নিৰ্মিত এটা পাৰঘাট উদ্বোধন কৰে৷ 

মুকেশ কুমাৰ সিং, ধুবুৰী

মুকেশ কুমাৰ সিং, ধুবুৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd