ল’কডাউনৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণে যাতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিত ভুগিব নালাগে সেয়া নিশ্চিত কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় তেল নিগমৰ শীৰ্ষ বিষয়াসকলক আহ্বান জনায়।
ৰাইজৰ চাহিদা পূৰোৱাৰ স্বাৰ্থত ল’কডাউনৰ সময়ছোৱাত স্বাভাৱিক হাৰতকৈ অধিক পৰিমাণৰ চিলিণ্ডাৰ বটলিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিগমক আহ্বান জনায়।
আজি কামৰূপ জিলাৰ মিৰ্জাৰ সৰপাৰাস্থিত ভাৰতীয় তেল নিগমৰ ইণ্ডেন বটলিং প্লাণ্ট পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিগমৰ বিষয়াসকলক এই আহ্বান জনায়।
মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, সমাজৰ দুখীয়া শ্ৰেণীৰ জনসাধাৰণেও যাতে সহজে চিলিণ্ডাৰ লাভ কৰিব পাৰে তাৰ সুনিশ্চিত ব্যৱস্থা এটি গঢ়ি তুলিব লাগিব।
প্ৰধান মন্ত্ৰী উজ্বলা আঁচনিৰ অধীনত যিসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিছে তেওঁলোকে যাতে কোনো অসুবিধা ভোগ কৰিব নালাগে তাক সুনিশ্চিত কৰিব লাগিব বুলি সোণোৱালে উল্লেখ কৰি ৰন্ধন গেছৰ বিতৰণ প্ৰক্ৰিয়াটো এই লকডাউনৰ সময়ছোৱাত যাতে কোনোধৰণে ব্যাহত নহয় সেই দিশতো বিশেষ দৃষ্টি ৰাখিব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।
আনহাতে, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেশত ৰন্ধন গেছৰ যাতে কোনো নাটনি নহয়, সেই দিশত গ্ৰহণ কৰা শক্তিশালী পদক্ষেপৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি পৰিবহন আৰু বিতৰণৰ দিশত আগবঢ়োৱা সূচল ব্যৱস্থাৰ বাবে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেল আৰু কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰামবিলাস পাছোৱানক ধন্যবাদ জ্ঞাপন কৰে।
আজিৰ এই পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীয়ে বটলিং প্লাণ্টত কৰ্মৰত তৃণামূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি ল’কডাউনৰ সময়ছোৱাত জনসাধাৰণৰ ৰন্ধন গেছৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰাৰ বাবে অতিৰিক্ত সময় নিষ্ঠাৰে কাম কৰা প্লাণ্টৰ কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, ভাৰতীয় তেল নিগমে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা ৬ টা ইণ্ডেন বটলিং প্লাণ্টত স্বাভাৱিক সময়ত দৈনিক ১,৬৩,০০০ টা চিলিণ্ডাৰ বটলিং কৰিছিল যদিও বৰ্তমান এই ক্ষমতা ১,৭০,১১২ টালৈ বৃদ্ধি কৰিছে।
একেদৰে সৰপাৰাস্থিত বটলিং প্লাণ্টতো বটলিং কৰা চিলিণ্ডাৰৰ পৰিমাণ দৈনিক ১৪,০৮৫ ৰ পৰা ১৬,৯১০ টালৈ বৃদ্ধি কৰিছে।
ৰাইজৰ বৰ্দ্ধিত চাহিদা পূৰণৰ বাবে প্লাণ্টৰ কৰ্মচাৰীসকলে তিনিটা ক্ষেপত সেৱা আগবঢ়াই আছে বুলিও নিগমৰ বিষয়ববীয়াসকলে মুখ্য মন্ত্ৰীক অৱগত কৰে।