• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খানাপাৰৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্য মন্ত্ৰী সোণোৱালৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 15, 2018 10:34 am
parade_15_Aug_2

খানাপাৰাৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত ৭২ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজত ৭২ সংখ্যক স্বাধীনতা দিৱসৰ ৰাজ্য চৰকাৰে খানাপাৰাত অনুষ্ঠিত কৰা কেন্দ্ৰীয় কাৰ্য্যসূচীত মু্খ্য মন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে আৰু পেৰেডৰ অভিবাদন গ্ৰহণ কৰে।

বহু সংখ্যক লোকৰ উপস্থিতিত পালিত এই কাৰ্য্যসূচীৰ সময়ত আৰম্ভণিতে হেলিকপ্তাৰৰ সহায়ত পুষ্পবৃষ্টি কৰা হয়।

Apply Now

মঞ্চৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক উদ্দেশ্যি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া, কোশল কোঁৱৰ, কনকলতা বৰুৱা প্ৰমুখ্যে ৰাজ্যখনৰ চহিদসকলক স্মৰণ কৰে।

পতাকা উত্তোলনৰ পাছতেই দিয়া ভাষণত মুখ্য মন্ত্ৰীয়ে উপস্থিতসকলক চৰকাৰৰ কাম-কাজৰ থূলমূল খতিয়ান দিয়াৰ লগতে চৰকাৰে কি কি পৰিকল্পনা কৰিছে তাৰো চমু বিৱৰণ দাঙি ধৰে।

parade_15_Aug
খানাপাৰাৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত ৭২ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ দৃশ্য।

আনহাতে অলপতে চূড়ান্ত খচৰা প্ৰকাশ পোৱা এন আৰ চিৰ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালে কয়, “এন আৰ চি হৈছে ৰক্ষাকৱচ। সকলো বৈধ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ’ব বুলি মই নিশ্চিত।” লগতে তেওঁ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত সহযোগ কৰা বাবে অসমৰ ৰাইজক শলাগে। এন আৰ চিৰ কামত নিয়োজিত ৫৫ হাজাৰ বিষয়া-কৰ্মচাৰীৰ নিষ্ঠা আৰু দায়বদ্ধতাৰো তেওঁ শলাগ লয়।

মুখ্য মন্ত্ৰীজনক ভাষণত কেইবাটাও প্ৰতিশ্ৰুতি দিয়া দেখা গ’ল। চলচ্চিত্ৰ উদ্যোগৰ উন্নয়নৰ বাবে মিনি চিনেমা হল স্থাপন, পুৰণি চিনেমা হলৰ উন্নয়নৰ কথা কয়।

আগৰ দৰেই ভাৰত-বাংলাদেশ সীমান্ত চীল কৰা হ’ব বুলি পুনৰ প্ৰতিশ্ৰুতি দিয়ে।

এইবোৰৰ উপৰি মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী বৰ্ষজোৰা কাৰ্য্যসূচীৰে পালন কৰা, শদিয়াত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে।

ইফালে চৰকাৰৰ সফলতাৰ তালিকাত এম জি এনৰেগা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩২ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিয়া, প্ৰধান মন্ত্ৰীৰ উজলা আঁচনিৰ সফল ৰূপায়ণ, ১৯খন কেন্সাৰ হস্পিটেল স্থাপন, উগ্ৰপন্থীৰ হাতত নিহত সংবাদ মাধ্যমৰ ৩১জন লোকৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান, স্বচ্ছ ভাৰত আঁচনিৰ অধীনত ৰাজ্যত ২৫ লাখ শৌচালয় নিৰ্মাণ আদিৰ উল্লেখ কৰে।

ভাষণত মুখ্য মন্ত্ৰীজনে অচিৰেই ৰাজ্যত নতুন ভূমি নীতি বলৱৎ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd