• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত কেতিয়াকৈ খুলিব চিনেমা হল? কি ক’লে হল মালিক সন্থাই?, জানিবলৈ পঢ়ক

by
October 19, 2020 7:58 pm
2020_9largeimg_956740315
304
VIEWS
Share on FacebookShare on Twitter

অসমত অহা ১৩ নৱেম্বৰলৈকে চিনেমা হল খোলাৰ কোনো সম্ভাৱনা নাই। এক সংবাদমেল যোগে এই কথা স্পষ্ট কৰি দিছে চিনেমা হল মালিক সন্থাই।

সোমবাৰে চিনেমা হল মালিক সন্থাই কয় যে কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা ষ্টেণ্ডাৰ্ড অ’পাৰিটং প্ৰচিডিউৰ(SoPs)ৰ সূচী অসম চৰকাৰে বলৱৎ কৰাৰ পিছতহে ৰাজ্যত চিনেমা হল পুনৰ খোলা হ’ব।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে SoPsৰ নিৰ্দেশনাৱলী মানি ১৫ অক্টোবৰৰ পৰা দেশত চিনেমা হলসমূহ পুনৰ খুলিব পাৰিব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত যোৱা ১৫ অক্টোবৰৰ পৰা SoPsৰ নিৰ্দেশনাৱলী মানি চিনেমা হলসমূহ পুনৰ খোলা হৈছে যদিও অসমত এতিয়াও চৰকাৰে চিনেমা হল পুনৰ খোলাৰ বাবে অনুমতি প্ৰদান কৰা নাই।

আনহাতে আজি সংবাদ মেলত সন্থাই কেন্দ্ৰীয় চৰকাৰে জাৰি গাইডলাইন সমূহ সংবাদ মাধ্যমৰ লোকৰ আগত প্ৰকাশ কৰিছে সংস্থাই। গাইডলাইনসমূহ হৈছে—

আসন ব্যৱ্স্থাপনা আৰু টিকট বুকিং—

  •  থিয়েটাৰত প্ৰৱেশ কৰাৰ সময়ত উষ্ণতা স্ক্ৰীণিং আৰু চেনিটাইজড্ কৰাতো বাধ্যতামূলক কৰিব লাগিব।
  •  শাৰীৰিক দূৰত্ব ৰক্ষা হোৱাকৈ গোলাকাৰ চিহ্ন তৈয়াৰ কৰিব লাগিব।

 

  • ক’ৰ’ণা ভাইৰাছৰ লক্ষণযুক্ত কোনো লোকক থিয়েটাৰত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব।
  •  এখন স্ক্ৰীণ থকা চিনেমা হলত দুটা শ্ব’ৰ মাজত পৰ্যাপ্ত সময় ৰাখিব লাগিব কৰ্তৃপক্ষই।

 

  •  সৰ্বোচ্চ ৫০% শতাংশ দৰ্শকেৰেহে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব।
  •  অনলাইন বা উইণ্ডু বুকিঙৰ সময়ত খালী থাকিব লগীয়া আসনসূমহ চিহ্নিত কৰিব লাগিব কৰ্তৃপক্ষই।

 

  • থিয়েটাৰৰ ভিতৰত এনে আসনসমূহ ৰঙা চিনেৰে চিহ্নিত কৰিব লাগিব।
  • কেৱল আগতীয়া আৰু অনলাইন বুকিঙৰ দ্বাৰাহে টিকট বিক্ৰী কৰিব পাৰিব।

 

  • উইণ্ড’ টিকট কটাৰ সময়ত দৰ্শক আৰু টিকট কাউন্টাৰ কৰ্মচাৰীৰ হাতত স্পৰ্শ ঘটিব নোৱাৰিব।
  • টিকট বুকিঙৰ সময়ত সংশ্লিষ্ট দৰ্শকজনে মোবাইল নম্বৰ দিয়াটো বাধ্যতামূলক হ’ব।

 

সাধাৰণ প্ৰট’কল—

  • থিয়েটাৰৰ বাহিৰত আৰু ৱেটিং ৰুমত দৰ্শকসকলে অন্ততঃ ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব।
  • সকলো সময়তে দৰ্শকে মাস্ক পৰিধান কৰি থাকিব লাগিব। চাবোনেৰে হাত ধোৱা আৰু চেনিটাইজড্ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি গণ্য কৰা হ’ব।

 

  • দৰ্শকে কাঁহোতে টিচু পেপাৰ অথবা ৰুমাল ব্যৱহাৰ কৰাৰ লগতে মুখখন হাতেৰে ঢাকি ধৰিব লাগিব।
  • ৰাজহুৱা স্থানত পিক পেলোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
  • সকলোকে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

স্মৰ্তব্য যো ক’ৰ’ণা প্ৰতিৰোধৰ বাবে দেশত ২২ মাৰ্চৰ পৰা বলৱৎ কৰা লকডাউনৰ  সময়ৰ পৰাই দেশৰ চিনেমা হলসমূহ বন্ধ হৈ আছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd