• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম নাগৰিক সমাজৰ সমষ্টি পুনৰনিৰ্ধাৰণ খচৰাৰ বিৰোধিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2023 10:37 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন আয়োগে সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা  প্ৰকাশ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে।  তেওঁ ২৩ জুনৰ দিনা কৈছিল এই সীমানিৰ্ধাৰণ অসম চুক্তি আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে কৰিব নোৱৰা কাম  সম্ভৱ কৰি তুলিব । ই কাৰ্যকৰী হ’লে ১০২ টা সমষ্টিত অসমৰ জনসাধাৰণ প্ৰভাৱশালী হ’ব আৰু নিৰ্বিঘ্নে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰিব।  অসমৰ মুঠ বিধানসভা সমষ্টিৰ সংখ্যা যিহেতু ১২৬ টা, তাৰে ১০২ টা সমষ্টি ইমানদিনে বাহিৰৰ লোকসকলৰ প্ৰভাৱত আছিল বুলি ইংগিত দিয়া মুখ্যমন্ত্ৰীৰ বক্তব্য অত্যন্ত অপমানজনক  নহয়নে? সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰী  এজনৰ বাবে এনে ধৰ্মান্ধ মন্তব্য শোভা নাপায়। এজন সাংবিধানিক পদাধিকাৰীৰ  এনে মনোভাৱে অসমৰ এটা অংশৰ জনসাধাৰণৰ  প্ৰতি এক বিচ্ছিন্নতা আৰু ঘৃণাৰ অনুভূতি সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

একেটা সম্প্ৰদায়ৰ লোকক একোটাহঁত সমষ্টিত সীমাবদ্ধ কৰিবলৈ যি ধৰণে প্ৰচেষ্টা চলোৱা হৈছে, সি ঔপনিৱেশিক যুগৰ পৃথক মতদাতাৰ ভয়াৱহ স্মৃতি ঘূৰাই আনিছে। এই খচৰাখনৰ উদ্দেশ্য মানুহক ভাগ ভাগ কৰা, সকলোকে সামৰি লোৱা নহয়। প্ৰতিটো সমষ্টিত এটা ধৰ্মক সুকীয়াকৈ ৰখাৰ প্ৰৱণতাই কিছুমান সমষ্টিত সংখ্যাগৰিষ্ঠতাবাদ আৰু আনবোৰত আবদ্ধকৰণ প্ৰক্ৰিয়াক  উদগনি দিব ।অসমৰ ইতিমধ্যে ভঙ্গুৰ হৈ পৰা সামাজিক গাঁথনি  ই বিধ্বস্ত কৰি পেলাব। নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ, ই বৈচিত্ৰ্যৰ মাজত ঐক্য উদযাপনৰ এক উপলক্ষ হ’ব লাগে, ই মানুহক বিভাজিত কৰাৰ উপলক্ষ হ’ব নালাগে।এই  খচৰাখনকে যদি চূড়ান্ত ৰূপ দিয়া হয়, তেন্তে ই বৈচিত্ৰ্যৰ মাজত একতাৰ ধাৰণাটোকে বিলোপ কৰিব।

Apply Now

খচৰাখন সংবিধানৰ মৌলিক বিচাৰধাৰাৰ বিৰোধী। এটা সাংবিধানিক প্ৰক্ৰিয়াৰে সংবিধানৰ মৌলিক প্ৰমূল্যকে ধূলিস্যাৎ কৰিব বিচৰা হৈছে। এই “পৰোক্ষ পৃথক মতদাতা”ই আমাৰ ৰাষ্ট্ৰৰ ভ্ৰাতৃত্ববোধৰ ধাৰণাটোকে আঘাত কৰিব।  অৱশেষত ই ব্যক্তিৰ মৰ্যাদা আৰু  ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতা উলংঘা কৰিব।সমষ্টি পুনৰনিৰ্ধাৰণ যি ধৰণে কৰিব বিচৰা হৈছে তাৰপৰা এইটো স্পষ্ট যে, ই নিৰ্বাচন আয়োগৰ কাম নহয়, ই  বিজেপিৰহে কাম। এই খচৰাখনত বিজেপিৰ হস্তক্ষেপে  নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক সংস্থাৰ স্বাধীনতা খৰ্ব কৰিছে আৰু এতিয়া তেওঁলোকে নিৰপেক্ষভাৱে  নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিবনে নাই তাৰ ওপৰত আমাৰ মনত সন্দেহৰ সৃষ্টি হৈছে। নিৰ্বাচন আয়োগৰ এই আপোচ ভাৰতীয় গণতন্ত্ৰৰ বাবে এক মাৰাত্মক ভাবুকি।

সীমানিৰ্ধাৰণে বহুতো সৰু সম্প্ৰদায়ক ৰাজনৈতিকভাৱে অপ্ৰাসংগিক কৰি তুলিব, আনহাতে আন কেতবোৰক অধিক প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ কৰি তুলিব।আচলতে ই সম্পূৰ্ণৰূপে বিজেপিৰ পৰিকল্পনামতে প্ৰস্তুত কৰা এখন খচৰা।  সমান জনপ্ৰতিনিধিত্বৰ সলনি বিজেপিৰ ভোট বেংকৰ প্ৰতি লক্ষ্য ৰাখিহে ইয়াক প্ৰস্তুত কৰা হৈছে। সেয়ে, ই সমষ্টিসমূহৰ পুনৰনিৰ্ধাৰণ আৰু জনপ্ৰতিনিধিত্ব আইনৰ সাংবিধানিক ৰায়ৰ পৰিপন্থী । এনেদৰে ভাৰতৰ নিৰ্বাচন আয়োগে ইয়াৰ নিজা নিৰ্দেশনা আৰু পদ্ধতি উলংঘা কৰিছে । 

২০ জুনৰ দিনা দিয়া প্ৰেছ বিজ্ঞপ্তিত  আয়োগে উল্লেখ কৰিছিল যে, “সকলোবোৰ সমষ্টিকে যিমানদূৰ সম্ভৱ ভৌগোলিকভাৱে সংহত  অঞ্চলৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰা হৈছে, আৰু সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰত, ভৌতিক বৈশিষ্ট্য, জনসংখ্যাৰ ঘনত্ব, প্ৰশাসনিক গোটৰ বৰ্তমানৰ সীমা, যোগাযোগৰ সুবিধা আৰু ৰাজহুৱা সুবিধাৰ প্ৰতি মনোযোগ দিয়া হৈছে।” কিন্তু, নিৰ্বাচন আয়োগে প্ৰকাশ কৰা  খচৰাটোৰ  বেছিভাগ বিধানসভা আৰু সংসদীয় সমষ্টি ভৌগোলিকভাৱে সংহত নহয়, আৰু জনসংখ্যাৰ আৰ্হিও সমান নহয়। এইটো স্পষ্ট যে নিৰ্বাচন আয়োগে কেৱল বিজেপিক সহায় কৰিবলৈ নিজৰে নীতি-নিৰ্দেশনা আৰু পদ্ধতি উলংঘা কৰি সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে। সেয়ে, সীমানিৰ্ধাৰণৰ এই খচৰা  অসম নাগৰিক সমাজৰ বাবে গ্ৰহণযোগ্য নহয়। আমি এনে ষড়যন্ত্ৰমূলক কামক গৰিহণা দিয়াৰ লগতে নিৰ্বাচনী আয়োগৰ নিৰপেক্ষতা ৰক্ষাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ গণতান্ত্ৰিক দল-সংগঠনক আহ্বান জনাইছোঁ‌।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd