ৰাজ্যত ককৰোচ জনতা পাৰ্টীৰ (চিজেপি) স্বেচ্ছাসেৱক তথা ‘জেন জি’ প্ৰজন্মৰ একাংশ ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি পুৱা এক নিৰ্ধাৰিত বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বেই সংগঠনটোৰ কেন্দ্ৰীয় আহ্বায়ক আশুতোষ ৰাংকাক আৰক্ষীয়ে আটক কৰে। ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক সাংবিধানিক অধিকাৰ খৰ্ব কৰা এক অগণতান্ত্ৰিক কাৰ্য বুলি আখ্যা দি জীপাল কৃষক শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগুৱে তীব্ৰ গৰিহণা দিছে।
এক প্ৰেছ বিবৃতিত কৃষক শ্ৰমিক সংঘৰ নেতাদ্বয়ে অভিযোগ কৰে যে, মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে সমগ্ৰ দেশবাসীৰ আগত অসমক লজ্জানত কৰিছে। পূৰ্বে ‘জেন জি’ক গুৰুত্বহীন বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীক বেৰিকেড লগাই আৱদ্ধ কৰি ৰখাৰ জৰিয়তে নিজৰ ভয়হে প্ৰদৰ্শন কৰিছে বুলি তেওঁলোকে দাবী কৰে। নিৰ্বাচনত ‘ভোট চুৰি’ৰ দৰে ভয়ংকৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত জনসাধাৰণ একত্ৰিত হোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰি নৰহ আৰু পেগুৱে চৰকাৰৰ এনে কাৰ্যৰ বিৰোধিতা কৰে।
লগতে, জাপানলৈ গৈ নিৰ্বাচন নিয়ন্ত্ৰণৰ কৌশল ৰচনা কৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সংগঠনটোৰ নেতাদ্বয়ে কয় যে গণতান্ত্ৰিক প্ৰতিবাদক এনেদৰে দমন কৰিব নোৱাৰি। ‘আচাৰ্যৰ কথা’ শীৰ্ষক বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বেই চিজেপিৰ কেন্দ্ৰীয় আহ্বায়কগৰাকীক আটক কৰা কাৰ্য চৰকাৰৰ এক ভয়াতুৰ পদক্ষেপ বুলি তেওঁলোকে অভিহিত কৰে।
এই সমগ্ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৃষক শ্ৰমিক সংঘই অসমত আটক কৰা চিজেপিৰ কেন্দ্ৰীয় প্ৰতিনিধি আশুতোষ ৰাংকাসহ উত্তৰ-পূবৰ সমূহ স্বেচ্ছাসেৱকক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে। ভৱিষ্যতে এনে অগণতান্ত্ৰিক কাৰ্যৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰি সংগঠনটোৱে কয় যে এনে স্বৈৰাচাৰী পদক্ষেপে চৰকাৰৰ নিজৰেই ৰাজনৈতিক ক্ষতি সাধন কৰিব।





