গুজৰাটৰ শুকুৰবাৰে সাভাৰকাৰ বিতৰ্কত ৰাহুল গান্ধীক সমালোচনাৰ লক্ষ্য কৰি লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীক ‘ৰাষ্ট্ৰ আৰু হিন্দু বিৰোধী’ বুলি অভিহিত কৰে। সেয়াই নহয়, তেওঁ ৰাহুল গান্ধীৰ নেতৃত্ব আৰু ৰাজনৈতিক দূৰদৰ্শিতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।
শেহতীয়াকৈ, ৰাহুলে বিনায়ক দামোদৰ সাভাৰকাৰৰ বিষয়ে এটা বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ দাবী কৰিছিল যে সাভাৰকাৰে ব্ৰিটিছসকলক সহায় কৰিছিল। তেওঁ গান্ধী আৰু নেহৰুক প্ৰতাৰণা কৰিছিল। গুজৰাট নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কৰা মন্তব্যই এক বিতৰ্কৰ সৃষ্টি কৰিছে।
সাভাৰকাৰৰ নাতি ৰঞ্জিত সাভাৰকাৰ আৰু শিৱসেনাৰ সাংসদ ৰাহুল সেওৱালে ইতিমধ্যে মুম্বাইৰ শিৱাজী পাৰ্ক আৰক্ষী থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইয়াৰ বিপৰীতে, কংগ্ৰেছ নেতাজনে দাবী কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে পাৰে যদি তেওঁৰ ‘ভাৰত জোড়ো যাত্ৰা’ বন্ধ কৰি দেখাওক।
গুজৰাট বিধানসভা নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে কংগ্ৰেছ আৰু বিজেপি বাকযুদ্ধত লিপ্ত হৈছে।
শুকুৰবাৰে গুজৰাটৰ কচ্ছত এক সমদলত ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাহুল গান্ধীয়ে ভাৰতৰ ইতিহাসৰ বিষয়ে একো নাজানে। তেওঁ এজন ৰাষ্ট্ৰ আৰু হিন্দু বিৰোধী। মানুহে ইয়াৰ যোগ্য প্ৰতিশোধ ল’ব।‘’
কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ ৰাজনৈতিক দূৰদৰ্শিতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি হিমন্তই কয়, “গুজৰাটত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে আৰু ৰাহুলে দাক্ষিণাত্যত ঘূৰি ফুৰিছে। হিমাচল প্ৰদেশত যেতিয়া ভোট হয় তেওঁ কেৰালালৈ যায়।‘’
উল্লেখ্য যে ইয়াৰ পূৰ্বেও হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক আক্ৰমণ কৰিছিল। যোৱা বছৰ ছেপ্তেম্বৰত হিমন্তই ৰাহুলক তীব্ৰ সমালোচনা কৰি কৈছিল যে তেওঁ “ৰাজনৈতিক ক্ষেত্ৰত সম্পূৰ্ণ অপ্ৰাসংগিক”। গুজৰাট নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আকৌ এবাৰ আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পাইছে! আকৌ এবাৰ ৰাহুল গান্ধী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য হৈ পৰিছে।