DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচন সমাগত : হাতত একাধিক আঁচনি লৈ ৬ মাৰ্চত মাজুলীলৈ আহিব মুখ্য মন্ত্ৰী

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 4, 2019 6:25 pm
sarbananda-sonowal

সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো, উৎস ইণ্টাৰনেট

371
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত নিত্য নতুন আঁচনিৰ আধাৰশিলা স্থাপনৰ জৰিয়তে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ তৎপৰ হৈ পৰিছে শাষনাধিষ্ঠ বিজেপি চৰকাৰ। ইয়াৰ মাজতে মাজুলীত একাধিক আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে ভূমিহীন পৰিয়ালক ভূমি আৱণ্টন পত্ৰ বিতৰণৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা ৬ মাৰ্চত মাজুলীলৈ আহিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

বুধবাৰে পুৱাৰ ভাগত গড়মূৰত উপস্থিত হোৱাৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে ডৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

এই অনুষ্ঠানতে সোণোৱালে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে প্ৰায় ৪.৯৮ কোটি টকা ব্যয়েৰে গড়মূৰৰ সমীপৱৰ্তী বৰুণ-চিতাদাৰচুক গাঁৱক হস্ততাঁত আৰু বয়নশিল্পৰ এখন ‘আদৰ্শ গাঁও’ হিচাপে গঢ়ি তুলিবলৈ লোৱা আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

তদুপৰি, বিভাগটোৰ অধীনত কমলাবাৰীত ২০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা এটা ‘সূতা বেংক’ (য়াৰ্ণ বেংক)ৰ আধাৰশিলাৰ লগতে ৰাজ্যৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ পুঁজিৰে গড়মূৰ, আউনিআটী, দক্ষিণপাট আৰু উত্তৰ কমলাবাৰী সত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা ৪টা ছাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন কৰা হ’ব। সত্ৰ চাৰিখনত নিৰ্মাণ কৰিবলৈ লোৱা উক্ত ছাত্ৰী নিবাসৰ প্ৰতিটোৰ বাবে ৫০ লাখ টকাকৈ পুঁজি ধাৰ্য কৰা হৈছে।

সেইদিনাৰ অনুষ্ঠানতে তেওঁ জিলাখনৰ পহুমাৰাত ৰাজ্যৰ কাৰিকৰী শিক্ষা বিভাগে ৫০ কোটি টকা ব্যয়েৰে স্থাপন কৰিবলৈ লোৱা এখন প’লিটেকনিক প্ৰতিষ্ঠান আৰু উজনি মাজুলীৰ কাৰ্কিচুকত ৰাজ্যিক পণ্যাগাৰ নিগমে প্ৰায় ৩ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা এটা পণ্যাগাৰৰো আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ লগতে ১,৪৫০টা ভূমিহীন পৰিয়ালক মাটিৰ আৱণ্টন পত্ৰ বিতৰণ প্ৰক্ৰিয়াও মুখ্য মন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰাৰ লগতে ৰাজ্যৰ চৰ উন্নয়ন বিভাগৰ অধীনত মাজুলী জিলাৰ দুখীয়া পৰিয়ালৰ ছাত্ৰীক বিনামূলীয়া চাইকেল-ছাতিৰ লগতে এনে দৰিদ্ৰ পৰিয়ালৰ মহিলাক চিলাই মেচিন, সৌৰশক্তি চালিত গৃহচাকি আৰু কৃষকক তাৰা হেণ্ডপাম্প বিতৰণ প্ৰক্ৰিয়াও উদ্বোধন কৰিব।

আনহাতে ৭ মাৰ্চৰ দিনা তেওঁ আনন্দৰাম বৰুৱা বঁটা বিতৰণী অনুষ্ঠানত ভাগ ল’ব।

Recent News

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd